ড° ভূপেন হাজৰিকা

 ১৩-১১-২০২৫

ড° পৰমানন্দ মজুমদাৰ ছাৰৰ সান্নিধ্য:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অংশ হিচাপে আয়োজিত কাৰ্যসূচীত ড° পৰমানন্দ মজুমদাৰ ছাৰে বক্তৃতা প্ৰদান কৰিলে। বিষয়-

ভূপেন হাজৰিকাৰ চিন্তা-প্ৰবাহ: পটভূমি আৰু বিস্তাৰ 

বিশিষ্ট লেখক,গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা যশস্বী সম্পাদক ড° মজুমদাৰ ছাৰৰৰ বক্তৃতাই উপকৃত কৰিলে। বক্তৃতাত ড° ভূপেন হাজৰিকাক অসমৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী বুলি ঘোষণা কৰে। সুধাকণ্ঠ গৰাকীৰ সৃষ্টিৰ গীত-মাতৰ চৰ্চা সৰ্বতে হৈ আছে। যদিও হাজৰিকাৰ গীতৰ বৈজ্ঞানিক আৰু উচ্চস্তৰীয় গৱেষণা বাকী আছে বুলিও মত প্ৰকাশ কৰে। গীতে তেওঁ সমন্বয়ৰ বাৰ্তা,মহামিলনৰ এনাজৰী,জাতি জনজাতি আৰু জনগোষ্ঠীক সমান গুৰুত্ব প্ৰদান কৰা প্ৰসংগ বিশেষকৈ বক্তৃতাত আগস্থান প্ৰদান কৰে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা,পল ৰবচন আদিৰ দৰে প্ৰখ্যাত শিল্পীৰ সান্নিধ্যলৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ হাজৰিকাৰ দৃষ্টিভংগী প্ৰসাৰিত কৰাত বিশেষ সহায়ক হৈছিল। অকল গীতে-মাতেই নহয় আলোচনী সম্পাদনা, গৱেষণাধৰ্মী কৰ্ম, ৰাজনৈতিক জীৱন, বৌদ্ধিক আড্ডা,যাযাবৰ জীৱন প্ৰসংগ,গীত পৰিৱেশন পৰিস্থিতিৰো বক্তৃতাত সুন্দৰকৈ অৱলোকন কৰে।

স্বাধীনতা আন্দোলন প্ৰসংগ,সেই সময়ত হাজৰিকাৰ অমৰ সৃষ্টিয়ে থমকি ৰৈ যোৱা নাছিল, হাজৰিকাৰ বিশালতা, বিস্তৃতিৰ লেখ নাই বুলি উল্লেখ কৰে। প্ৰথম ৰেকৰ্ডিং প্ৰসংগ, সাতদিন কয়দী থকা স্থানত হাজৰিকাদেৱক বন্দী প্ৰসংগ(ৰাভাদেৱৰ সৈতে মুক্তিৰ দেউল গ্ৰন্থৰ বাবে)

ভিন্ন ভাষা(ইংৰাজী, হিন্দী...)ৰ সাক্ষাৎকাৰ,হাজৰিকাৰ গানৰ প্ৰতি কলিয়েই অসমৰ জনতাৰ তেজত প্ৰবাহিত হৈ আছে।গানত সুৰ প্ৰক্ষেপ, মানুহক স্পৰ্শ কৰা দিশ হাজৰিকাই সাংবাদিকতা পঢ়ি অভিজ্ঞ হৈ উঠিছিল। উচ্চস্তৰীয় চিন্তাবিদ কাৰণ তেওঁ সকলো ক্ষেত্ৰত মতামত দিছিল, সাহসেৰে মত দিছিল,কুৰি শতিকাৰ লেখত ল'বলগীয়া বুদ্ধিজীৱী বুলিও মত প্ৰকাশ কৰে। মতামতখিনি দেশীয়, প্ৰাদেশিক আৰু আন্তজাৰ্তিক পৰ্যায়ৰ আছিল বুলিও সামৰি লৈছিল। কুৰি বছৰৰ সাংবাদিকতাৰ দিশ আজিও আলোচনালৈ অহা নাই। শিল্পীৰ পৃথিৱী উদাহৰণ দিয়ে। বিভিন্ন শিল্পীৰ মতামত গ্ৰহণ কৰি হাজৰিকাই শিল্পীৰ পৃথিৱীত সামৰি লৈছিল। হাজৰিকাৰ সাংস্কৃতিক পৰিৱেশৰ আইনাম, বিয়ানাম, প্ৰাৰ্থনা গীতৰ পৰিৱেশৰ প্ৰসংগও সন্নিৱিষ্ট কৰে। হাজৰিকাই দেউতাকৰ গীত অ মইনা কেতিয়া আহিলি যি,১৯৪২ সুৰ দিছিল। হাজৰিকাই জ্যোতিপ্ৰসাদৰ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৃথিৱীৰ য'তেই গৈছে তেওঁলোকৰ প্ৰসংগ উনুকিয়াইছিল। এটি গুৰুত্বপূৰ্ণ দিশ এই যে পল ৰবচনে গীত পৰিৱেশন কৰিবলৈ স্টেজলৈ আহি বক্সটো (চৰকাৰ বিৰোধী মন্তব্য থকা) ঘুচিয়াই মাটিত বগৰাই গীত পৰিৱেশন কৰা মুহূৰ্ত্তৰ পৰিৱেশৰ ব্যাখ্যা ছাৰে দিওঁতে এখন চিত্ৰৰ দৰে মানসপটত ভাঁহি আছিল ৰবচনৰ কি সাহস,কি স্পষ্ট উচ্চাৰণ,কি স্পষ্ট যুগজয়ী স্থিতি,জনতাক চুই যোৱা কণ্ঠ। আমাৰ ভূপেন হাজৰিকাৰ বিষ্ণু প্ৰসাদ ৰাভালৈ স্মৰণ হৈছিল। 

জ্যোতিপ্ৰসাদে শিকালে-আকাশখন চাবলৈ শিকালে

বিষ্ণু প্ৰসাদ ৰাভাই শিকালে-মাটিত স্পৰ্শ...শিকালে...

(বহু কথা বাদ পৰি ৰৈছে)

অনুষ্ঠানটিৰ প্ৰশ্নোত্তৰ শিতানত মোৰ প্ৰশ্ন আছিল- ড°ভূপেন হাজৰিকাদেৱ বা জুবিন গাৰ্গ দাদাৰ অমৰ সৃষ্টিৰাজিক প্ৰিজাৰ্ভ কৰাৰ ক্ষেত্ৰত ৰজাঘৰীয়া নাইবা সচেতন মহলে কি ভূমিকা পালন কৰিছে?

ছাৰে অতি গুৰুত্বপূৰ্ণকৈ কৈছিল। বহুখিনি কাৰ্যসূচী সমাপন হৈছে 

যদিও আৰু বহুদূৰলৈ যাবলৈ বাকী আছে বুলিও মন্তব্য প্ৰদান কৰে।

১৪-১১-২০২৫

যশস্বী সম্পাদকৰ সৈতে পুৱাৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰিলোঁ।

এটি চমু সাক্ষাৎকাৰো গ্ৰহণ কৰিলোঁ।

জীৱনৰ এক ডাঙৰ সময়।

সাক্ষাৎকাৰৰ বিষয়-ঔপনিৱেশিক কালত অসমৰ আলোচনীসমূহে কৃষক বিদ্ৰোহৰ ঘটনাক কিয় গুৰুত্ব প্ৰদান নকৰিলে?

এই সম্পৰ্কে ছাৰে সুন্দৰকৈ বিশ্লেষণ কৰিলে । মোৰ দৰে অকণমান মানুহক গৱেষণা কৰ্মৰ সহায়ক হোৱাকৈ সহায় কৰে আৰু পৰৱৰ্তী সময়ত সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে।

তেওঁ আৱাহন আলোচনী কৰ্ম ৰ অভিজ্ঞতা আৰু অসমৰ স্বনামধন্য সাহিত্যিক ড° নগেন শইকীয়া ছাৰৰ সান্নিধ্য আৰু ৰামধেনুৰ সৈতে জড়িত দিশখিনি ব্যক্ত কৰে। এনে এজন কষ্টসহিষ্ণু আৰু যশস্বী সম্পাদকৰ সৈতে সময় অতিবাহিত কৰিবলৈ পাই নিজকে ধন্যবাদ মানিছোঁ। কাৰণ মই শিকিবলৈ বিচাৰি থকা মানুহ...

ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সু-স্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

১৪-১১-২০২৫

১৩-১১-২০২৫

ড° পৰমানন্দ মজুমদাৰ ছাৰৰ সান্নিধ্য:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত ভাৰত ৰত্ন 

ড° ভূপেন হাজৰিকাৰ জন্ম- শতবাৰ্ষিকী উপলক্ষে বৰ্ষজোৰা আয়োজনৰ তৃতীয় কাৰ্যক্ৰম বক্তৃতা অনুষ্ঠানত

ড° পৰমানন্দ মজুমদাৰ ছাৰে বক্তৃতা প্ৰদান কৰিলে। স্থান&নাৰী অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

 বিষয়-

ভূপেন হাজৰিকাৰ চিন্তা-প্ৰবাহ: পটভূমি আৰু বিস্তাৰ 

বিশিষ্ট লেখক,গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা যশস্বী সম্পাদক ড° মজুমদাৰ ছাৰৰৰ বক্তৃতাই উপকৃত কৰিলে। বক্তৃতাত ড° ভূপেন হাজৰিকাক অসম জ্যেষ্ঠ বুদ্ধিজীৱী বুলি ঘোষণা কৰে। সুধাকণ্ঠ গৰাকীৰ সৃষ্টিৰ গীত-মাতৰ চৰ্চা সৰ্বতে হৈ আছে। যদিও হাজৰিকাৰ গীতৰ বৈজ্ঞানিক আৰু উচ্চস্তৰীয় গৱেষণা বাকী আছে বুলিও মত প্ৰকাশ কৰে। গীতে তেওঁ সমন্বয়ৰ বাৰ্তা,মহামিলনৰ এনাজৰী,জাতি জনজাতি আৰু জনগোষ্ঠীক সমান গুৰুত্ব প্ৰদান কৰা প্ৰসংগ বিশেষকৈ বক্তৃতাত আগস্থান প্ৰদান কৰে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা,পল ৰবচন আদিৰ দৰে প্ৰখ্যাত শিল্পীৰ সান্নিধ্যলৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ হাজৰিকাৰ দৃষ্টিভংগী প্ৰসাৰিত কৰাত বিশেষ সহায়ক হৈছিল। অকল গীতে-মাতেই নহয় আলোচনী সম্পাদনা, গৱেষণাধৰ্মী কৰ্ম, ৰাজনৈতিক জীৱন, বৌদ্ধিক আড্ডা,যাযাবৰ জীৱন প্ৰসংগ,গীত পৰিৱেশন পৰিস্থিতিৰো বক্তৃতাত সুন্দৰকৈ অৱলোকন কৰে।

স্বাধীনতা আন্দোলন প্ৰসংগ,সেই সময়ত হাজৰিকাৰ অমৰ সৃষ্টিয়ে থমকি ৰৈ যোৱা নাছিল, হাজৰিকাৰ বিশালতা, বিস্তৃতিৰ লেখ নাই বুলি উল্লেখ কৰে। প্ৰথম ৰেকৰ্ডিং প্ৰসংগ, সাতদিন কয়দী থকা স্থানত হাজৰিকাদেৱক বন্দী প্ৰসংগ(ৰাভাদেৱৰ সৈতে মুক্তিৰ দেউল গ্ৰন্থৰ বাবে)

ভিন্ন ভাষা(ইংৰাজী, হিন্দী...)ৰ সাক্ষাৎকাৰ,হাজৰিকাৰ গানৰ প্ৰতি কলিয়েই অসমৰ জনতাৰ তেজত প্ৰবাহিত হৈ আছে।গানত সুৰ প্ৰক্ষেপ, মানুহক স্পৰ্শ কৰা দিশ হাজৰিকাই সাংবাদিকতা পঢ়ি অভিজ্ঞ হৈ উঠিছিল। উচ্চস্তৰীয় চিন্তাবিদ কাৰণ তেওঁ সকলো ক্ষেত্ৰত মতামত দিছিল, সাহসেৰে মত দিছিল,কুৰি শতিকাৰ লেখত ল'বলগীয়া বুদ্ধিজীৱী বুলিও মত প্ৰকাশ কৰে। মতামতখিনি দেশীয়, প্ৰাদেশিক আৰু আন্তজাৰ্তিক পৰ্যায়ৰ আছিল বুলিও সামৰি লৈছিল। কুৰি বছৰৰ সাংবাদিকতাৰ দিশ আজিও আলোচনালৈ অহা নাই। শিল্পীৰ পৃথিৱী উদাহৰণ দিয়ে। বিভিন্ন শিল্পীৰ মতামত গ্ৰহণ কৰি হাজৰিকাই শিল্পীৰ পৃথিৱীত সামৰি লৈছিল। হাজৰিকাৰ সাংস্কৃতিক পৰিৱেশৰ আইনাম, বিয়ানাম, প্ৰাৰ্থনা গীতৰ পৰিৱেশৰ প্ৰসংগও সন্নিৱিষ্ট কৰে। হাজৰিকাই দেউতাকৰ গীত অ মইনা কেতিয়া আহিলি যি,১৯৪২ সুৰ দিছিল। হাজৰিকাই জ্যোতিপ্ৰসাদৰ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৃথিৱীৰ য'তেই গৈছে তেওঁলোকৰ প্ৰসংগ উনুকিয়াইছিল। এটি গুৰুত্বপূৰ্ণ দিশ এই যে পল ৰবচনে গীত পৰিৱেশন কৰিবলৈ স্টেজলৈ আহি বক্সটো (চৰকাৰ বিৰোধী মন্তব্য থকা) ঘুচিয়াই মাটিত বগৰাই গীত পৰিৱেশন কৰা মুহূৰ্ত্তৰ পৰিৱেশৰ ব্যাখ্যা ছাৰে দিওঁতে এখন চিত্ৰৰ দৰে মানসপটত ভাঁহি আছিল ৰবচনৰ কি সাহস,কি স্পষ্ট উচ্চাৰণ,কি স্পষ্ট যুগজয়ী স্থিতি,জনতাক চুই যোৱা কণ্ঠ। আমাৰ ভূপেন হাজৰিকাৰ বিষ্ণু প্ৰসাদ ৰাভালৈ স্মৰণ হৈছিল। 

জ্যোতিপ্ৰসাদে শিকালে-আকাশখন চাবলৈ শিকালে

বিষ্ণু প্ৰসাদ ৰাভাই শিকালে-মাটিত স্পৰ্শ...শিকালে...

(উক্ত আলোচনাত বক্তৃতাৰ বহু কথা বাদ পৰি ৰৈছে)

অনুষ্ঠানটিৰ প্ৰশ্নোত্তৰ শিতানত মোৰ প্ৰশ্ন আছিল- ড°ভূপেন হাজৰিকাদেৱ বা জুবিন গাৰ্গ দাদাৰ অমৰ সৃষ্টিৰাজিক (Preserve) প্ৰিজাৰ্ভ কৰাৰ ক্ষেত্ৰত ৰজাঘৰীয়া নাইবা সচেতন মহলে কি ভূমিকা পালন কৰিছে?

ছাৰে অতি গুৰুত্বপূৰ্ণকৈ কৈছিল। বহুখিনি কাৰ্যসূচী সমাপন হৈছে বুলি মত প্ৰকাশ কৰে।

যদিও আৰু বহুদূৰলৈ যাবলৈ বাকী আছে বুলিও মন্তব্য প্ৰদান কৰে।

১৪-১১-২০২৫

যশস্বী সম্পাদকৰ সৈতে পুৱাৰ ব্ৰেকফাষ্ট গ্ৰহণ কৰিলোঁ।

এটি চমু সাক্ষাৎকাৰো গ্ৰহণ কৰিলোঁ।

জীৱনৰ এক ডাঙৰ সময়।

সাক্ষাৎকাৰৰ বিষয়-ঔপনিৱেশিক কালত অসমৰ আলোচনীসমূহে কৃষক বিদ্ৰোহৰ ঘটনাক কিয় গুৰুত্ব প্ৰদান নকৰিলে?

এই সম্পৰ্কে ছাৰে সুন্দৰকৈ বিশ্লেষণ কৰিলে । মোৰ দৰে অকণমান মানুহক গৱেষণা কৰ্মৰ সহায়ক হোৱাকৈ সহায় কৰে আৰু পৰৱৰ্তী সময়ত সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিলে।

তেওঁ আৱাহন আলোচনী কৰ্ম ৰ অভিজ্ঞতা আৰু অসমৰ স্বনামধন্য সাহিত্যিক ড° নগেন শইকীয়া ছাৰৰ সান্নিধ্য আৰু ৰামধেনুৰ সৈতে জড়িত দিশখিনি ব্যক্ত কৰে। মই ড° ভূপেন হাজৰিকাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব পাৰে নেকি বুলিও ছাৰলৈ প্ৰশ্ন কৰিছিলোঁ,ছাৰে নিশ্চয় পাৰে বুলিও স্পষ্টকৈ উল্লেখ কৰে। আমিও আশাবাদী ড° ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয় এখন হ'লে হাজৰিকাদেৱৰ সৃষ্টিয়ে উচ্চস্তৰীয় গৱেষণা,চিন্তা আৰু সংৰক্ষণ কৰিবলৈ ৰৈ গৈছে আৰু নতুন প্ৰজন্ম আৰু বিদেশী পৰ্যটকৰ বাবেও সুবিধা হ'ব বুলি মই ভাবোঁ।

এনে এজন কষ্টসহিষ্ণু আৰু যশস্বী সম্পাদকৰ সৈতে সময় অতিবাহিত কৰিবলৈ পাই নিজকে ধন্যবাদ মানিছোঁ। ছাৰে ইতিমধ্যে আৱাহন কেইবাটাও খণ্ড সম্পাদনা কৰিছে আৰু এই সংখ্যা বৃদ্ধি হ'ব বুলিও উল্লেখ কৰে। তেওঁৰ কৰ্ম অসংখ্য। তেওঁ হেমাঙ্গ বিশ্বাস ৰচনাৱলী (২০০৮), অসম প্ৰকাশন পৰিষদ

তীৰ্থনাথ শৰ্মা ৰচনাৱলী (২০১০) প্ৰথম খণ্ড (মালিনী গোস্বামীৰ সৈতে)

তীৰ্থনাথ শৰ্মা ৰচনাৱলী (২০১০) দ্বিতীয় খণ্ড (মালিনী গোস্বামীৰ সৈতে)

লক্ষ্মীধৰ শৰ্মা ৰচনা সমগ্ৰ (২০১৩) 

হৰেন্দ্ৰনাথ শৰ্মা ৰচনা সমগ্ৰ(২০১৭)প্ৰথম খণ্ড,(ৰমা বৰাৰ সৈতে) 

ভবানন্দ দত্ত ৰচনা সমগ্ৰ(২০২০)

সাম্প্ৰতিক সাময়িকী,প্ৰথম খণ্ড( নিত্য বৰাৰ সৈতে)

সাম্প্ৰতিক সাময়িকী, দ্বিতীয় খণ্ড (নিত্য বৰাৰ সৈতে)

সাম্প্ৰতিক সাময়িকী, তৃতীয় খণ্ডত(নিত্য বৰাৰ সৈতে)

ডেকা-অসম ইত্যাদি...

ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সু-স্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

১৪-১১-২০২৫

https://www.facebook.com/100039475718404/posts/pfbid02JZPkujbfUBdwHDzSa69YnUJ5g7a7R9smvZuNyCKCkYMpWos4FUPweVYcGCLAWXgil/?app=fbl

https://www.facebook.com/100039475718404/posts/pfbid0uUFxxd3BoVvfZvgMaBEa5vpCva5arfC7HQmBMi6s3C6uYrKdgCFW52CSMTMFcSMRl/?app=fbl

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা