জেৰেঙাৰ উচুপনি
কেশৱ চন্দ্ৰ ডাকুৱাৰ জেৰেঙাৰ উচুপনি উপন্যাসখন পঢ়ি আছোঁ। জয়মতী কুঁৱৰী আৰু আহোম সাম্ৰাজ্যৰ ঘটনাবিলাক সঁচাই ভবাই তুলিছে। উপন্যাসখনত জয়মতীক সাহসী আৰু প্ৰতিবাদী কণ্ঠ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। মাজে মাজে আপোনাৰ বৰ দুখ লাগিব। বৰ খং উঠিব।
অসমৰ বুৰঞ্জীত জয়মতীৰ ইতিহাস যদিও অলপমানহে পালমৰাকৈ লিখা হ'ল কিন্তু জয়মতীৰ ত্যাগে কাললৈ খ্যাতি ৰাখি গ'ল। এনে এগৰাকী নাৰী যিয়ে নিজৰ প্ৰাণলৈ কেৰেপ নকৰি নিজৰ ৰাজ্য আৰু মানুহজনক বচাবলৈ ভীষ্ম প্ৰতিজ্ঞা কৰিছিল। যি প্ৰতিজ্ঞাৰ আগত আহোমৰ কু-অভিসন্ধিৰ ৰাজশাসনো হাৰি গৈছিল। এইগৰাকী নাৰীলৈ শতকোটি চেল্যুট।
Comments
Post a Comment