৮-৩-২০২৫

 নৰ নাৰায়ণ 

নাৰী নাৰায়ণী 

মুক্তিৰ আজি শত বাট 

হৃদয়ত বোজা ল'ব সোপান 

চাই থাকিম আইলৈ 

ৰৈ থাকিম বাইলৈ 

গৈ থাকিম আইৰ চাদৰ আঁচলত ধৰি ধৰি 

কতদূৰ হ'লেও মোৰ কিয় এনে লাগে 

পৃথিৱীৰ শ্ৰেষ্ঠতম সময় যেন এয়া 

ৰূধিব পৰা নাযায় 

মচিব পৰা নাযায় 

কাটিব পৰা নাযায় 

মাথোঁ হৃদয়ত বিগলিত পৌনপুনিকতাৰ আসন পাতিব পাৰি

সত্যশিৱসুন্দৰ হৈ....

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা