জোনকাচি

 জোনকাচি



আঘোণৰ পৰা ধানে কঁকালত ধৰে

মাইজনী হাউলী হাউলি জোনকাচি মাৰে 

মোক খা মোক চা কৰে সোণগুটিয়ে 

লখিমীও এইবাৰৰ ভালেকিমোন হ'ব 

 

ককাকে ভঁৰালত ভৰাই ৰাখিছিল লখিমী 

আইতাই পাক উঠাই ওৰণি টানি টানি আনি থৈছিল কিজানি


কুৰুকি কুৰুকি নিয়ৰকণাই তলুৱালৈ বগাই আহে 

ওৰণিজোনৰ ঋতুৱে 

আজিকালি লাজ পাবও নাজানো 

যাহওক গ'ল কথা গ'ল 

দাৱনীৰ কাচিটো সোণাপুৰৰ কাহিনী ওলাই গ'ল...

(মোৰ মা লৈ এটি কবিতা)



ৰাজেন দাস 

বেলগুৰি

চলভাষ-৯১০১২২৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা