থাইলেণ্ডৰ গাভৰু
অসমৰ বিহুৱে বলিয়া কৰে থাইলেণ্ডৰ গাভৰু
ৰংচঙীয়া মনবোৰৰ এটা দীঘল বাট আছে
নদীপৰ্যটৰ বিজ্ঞানৰ বাবে আহিছিল গাভৰুজনী
ৰূপে ৰঙে মন প্ৰাণে মাজুলীৰ প্ৰেমত পৰি এতিয়া বিচাৰি আছে অতীত
এদিন মাজুলীৰ অলিয়ে গলিয়ে ঢপলিয়াই
নদীৰ সোঁত দেখি ভয়াৰ্ত হৈছিল কেঁচাকলিজা
তথাপিও জিজ্ঞাসা এৰি দিয়া নাছিল
সত্ৰৰ নাম প্ৰসংগ,ডবাকোব
ৰাসোৎসৱে কানাইৰ বাঁহীয়ে,ৰাধাৰ লয়লাসে বলিয়া কৰিছিল তাইক
তাইহে জানে এভঁৰাল মানুহৰ ইমান মৰম ইমান শুশ্ৰূষাত তবধ মানিছিল
কিয় এনে হৈছিল তাইৰ
তায়ো এদিন বিলীন হৈছিল
কাৰণ পৃথিৱীৰ সকলো মানুহ একে
ভাষাহে সুকীয়া
অনুভূতি একেই....
২-৩-২০২৫
Comments
Post a Comment