জুনুকাপাহি

জুনুকাপাহি 

(১)
বৰদৈচিলাই ঘূৰ্ণিবায়ুৰ লগত চুলি তাৰি মেলি ওলাইছে
ওহালি জালত চুলিৰ জঁট 
ঘূৰিব ধৰিছে পদপথৰ টোলগেট
পিন্ধি লৈ জোনাক ৰাতি
ৰুণুক ঝুনুক জুনুকাপাহি

   ২.

মৰলী-পাক জপনাত পৰিছে
পাতল আন্ধাৰে পোহৰে মেৰাই মেৰাই আবুৰ দিছে জপনাৰ ইকান-সিকান

 চিলচিলীয়া বৰষুণে জপনাৰ গাঁঠি জিলিকাই তুলিছে

বতাহ তিতিছে বৰষুণত
মেঘ খহিছে বুকুৰ উখহা একোণত

মন কৰ নে নাই 

   ৩.
সাহ আছে যদি দেখ 
নহ'লে ভেবা লাগি লাগি লেখ
যাৰে তাৰে ভৰি চেলেকি
নিলি  ফুল চন্দন তুলসী
 

        ৪.
তেজী ফুলে ফুলক
সদাগৰৰ মালীয়ে দিব পানী
গীতাত ধৰি শপত খাই
কৰি আছ কি 

জাতি মৰিছে
মাটি খহিছে
ব্ৰুটাছৰূপী মায়াৰ নাচাবি‌ কি মোহনছাঁয়া 

       ৫.
 আই নিচিনিলে
ভাই নিচিনিলে
আৰু চিনিবি কি
পৰ্বতৰ নামনিত ৰোৱা তিলফুলে
ইয়ালিলে জিয়ালিলে কৰিবি কি


কুন্ধচে খেতি কৰিছ
বজাৰ পাতিছে
পাশাখেলিছে কোনে
উৰুখি থোৱা চালত পৰি ফেঁচাই বিচাৰিছেনো কি

মৰ যা মৰ
জহন্নামে যা

বোকাৰ পদুম
চিঙি ভাঙি কৰানো  কি


কি কৰ কৰি থাক
দেশ ক'ত তৰ তৰি থাক

চকা কিয় ঘূৰাবি
চকা ঘূৰাই উঠোৱা নেদেখ যে মহাৰথী


ঠিকনা -
ৰাজেন দাস 
ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ
 গৱেষক ছাত্ৰ 
ফোন নং -‍৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা