কাৰা-কথাৰ বাতৰি,৩০-১১-২০২৪

 আজি ইংৰাজী ৩০-১১-২০২৪ তাৰিখে অসমৰ স্বনামধন্য সাহিত্যিক ড° নগেন শইকীয়াদেৱে তেওঁৰ বাসগৃহৰ 'বৰ্ণমালা'ত উন্মোচন কৰিলে "কাৰা-কথা "শীৰ্ষক উপন্যাস গ্ৰন্থখন। দেৰগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী পাৰ্থ ইম্প্ৰিণ্ট । উপন্যাসখন কয়দীসকলৰ জীৱন গাঁথাক লৈ ৰচিত। গ্ৰন্থখনৰ প্ৰকাশনে সুন্দৰকৈ ছপা কৰি উলিওৱাৰ লগতে মনজিৎ ৰাজখোৱাৰ বেটুপাত সন্নিৱিষ্ট। ঔপন্যাসিকে কাৰাগাৰলৈ গৈ নিজে কয়দীসকলক সাক্ষৎ কৰি তেওঁবিলাকৰ জীৱনবীক্ষা কাহিনী ৰূপে সমাজলৈ আগবঢ়াই দিয়া বাবে স্বনামধন্য সাহিত্যিক ড° নগেন শইকীয়াদেৱে উন্মোচন কৰি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। সুলেখিকা পাৰিজাত বৰুৱাৰ ৰচিত উপন্যাসখন পাঠকে আদৰি ল'ব বুলি উন্মোচকগৰাকীয়ে আশা প্ৰকাশ কৰিছে। গ্ৰন্থখনৰ অনুষ্টুপীয়া উন্মোচনৰ অনুষ্ঠানত লেখিকাৰ পৰিয়াল আৰু শুভাকাংক্ষী বাসন্তী ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক তথা যুৱলেখক ৰাজেন দাস আৰু নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ সহায়িকা চুমী সোণোৱালো উপস্থিত থাকে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা