Workshop

 Workshop on 

Reading Medieval Assamese Manuscripts

'মধ্যযুগৰ অসমীয়া পাণ্ডুলিপি (সাঁচিপাত) পঠন' শীৰ্ষক তিনিদিনীয়াকৈ কৰ্মশালা ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগত ২৮-১০-২০২৪-৩০-১০-২০২৪ তাৰিখলৈ অনুষ্ঠিত হৈ যায়। সমল ব্যক্তি হিচাবে উপস্থিত আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্ৰদ্ধাৰ ড° সঞ্জীৱ পল ডেকা আৰু তেওঁৰ সহধৰ্মিণী শ্ৰদ্ধাৰ ৰাজতৰংগিনী বাইদেউ।

অলেখ কষ্ট স্বীকাৰ কৰি অসমৰ বিভিন্ন সত্ৰলৈ নিজে গৈ চাই কৰি তাৰ পৰা সমল আহৰণ কৰি অধ্যয়ন গৱেষণাৰ ন ন তথ্য গভীৰ দৃষ্টিভংগীৰে কৰ্মশালাখনিত তথ্যখিনি দাঙি ধৰিছিল। বুৰঞ্জী বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী, অসমৰ পুৰাতত্ব বিভাগৰ উচ্চপদস্থ বিষয়া, গৱেষক, প্ৰকল্প বিষয়ক গৱেষণাৰ সৈতে জড়িত ব্যক্তি, ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু অসমীয়া বিভাগৰ চাৰিজন গৱেষকেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰাচীন আৰু আধুনিক অসমীয়া লিপিৰ আখৰৰ সৈতে তুলনামূলকভাৱে জড়িত দিশখিনি স্পষ্ট কৰিছিল। সাঁচিপাত, বুৰঞ্জীৰ পাণ্ডুলিপি, অসমীয়া ভাষাৰ আইডেনটিটি, বাংলা ভাষাৰ প্ৰসংগ, ধ্ৰুপদী প্ৰসংগ সেই সময়ৰ ৰজা-মহাৰাজা, তেওঁলোকৰ ৰাজত্বকালৰ সময়-চন,পুথি,বছৰ,মাহ, তাৰিখ, শকাব্দ আদি দিশে হাতে কামে কৰি দেখুওৱা দিশসমূহ পাৱাৰ পইন্টত দেখুৱাই আলোচনা আৰু কৰ্মশালাখনি অতি সূক্ষ্ম আৰু সুন্দৰভাৱে আগবঢ়ায় নি অসমৰ পঢ়া অন্ততঃ সাঁচিপাতৰ পুথি পঢ়া লোক ওলাব লাগিব, তেতিয়া তাৰ পাঠ(Text) উদ্ধাৰ কৰিব পাৰিব আৰু পঢ়ুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে।

সাঁচিপাতৰ লেখন, সম্পূৰ্ণ প্ৰাকৃতিক সমলেৰে মহীপ্ৰস্তুত প্ৰণালী কলা-কৌশল, সামগ্ৰী , পুৰণি পুথি, লিপি, (ব্ৰাহ্মী, দেৱনাগৰী,বামুনীয়া)গীত সমূহে এঠাইৰ পৰা আন ঠাইলৈ প্ৰবজন কৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱ, ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ, লক্ষ্মীনাথ, ৰমাকান্ত,ৰতিকান্ত, পুৰুষোত্তম ঠাকুৰ আদিৰ প্ৰসংগ, বৰদোৱা, আউনীআটী, কমলাবাৰী সত্ৰ,নিকা, পুৰুষ সংহতি আদিৰ প্ৰসংগ, পুৰণি পুথিথ সৈতে জড়িত লোকবিশ্বাস, পৰম্পৰাগত ধ্যান-ধাৰণা,মিছনেৰীসকল ছপা যন্ত্ৰ আনি কাকত প্ৰকাশ কৰা, অসমৰ হৰিনাৰায়ণ দত্ত বৰুৱা,চিদানন্দ প্ৰেছকে আদি কৰি এতিয়াৰ প্ৰকাশনলৈকে এক ঐতিহাসিক পৰিক্ৰমা সামৰি লৈছিল। সাঁচিপতীয়া পুথিৰ অধ্যয়ন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আদি দিশো উনুকিয়াইছিল।

সমল ব্যক্তিয়ে সমাজ বিজ্ঞানৰ অন্তৰ্গত হিচাপে অধ্যয়নৰ ক্ষেত্ৰ বা বিদ্যায়তনিক আন আন দিশতো অধ্যয়ন কৰি বহু ঐতিহাসিক সমল পোৱা যাব,তাৰ বাবে নিৰবিচ্ছিন্ন প্ৰচেষ্টা আৰু সদিচ্ছা লাগিব বুলিও আমাক অৱগত কৰে। আৰু ন ন দিশৰ সন্ধান দিব বুলি আশা‌ প্ৰকাশ কৰে। সাঁচিপাত পুথিৰ পাণ্ডুলিপি চৰকাৰীভাৱে আৰ্কাইভ কৰি ৰাখিছে যদিও সেয়া পদ্ধতিগতভাৱে কৰিবলৈ ৰৈ গৈছে এনে দিশো ঠাই আৰ হাজাৰ হাজাৰ সাঁচিপতীয়া  পুথিৰ পৰা দলীয় কৰ্ম(Team work) হিচাপে লৈ আগবাঢ়িলে বহু সমল স্পষ্ট হৈ পৰিব আদি দিশে ঠাই পাইছিল।

গৱেষণা পত্ৰ, নতুন তথ্য প্ৰযুক্তি, ইউনিক'ড উল্লিখিত বিষয়ৰ তথ্য সংপৃক্ত গ্ৰন্থ, গৱেষণা গ্ৰন্থ ইত্যাদি দিশ পাৱাৰ পইন্টৰ যোগেদি অতি সুন্দৰভাৱে উপস্থাপন কৰিছিল। সকলোকে উপকৃত কৰা কৰ্মশালাখনিৰ আমি পোৱা এনে সুবিধাৰ বাবে নিশ্চিত ৰূপত বুৰঞ্জী বিভাগৰ ওচৰত আমি কৃতজ্ঞ। (কৰ্মশালাৰ অংশবিশেষ আলোকচিত্ৰ সংলগ্ন কৰা হৈছে)



৩০-১০-২৪ তাৰিখে আবেলি ৩-৩০ বজাত আমাৰ সমল ব্যক্তি সঞ্জীৱ পল ডেকা ছাৰে অসমীয়া বিভাগত "বৰগীতৰ সাঁচিপতীয়া পুথিৰ পাঠ-পৰম্পৰা" বিষয়ক এটি প্ৰদৰ্শনমূলক বক্তৃতা প্ৰদান কৰিলে । বৰগীতৰ সংখ্যা,ৰচক(‍ Authorship) ,ইয়াৰ ইতিহাস, ঐতিহ্য আৰু চৰকাৰীভাৱে পাণ্ডুলিপি(Manuscript), সমাজ বিজ্ঞানৰ অন্তৰ্গত কৰি বিদ্যায়তনিক অধ্যয়ন, বৃত্তিগত(Professional) আদি দিশসমূহ সামৰি তত্ত্বগধূৰ বক্তৃতাৰে সকলো গৱেষকক উপকৃত কৰিলে। শ্ৰদ্ধাৰ ছাৰ-বাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি শিকিবলৈ সদা আগ্ৰহী হৈ থাকিম।

(বক্তৃতাৰ আলোকচিত্ৰ সংলগ্ন কৰা হৈছে)

https://www.facebook.com/100039475718404/posts/pfbid0JxSeo8M4JD1iWxpSzLVZJNv6JCh9UmaMfrwcJE5eGzzNjLQ4jhXghXvb2gs5VGSdl/?app=fbl




Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা