ফেন,লাইট, কবিতা ইত্যাদি
আজি আপুনি অত্যাধিক ব্যস্ত
কিহৰ বাবে ইমান দৌৰাদৌৰি
দৌৰি থাকিবলৈ জানো আপুনি দৌৰাদৌৰি কৰি থকা নাই
কথাখিনি ভাবি আছোঁ
লাইটো নুমাই গৈছে
ফেনৰ বতাহ কোবোৱা গতিটো ক্ৰমান্বয়ে স্তিমিত হৈছে
বৈশাখ মাসে দাৰুণ গৰমড শুনিবলৈ লৈছোঁ
এয়া কলিকতাৰ সোণাজৰি হাট
এফালে বজাৰ মেলা
আনফালে গান,বাজানা, নৃত্য
আৰু জীয়া কবিতা
ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানৰ ৰঙামাটি যেন আমি বিচাৰি পাম মাটিপৃথিৱীৰ গীতাঞ্জলিৰ মানুহজন
Comments
Post a Comment