সংহিতালৈ
জোনাকৰ বাটেৰে বান্ধৱীৰ খোজ
বিপ্লৱী ফাগুণে জঁট লগাই ভৰিৰ খোজ সেমেকাই থাকে
গাৰ গৰজ পৰেনো ভৰিৰ গোৰোহা চাই অভিমান জুখিব
জোনাকৰ বাটটো ইমান মসৃণ নহয়
এইবুলি ময়ো ফাগুনৰ নীলাচলীয়া টিনপাতত পৰি থকা চপচপীয়া বৰষুণকো কৈ আহিলোঁ
তেতিয়ালৈ লেকেচিতকৈ ডাঙৰ পাবৰ মোকাল বাঁহেৰে দিয়া জপনাখন বন্ধ থাকিব পাৰে
তথাপি জোনাকৰ বাটেৰে সেউজীয়া গছৰ পৰা পৰি ৰোৱা টোপালবোৰ ভৰিৰ আঙুলিত ভিৰ কৰিবলৈ দিবও নোৱাৰি
এতিয়া আকৌ বিপ্লৱী ফাগুণৰ পৰা এচুলিমান নিয়ৰ ধাৰে লৈ ৰিবৰিবক আবোৰ দিব লাগিব....
সম্পাদনা অংশ
জোনাকৰ বাটেৰে খোজ
বিপ্লৱী ফাগুণে জঁট লগাই ভৰিৰ খোজ সেমেকাই থাকে
কাৰ গৰজ পৰেনো
ভৰিৰ গোৰোহা চাই অভিমান জুখিব
জোনাকৰ বাটটো ইমান মসৃণ নহয়
আভুৱা ভাৰি থাকিবলৈ
এইবুলি ময়ো ফাগুনৰ নীলাচলীয়া টিনপাতত পৰি থকা চপচপীয়া বৰষুণকো কৈ আহিলোঁ
ডাৱৰৰ প্ৰত্যাহ্বান সীমিত সংখ্যক আছিল
তেতিয়ালৈ লেকেচিতকৈ ডাঙৰ পাবৰ মোকাল বাঁহেৰে দিয়া জপনাখন বন্ধ আছিল
কলপাতত বৰষুণৰ মেল বহি আছিল
তথাপি জোনাকৰ বাটেৰে সেউজীয়া গছৰ পৰা পৰি ৰোৱা টোপালবোৰ ভৰিৰ আঙুলিত ভিৰ কৰিবলৈ দিবও নোৱাৰি
মাণিক বুলি ভুল বাৰে বাৰে প্ৰত্যাখ্যান জানো কৰিব পাৰি
এতিয়া আকৌ বিপ্লৱী ফাগুণৰ পৰা এচুলিমান নিয়ৰ ধাৰে লৈ ৰিবৰিবক আবোৰ দিব লাগিব
জগতক মোৰ আইৰ মাত শুনাব লাগিব...
(বান্ধৱী সংহিতাৰ হাতত)
Comments
Post a Comment