ভালপোৱাৰ আদিপাঠ
ভালপাই পেলাইছিলোঁ
তুমি মোক হৃদয়খনৰ উত্তাপ বুজিবা
বুকুত হাত দিয়াচোন
কি পালা
জ্বালা নে শুষ্ক মৰুভূমি
এতিয়া আকৌ
চাৰিবেগেতীয়া কপালত হাত ৰাখিলা
ৰাখিফল মতে কি পাইছা
তুলা নে মেঘ
না
হাজাৰযুঁজন মাইলৰ স্পন্দন
মাথোঁ এতিয়া আৰু বুকুলৈ হাত আনিলোঁ
কি পালা
কেৱল ঢপঢপনি
আৰু ঢপঢপনি
ভালপোৱাৰ ভয়ানক ঢপঢপনি
ৰাজেন
Comments
Post a Comment