অগ্নি

 অগ্নি


মোৰ অগনি নুবুজ যা

তয়ো এঘৰী যুঁজি চা


তোৰ বকবকনি কোনে শুনে ক

ওঁহো

বাটকুৰী বাই আহে নে নাহে নকৱ কিয় ক

অহ



আমাৰ অগনি বানপানী বন্ধা দি বান্ধি-কুন্ধি দে

মানে? 

নহ'লে সৌ বাহনিসোঁতে লৈ যোৱা কালি লগা কাঢ়লী গাইৰ পোৱালিটো আনি দে

 কিন্তু


বলে বতাহ ৰাখ যদি ৰাখ

ৰ'দে তাপে দহেপুৰে ভেটা দি পাৰিছ

তেন্তে 



তোৰো গতি যি 

মোৰো গতি সি

মোৰ পানী বাম একাঠু

তোৰ পানী এককাঁল আঠাৱনি 



তথাপি

তয়ো থাকক স্মৃতিত 

আমিও গৈ আছোঁ একেই গতিত 

গতিৰ বাহিৰে যে গতিয়েই নাই






ৰাজেন দাস

ফোন-৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা