উপন্যাসখনৰ চৰিত্ৰ,নিতিশ

 নিতিশ দাদা জেৰস্ক কৰি ৰাখিব। বৌঠ চাইজ। তিনিটাকে কপি। স্টেপলাৰ মাৰি চেলুটেপ দি দিব। হৈ যাব। খাটাত লিখি যাব। মই আকৌ পাহৰি থাকোঁ।‌ চিন্তা নকৰিবা। মই লিখিম। আগেয়ে কামখিনি কৰি লোৱা। তাৰপিছত দেখা যাব। আন্তৰিক ধন্যবাদ দাদা। হ'ব। যোৱা। ঠিক আছে দাদা। বৰ কোমলকৈ কয়। পইচাৰ বাবে চিন্তা কৰিবলৈ মনা কৰে।

পকেটত লালনিয়া নাথাকিলেও সমস্যা নাই। এনেদৰে দাদাই আমাক বছৰ বছৰ ধৰি সহায় কৰি আহিছোঁ। আমি একেবাৰে মুঠ কৰি দি দিওঁ। অ'। ব্যৱসায় কেনেকৈ চলিব। চলিব। মই আৰু দুজনমানে এনে কৰোঁ। প্ৰায়খিনিৰ নগদ ন অনা বাকীত বাৰঅনা চলি থাকে। দাদাই বুলিহে সেইটো সুবিধা দিয়ে। আনেও দিব। খুব কমেইহে ওলাব। ঘৰৰ পৰা দূৰৈত থাকোঁ। বিশ্বাসৰ হৃদয় এখন লাগে। সেইখন হৃদয়ক বিশ্বাসত ল'ব পৰা মানুহো লাগিব। বিশ্বাসেই আদিমূল। বিশ্বাসে মিলয় হৰি।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা