আইতালৈ

 অলপ প্ৰেম বিষয়ক 



ব'লা ঘড়ীৰ কাটা গৈ আছে 

আমিও গৈ থাকোঁ 

কিন্তু মোকটো শিকলি লগাই থোৱা আছে 

ক'ত শিকলি লগাই থৈছে 

জোঙা শিলৰ শেলুৱৈত ভৰি থৈ চোৱাচোন 

বেলি লহিয়াওঁতে 

জাক পাতি পাতি গৰু বাটৰ ৰাঙলী কাজলী ৰঙা মুগাক মন কৰিছা

ৰ'বা আতচী কাছখন মোহাৰি দিওঁ 

নহ'লে ধানৰ পাতে কটা চকঙহাল পানী এজোলোকা খুৱাই দিওঁ 


বাৰু শেঁতাপৰা ওঁঠৰ বিপৰীতে কি ৰঙৰ তিল আছিল নো 

কাৰ

তোমাৰ আইতাৰাৰ 

ক'লা ৰঙৰ 

তোমাৰ হাতত তুলসী পাতটো মোহাৰ খালে নেকি 

কি কথা কোৱা 

পৰম শক্তিৰ সেইটো 

কেনেকৈ নোহোৱা হৈ যাব পাৰে 

নোৱাৰে 

নহ'ব 

নাই 

হ'ব নোৱাৰে

(পপন আইতালৈ আগবঢ়ালোঁ)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা