জুখি থকা কথা

 জুখি থকা কথা


তুলাচনীৰে সুখ জোখাত মই পাকৈত নহয় 

কথা জোখাতহে পাকৈত বুলি কোৱাকুই কৰে

সেয়ে মই লেবাকথা চুবাই গিলি লওঁ সেকাখিনি

 

ৰেপি ৰেপি চেপি চেপি বিচাৰি থাকোঁ

মোৰ অৰ্দ্ধাকাশৰ নভোমণ্ডল 


পপীয়াতৰা খহি পৰে বুলি বৰ বিশেষ আশা নাই বাবে 

 ধঁপাত-চাধা লগাই থুৰিয়াই লওঁ দুখনমান খনীয়া তামোল


মূৰত পাগুৰিয়াই ৰখাব বিচাৰোঁ ৰান্ধনীবেলিৰ এবেগেতীয়া উশাহটো...


ৰাজেন দাস 

১৫-১০-২০২৪



Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা