লেখা

 চাবদেই আমি সৰু সৰু মানুহ, সৰু সৰুকৈ হোৱাই নোহোৱাই লিখি থাকোঁ । শিকিবলৈ সুযোগ সন্ধানৰ বাবেই বুলি ধৰিব পাৰে। আনকো কাকূতি মিনতি কৰি লেখিবলৈ দিওঁ। পাৰিশ্ৰমিক হয়তো দিব পৰা নাই। কিন্তু গ্ৰন্থখনৰ মূল্য নোলোৱাকৈ প্ৰেৰণ কৰোঁ। এইটো কাম এইবাবেই কৰোঁ এটা লেখা প্ৰস্তুত কৰোঁতাই বৰ কষ্ট স্বীকাৰ কৰিবলগীয়া হয় সেয়া মই বুজি পাওঁ। তাতে লেখা কোনোৱে দিয়ে। কোনোৱে নিদিয়ে। সেয়া ব্যস্ততাৰ বাবেই হওক। কাম কৰিবলৈ বৰ বিশেষ উপযোগী ব্যক্তি বুলি নভবাৰ কাৰণেই হওক। কিন্তু নতুনকৈ কাম কৰিবলৈ ওলাই অহাজনক আগবঢ়াই নিয়া আপোনাৰো এটা কামেই নহয় নে?

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা