বন্ধু

 বন্ধু 


                    (১)

বৰ কষ্ট হয় কবিতাৰ জন্ম (নিৰ্মাণ)দিবলৈ 

বহুত ভাবি ভাবি বহি থাকোঁ এঙাৰবৰণীয়া আকাশৰ তলত

আকাশখন গোমা যেন লগা যদিও নীলাচলীয়া চাদৰ

মই উভতিছোঁ ৰাস্তাৰ নিৰ্দিষ্ট নিয়মৰ গতি-বিধিৰে বিমূৰ্ত আকাশখন লগে লগে আহি আছে


                    (২)

হঠাৎ ক'লা ৰঙৰ কুকুৰ এটাক বিপৰীত দিশৰ গাড়ীখনে আঘাত দি গুচি গৈছে 

চকু চাট মৰা মোৰ হৃদয় ক্ৰন্দসী জাগ্ৰত হৈ পৰিল 

যেন ক্ৰৌঞ্চপখীক ব্যাধে কৰা আঘাতৰ পিছত বাল্মিকীৰ অৱস্থা


                    (৩)

চকুৰে সৰিয়হ ফুল দেখা কুকুৰটোক বাৰে বাৰে  বচোৱাৰ আপ্ৰাণ চেষ্টা কৰিছোঁ 

উপায় পোৱা নাই

চকুৰ আগতে থাকিও একোকে কৰিব পৰা নাই 

নাই যে নাই ফুটাকড়িও নাই 

এতিয়া কি কৰা যায় 


                   (৪)

ৰাতিটো  শুব পাৰিছোঁনে

 খাব পাৰিছোঁনে আকাশখন নিচূপ হৈ আছিল,চিকমিকাই আছিল তৰাবোৰ

কুকুৰটোৱে কান্দিয়েই আছে 

মই শুবলৈ দিয়া মৰাপাটৰ থৈলাত পৰি বাগৰো দিয়া নাই

হিয়া ঢালি ফেকুৰি আছে

পৰিয়ালৰ সকলোলৈকে মনত পৰিছিল নেকি?


                  (৫)

মোৰ আৰু সহ্য হোৱা নাই 

তাৰ গাত হাত ফুৰাই

আশ্বাস দিছোঁ 

'মোৰ প্ৰাৰ্থনাৰ বাহিৰে একো নাই, নেদেখা জনলৈ হাত যোৰ কৰি ভিক্ষা মাগি কাতৰ কৰিছোঁ ঘূৰাই দিয়া জীৱন'


                     (৬)

হৃদয়তন্ত্ৰীত আঘাত দিব পৰা ট্ৰেজেডিৰ উপশম ঘটোৱাৰ আশা পুহিলোঁ

আৰু এদিন সমাধানৰ উপায় বিচাৰি বিচাৰি মহানআত্মালৈ শান্তনুৱে এসময়ত চিঠি এখনকে লিখিবলৈ ধৰিলে

প্ৰতি...

মোক আচৰিত কৰি তেওঁ তাঁৰবাৰ্তা দিয়াই নহয়

ব্যক্তিগতভাৱে লগ কৰিব মন মেলিলে

(সপোন সপোন যেন লগা কাহিনী)

মাটিৰ মানুহজনে কুৰুকি কুৰুকি সমাধানৰ পথটো মসৃণ কৰিলে

এয়া মোৰ সূৰ্যমুখী যাত্ৰা 


                    (৭)

এদিন দুদিনকৈ আমাৰ বন্ধুত্ব আৰম্ভ হৈ গাঢ় হৈছিল 

ন-পুৰণিৰ সন্মিলিত বিনিময় অধ্যায়ৰ অগা-ডেৱা কৰিবলৈ ধৰিলোঁ 

জীৱনৰ অতি উত্তম বাটটো দেখুৱাই 

আজি তেওঁ আকাশৰ আকাশীতৰা হৈ  মোলৈ 

চাই আছে 

চাই আছে 

চায়েই আছে



শূণ্য বুকুত হূলে বিন্ধিলে কেনেকুৱা লাগে 

হূলেও জানো অনুধাৱন কৰে?


(ঁ ৰতন দাদাদেৱলৈ শ্ৰদ্ধাৰে আগবঢ়ালোঁ)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা