ড° হীৰেন গোহাঁই কোন গ্ৰন্থখনৰ পাঠক
বাইদেউ,টেলিফোন কৰি মোৰ লেখাটোৰ হৈ এষাৰ কৈ উৎসাহ যোগোৱা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
(১৯-১২-২০২৪)
অসমৰ এখন অতি গুৰুত্বপূৰ্ণ পষেকীয়া আলোচনী প্ৰান্তিক। ডিচেম্বৰ মাহৰ সংখ্যাত(১৬-৩০ ডিচেম্বৰ)" ড° হীৰেন গোহাঁই কোন " গ্ৰন্থখনৰ পৰ্যালোচনা প্ৰকাশিত হৈছে। গুৱাহাটীৰ আব্দুল নামৰ ছাৰ এজনে ফোন যোগে প্ৰকাশ পোৱা লেখাটোৰ কথা জনোৱাৰ লগতে লিখি থাকিবলৈ উৎসাহিত কৰিলে। দ্বিতীয়বাৰৰ বাবে ফোন আহিল মৰাণৰ শ্ৰদ্ধাৰ ৰেখা শইকীয়া বাইদেউৰ। তেখেতেও লেখা লিখি থাকিবলৈ উৎসাহিত কৰাৰ লগতে প্ৰকাশিত লেখাটো ভালপোৱা বুলি জনোৱাৰ লগতে মোৰ সৈতে কথা পাতিলে আৰু লেখাটো ফটো তুলি দি সহায় কৰিলে। দুয়োলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সন্মানীয় প্ৰান্তিকৰ পৰিয়াল আৰু "ড° হীৰেন গোহাঁই কোন?" গ্ৰন্থখনৰ সম্পাদক ধ্ৰুৱজ্যোতি দাস ছাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া এই আলোচনীখনত প্ৰথম যাত্ৰা। সকলোৱে ভুলবোৰ দেখুৱাই আগবঢ়াই নিব বুলি আন্তৰিকতাৰে আশা কৰিলোঁ।
Comments
Post a Comment