বাট

 সকলোৱে এটা বাটকে বিচাৰি থাকে 

ময়ো কোনো নতুন বাট বিচৰা নাই 

সেই বাটকে বিচাৰি থাকোঁ 

মাত্ৰ বিচাৰি থাকোঁ

যি বাটত এক দেৱ এক সেৱা এক বিনে নাহি কেৱ' বিশেষ কোনো নাই

জাতিৰ কথা নাই

ধৰ্মৰ কথা নাই

বৰ্ণ ৰ কথা নাই

মাথোঁ একতা

সম্প্ৰীতি 

আৰু সংহতি

এই বাট উজু নহয়

মই জানো 

তথাপি মোক সেই বাটহে লাগে 

য'ত মই তেজ-মঙহৰ মানুহক লগ পাম 

য'ত মই 'শংকৰে সিচে নামৰ কঠিয়া... সুৰৰে চৌপাশ মুখৰিত হোৱা দেখা পাম 

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা