বিমূৰ্ত পৃথিৱীত নীলকণ্ঠ ...
আজি ইংৰাজী ১৪-৬-২০২৪ তাৰিখে অসমৰ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ নগেন শইকীয়া ছাৰে তেওঁৰ পুথিভঁৰাল ডিব্ৰুগড় মিলন নগৰস্থিত "বৰ্ণমালা "ত উন্মোচন কৰিলে প্ৰতিষ্ঠিত লেখিকা মিতালী ফুকনৰ গল্প সংকলন "বিমূৰ্ত পৃথিৱীত নীলকণ্ঠ ..." নামৰ গল্প সংকলন খনি। গ্ৰন্থ খনি উন্মোচন কৰি শইকীয়া ছাৰে কয় -মিতালী ফুকনৰ এই গল্প সংকলনখনিৰ নামটো
এক কাব্যিক শিৰোনাম। তেওঁ আৰু কয়-প্ৰকৃতিৰ মাজেদিয়েই সৃষ্টিশীল লেখকসকলে তেওঁ বিলাকৰ অধ্যয়নৰ বিষয়বস্তু বাচি লয়। একপ্ৰকাৰে কবলৈ গ'লে মানুহেই এক মধ্যমণিৰ দৰে। মানৱীয় ভাৱ, অনুভূতি আৰু সংগতি ৰাখিয়েই গ্ৰন্থ লিখি অহা মিতালী ফুকন এগৰাকী অসমীয়া ভাষাৰ ঔপন্যাসিক আৰু গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। এইখিনিতে মন কৰিবলগীয়া কথা যে মহিলা লেখক সকলেই চাৰিওফালে ৰজনজনাই থকা অৱস্থা। পুৰুষ লেখকসকলক হেয় প্ৰতিপন্ন কৰা নাই বুলি উল্লেখ কৰে। লেখিকাৰ কলমৰ কাপ যাতে সুদৃঢ়ৰ পৰা সুদৃঢ়তৰ হয় তাৰ বাবে তেওঁ আন্তৰিক শুভকামনা জনাই।
সাম্প্ৰতিক কালৰ শক্তিশালী লেখিকা জুৰি বৰা বৰগোহাঞি উপস্থিত আছিল । তেওঁ মিতালী ফুকনৰ বুৰঞ্জীমূলক উপন্যাস " লাইপম " প্ৰসংগৰ অধ্যয়ন আৰু গল্প পঢ়িবলৈ আগ্ৰহী হৈ থকা দিশসমূহ স্পষ্ট কৰে। বৰগোহাঞি ডাঙৰীয়ানীয়ে
লেখিকাৰ কলম যাতে থমকি নৰয় তাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰে। তদুপৰি তেওঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত পিএইচডি গবেষণাৰ বাবে অন্যান্য উপন্যাসৰ লগতে মিতালী ফুকনৰ লাইপম উপন্যাসো নিৰ্বাচিত কৰাটো লেখিকাৰ বাবে নিশ্চয় গুৰুত্বপূৰ্ণ দিশ অৰ্থাৎ মাইলষ্টন বুলি উল্লেখ কৰে।
কৌস্তুভ প্ৰকাশনৰ প্ৰকাশক বীৰেন বৰুৱাই মিতালী ফুকনৰ গ্ৰন্থই পাঠকৰ মাজলৈ গৈ থাকক, পাঠকে আদৰি লওক আৰু তেওঁ এতিয়ালৈকে চৈধ্যখন গ্ৰন্থ (ইয়াৰ ভিতৰত বিমূৰ্ত পৃথিৱীত নীলকণ্ঠ খন তৃতীয় গল্প সংকলন) লিখি উলিয়ায়। এয়া নিশ্চিত ৰূপত আনন্দৰ বতৰা বুলি উল্লেখ কৰি সভাত উপস্থিত থকা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে। লাইপম উপন্যাসো এই বৰ্ণমালাতে শ্ৰদ্ধাৰ নগেন শইকীয়া ছাৰে উন্মোচনৰ সময়খিনি স্মৃতিপটত ভাঁহি অহা বুলি উল্লেখ কৰা লেখিকা মিতালী ফুকনৰ লগতে সভাখনত সাহিত্যানুৰাগী ব্যক্তিসকলে চমুকৈ বক্তৃব্য ৰাখে। আমাৰ অসম কাকতৰ ৰতন হাজৰিকা আৰু অসম আদিত্য কাকতৰ সাংবাদিক মনজিৎ বৰা উপস্থিতিয়ে অনুষ্ঠানটোক এক মাত্ৰা প্ৰদান কৰিলে।
লেখিকা(দিল্লীৰ বাসিন্দা)ৰ পৰিয়ালৰ লগতে সন্মানীয় ব্যক্তি অচ্যুত দত্ত কৌস্তুভ প্ৰকাশনৰ প্ৰকাশক বীৰেন বৰুৱা, বৰ্ণমালাৰ সহায়িকা চুমি সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ ৰাজেন দাস আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
মই লিখা বাতৰি
Comments
Post a Comment