দাৰুণ
সুৰুযৰ কিৰণময়ী টোপালে
খালীকলপাতবৰণীয়া জখলাৰ দৰে লগা যেন চকা লগোৱা বেঞ্চখন তিয়াই পেলাইছিল
হৃদপিণ্ডৰ পৰা হৃদয়খনে জুমি জুমি চুমি চুমি অভিমানী হৈ পৰিছিল
তোমাৰ শীৰ্ণ ছাঁয়াৰ আৱেশিত কৰিছিল মোৰ প্ৰেমাকাশ মই তচনচ হৈ পৰিলোঁ
মই প্ৰত্যাখ্যান কৰিব নোৱাৰিলোঁ তোমাৰ অন্তৰতম আহ্বান
দুপৰ বেলাৰ পৰা সান্ধ্য বেলালৈ দাৰুণকৈ কি বিতোপন
মোৰ ভৰুণ প্ৰকৃতিৰ ৰম্য কাননৰ দৰে গোটেই ৰাতি বৃষ্টিপাতৰ সুগন্ধিত তিতি থাকিলোঁ...
পাৰ্থ সখালৈ
১.১৭ মিনিট
১৫-০৫-২০২৫
Comments
Post a Comment