চুকুৰমণি
ড°প্ৰাঞ্জল বুঢ়াগোহাঁই ৰচিত পৰিচালিত নাটক চুকুৰমণি। পটভূমি চাহ বাগিচা । চাহ বাগিচাত নতুনকৈ নিযুক্তি লাভ কৰিছে নতুন চাহাব। ইংৰাজ চাহাব এসময়ত বাগিচাৰ ছোৱালী ৰ প্ৰেমত পৰে। আটাইতকৈ ধুনীয়া চুকুৰমণিৰ প্ৰেমত মচগুল। চুকৰমণিৰ প্ৰথম প্ৰেম ব্যৰ্থ। মাদল বাজে। ঝুমুৰ নৃত্য হয়। এসময়ত চুকুৰমণিক একপ্ৰকাৰে জোৰজবৰদস্তী চাহাবে নিজৰ কৰে। এইখিনি কথাৰ বাদেও চুকুৰমণিক আনিছিল বাগানৰে চৰ্দাৰে। অমান্তি পিছতো দহৰ কথাও চাহাবক চুকুৰমণিৰ সৈতে জোৰজবৰদস্তী ৰ পৰা ৰখাব নোৱাৰিলে। ধনীক শ্ৰেণীয়ে নিম্ন শ্ৰেণীক একপ্ৰকাৰ শোষণ কৰিছে। নাটকৰ চৰিত্ৰ,দৃশ্যসজ্জা,চৰাই চিৰিকটি,মেঘৰ গাজনি,চাহাবাগানৰ গান, অভিনয়,কলা নিৰ্দেশনা খুব ভাল। শেষত ধনীক শ্ৰেণীক প্ৰতিবাদ কৰিবলৈ বহু চুকুৰমণি জন্ম হৈছে। দৃঢ় প্ৰতিবাদ কৰিছে। এক শ্ৰেণীৰ হৈ আন এটি শ্ৰেণীৰ অধিকাৰ,প্ৰাপ্যৰ বাবে হোৱা বলিষ্ঠ প্ৰতিবাদ সাব্যস্ত সুন্দৰকৈ কৰিছে।
ধন্যবাদ জনাইছোঁ ছাৰ এনে সুন্দৰ নাটক উপহাৰৰ বাবে, এইখন নাটকে বহুত পুৰস্কাৰ আনিছে লাহেকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মঞ্চস্থ হ'বলৈ গৈ আছে,ই সুখৰ খবৰ।

Comments
Post a Comment