পিক
পিক
গৈ থাকক আপুনি আপোনাৰ বাটে
ময়ো মোৰ বাটে
বাটৰ চৌদিশে মনোমোহা সেউজীয়া
সেউজীয়াই কিবা আহুকাল কৰিছে
কৰা নাই
তেনে তোমাৰ বাহনৰ ঠিক কাষৰৰ পৰা বায়ুত কি পেলালা
মানে
মুখৰ লেলাউটিৰ সৈতে ক'ত বীজাণু গৈ পৰিৱেশত পৰিছেনে
পৰিছে
ডাষ্টবীণটো সৌটো দেখিছা
দেখিছোঁ
পলিথিন বেগ
জাহি-জাবৰ
গেলা-পচাবোৰ সেই শকত ক'লা হিন্দীৱালা দাদাই চাফ কৰি আছে দেখিছা
অ' কি
ৰহ
পকী দলংখন চা
কি বিতোপন
তাতে কি হ'ল
ৰ'দ বতাহ বৰষুণ সহ্য কৰি
গঢ়িছে পিটি সাজিছে
পইচা পাইছে
ঠিকাদাৰ, ইঞ্জিনিয়াৰো আছে
আছে
গাড়ীখনৰ গতি মন্থৰ হ'বলৈ ধৰে
গৈ থাকা
পদযাত্ৰা কৰা,চাইকেল কৰি অহা
ঠেলা, ৰিক্সা চলাই অহা মানুহবোৰ চা
ৰাস্তাৰ দাঁতি-কাষৰীয়ালৈ চা
বানত কোব খাই জুপুৰীত বাস কৰিছে চা
তোৰ বাপেৰৰ ধনে গাড়ী চলাইছ
মোৰ কি আহে যায়
কিন্তু
মানুহবোৰ মৰিলে ঘূৰাই দি চা
নে বুদ্ধদেৱৰ কাহিনী পঢ়ি চা
পৰিৱেশ ধ্বংস কৰি ঘূৰাই আনি চা
এবাৰোটো ভাবি চা
কি
খালো-বালো খোলা কাটি তাল
জয় হৰি বোল
জয় ৰাম বোল
ৰাতি বোলে সাতহাল
দিনত হ'লে এহালো নাই
Comments
Post a Comment