কাব্যগুঞ্জন



 আজি ৬-০৬-২০২৪ তাৰিখ বৃহস্পতিবাৰে, ডিব্ৰুগড় জিলাৰ সদৌ অসম কবি আৰু মৰাণ জুনিয়ৰ কলেজৰ আতিথ্যত সুন্দৰ অনুষ্ঠান হৈ যায়। ছাত্ৰ ছাত্ৰী সকলৰ কবিতা পাঠো হয়। কোৰাছ পৰিৱেশন কৰা হয়। সমল ব্যক্তি -কবি সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ ছাৰ। সভাখনত সভাপতি আছিল পবিত্ৰ গগৈদেৱ,আঁত ধৰে প্ৰশান্ত কুমাৰ দত্তদেৱে।আয়োজক সকলে সুন্দৰকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটোত বহুত গন্য মান্য ব্যক্তি উপস্থিত আছিল যিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

কবিতা সম্পৰ্কীয় শ‌্ৰদ্ধাৰ সত্যকাম ছাৰৰ কথাখিনি গুৰুত্বপূৰ্ণ। কিয়নো ছাৰে বাল্মিকী ৰামায়ণ (মা নিষাদ....)ৰ পৰা হীৰেন ভট্টাচাৰ্যৰ ভোগালী কবিতা, অজিত বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা ইত্যাদি কবিৰ কবিতাৰ উদাহৰণ দি সহজকৈ বুজাই দিছে। 'Best words in best order' আদি কবিতা সম্পৰ্কীয় সংজ্ঞা দিবলৈ প্ৰয়াস কৰিছে। তাতোকৈ ডাঙৰ কথা পাশ্চাত্য কবিৰ কবিতা ৱৰ্ডছৰ্ড,শ্যেলী,কীটছ,বাইৰণৰ কবিতাৰ প্ৰসংগৰো সোৱাদ দিবলৈ প্ৰয়াস মন কৰিবলগীয়া। এটা গুৰুত্বপূৰ্ণ কথা কৈছিল "কবিতা জীৱনৰ জ্যামিতি, ই বীজগণিত স্বৰূপ।" পৃথিৱীৰ প্ৰায় সাহিত্যিকে কবিতাৰে সাহিত্যিক জীৱন আৰম্ভ কৰে। সকলো প্ৰকাৰৰ সাহিত্যতকৈ কিয় কবিতাক শাসক তথা ৰজাঘৰীয়া পক্ষই ভয় কৰে কাৰণ কবিয়ে যি নিৰ্মিত কৰে কম কথাত বহুত কথা কৈ দিব পাৰে। কবিতা এটা আচলতে সকলো মানুহৰ অন্তৰতে থাকে সেয়া ভাবামিশ্ৰিত কৰি জনসাধাৰণক জাগ্ৰত কৰিব পাৰিব লাগিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। কোনো কবিৰ যিকোনো এটা পংক্তিয়ে চিৰদিনলৈ খুন্দিয়াই থাকিব যেনে বেজবৰুৱা -বাজক দবা বাজক শংখ,বাজক মৃদংগ খোল,অসম আকৌ উন্নতি পথত জয় আই অসম। ইয়াৰ "জয় আই" শাৰী মননত ৰৈ বৈ আজিও আছে থাকিব। ভাবি চালে লীলীমাই এই জীৱনত একো নাই আদি উদাহৰণ দাঙি ধৰে। শিক্ষকতা জীৱনৰ বহুত সময়ত কবিতা সম্পৰ্কীয় পাঠ দি আৰু নিজেও পঠন-পাঠন কৰা ছাৰৰ প্ৰথম প্ৰেম কবিতা ইত্যাদি দিশসমূহ সুন্দৰকৈ শুনি মোৰ আকৌ স্নাতকোত্তৰৰ শ্ৰেণীৰ কোঠাসমূহৰ পাঠদানলৈ উভতিবৰ মন গ'ল।

শিক্ষক শিক্ষয়িত্ৰী আৰু বহু‌ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি স্বৰচিত কবিতা পাঠেৰে সোৱাদ দিয়াৰ লগতে ভৱিষ্যতে ভাল কবিৰ জন্ম হোৱাৰ আশা ‌প্ৰকাশ কৰা দিশখিনিয়ে অনুষ্ঠানটি হৃদয়গ্ৰাহী কৰি তোলে লগতে উক্ত অনুষ্ঠানতে সমন্বয় শাখা কবি সন্মিলনৰ ৯ গৰাকীকৈ সদস্যক সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্যৰ পত্ৰ প্ৰদান কৰা হয়।

( বিশেষকৈ ধন্যবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ দীনেশ বৰালৈ)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা