বাহঁৰ পাতে কাটেনে গা
বহি লৈছোঁ দুডাল বাঁহৰ চাৰিডলীয়া খুঁটাৰ ছাংখনত
শুকান বাহঁৰ পাত পৰি পানীখিনিত সৌন্দৰ্যময় হোৱা দেখিলোঁ
ভাবিলোঁ ভিতৰলৈ জুমি চাওঁ চেলাপতি জোকহৈ
চাই দেখিলোঁ কি মসৃণ এখন পৃথিৱী
সকলো স্বাধীন
সকলো কাৰোৰে অধীন নহয়
পোক-পতঙ্গ,মাছ-কাছ, পুনি-মেটেকা সকলোকে
লগ পাইছোঁ
সকলোকে মন কৰিছোঁ
সকলোৰে এখন বিচিত্ৰ পৃথিৱী
কোনো যান্ত্ৰিকতা নাই
কোনো যান্ত্ৰিকতাৰ বিজুতি নাই
বিজুতি হ'বলৈ দুৰ্যোগো নাই
হিংসা-দ্বেষৰ প্ৰশ্ন নাই
চিঞৰ নাই ভাত লাগে বুলি ক'বলৈ
হাঁহি দিয়া নাই ভেঙুচালি কৰিবলৈ
মাটি বিচৰা নাই দখলীস্বত্ব ল'বলৈ
মাথোঁ জীৱন জীয়াইছে...
লালুকীৰ পৰা ভেকুলীলৈ, ভেকুলীৰ পৰা মাজলৈ,মাছৰ পৰা সৰীসৃপলৈ সকলোৱে
পাতল তৰপ এটা পিন্ধি লৈছে
ইকোণৰ পৰা সিকোণলৈ ঘূৰিছে পকিছে
প্ৰয়োজনত ঘাঁহ বন আজুৰিছে
কেতিয়াও ক'ব লগা হোৱা নাই
মই ওখ তুমি চাপৰ
মই চাপৰ তুমি ওখ
মই ধনী তুমি দুখীয়া
মই বগা
তুমি ক'লা
মই লেখক তুমি ঘোষক
মই নৰখাদক
তুমি সৰ্ব নাশক
এদিন এনেকুৱা জীৱন এটা বিচাৰি
ময়ো নিজক ছাঁইৰ সৈতে মিলাই ল'লো
আৰু এতিয়া মোৰ অস্তিত্ব কেৱল
পানী আৰু
পানী...
ৰাজেন দাস
ডিব্ৰুগড়
ফোন নং -৯১০১২২১৪৩৬
Comments
Post a Comment