সুহৃদ

 সুহৃদ : এক নতুন ঐতিহাসিক পৰিক্ৰমা:

কবিতা যেন মোৰ হৃদয়ত ঝংকাৰিত সুৰসমলয়। কবিতা কচৰৎ আৰু অভিজ্ঞতাৰে নিৰ্মাণ কৰা শিল্পকৰ্ম।


ডিব্ৰুগড় ব্লু'চম এক্সটিকা আজি,২৪-০৫-২০২৫, সুহৃদ The Friend ৰ আড্ডাৰত আজি ব্যতিক্ৰমী অনুষ্ঠান আয়োজিত হৈছিল। চিকিৎসক, চিত্ৰশিল্পী,কবি,ক্ৰীড়া সংগঠক ডা: ৰঞ্জিত কুমাৰ বৰুৱাদেৱ আছিল অনুষ্ঠানৰ মধ্যমণি। তেওঁৰ। আভ্যন্তৰীণ মননত যেন কোমল আৰু স্পৰ্শকাতৰ কবিতা উহ্য হৈ আছে। আৰু একলা দুকলাকৈ সেয়া পোহৰমুখী হৈছে। চিকিৎসকৰ দৰে এটি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ সেৱাত মনোনিবেশ কৰিও ফটোগ্ৰাফী,কবিতা,ক্ৰীড়াৰ সৈতে এক নিকপকপীয়া সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছে। সক্ষম হোৱাই নহয় দক্ষতাৰ আৰু চিন্তাৰ বীজ আমালৈ উলিয়ায় দিছে।

তেওঁৰ কাব্য আৰু কাব্যৰ পাঠ আৰু ব্যাখ্যা আগবঢ়াইছিল অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। মানুহ,প্ৰকৃতিচিত্ৰ, প্ৰতীক, সমসাময়িক চিত্ৰ,সমাজ-ৰাজনৈতিক, নিত্যনৈমিত্তিক বিষয় নিৰ্বাচন, ঐতিহাসিক জ্ঞান অভিজ্ঞতাৰ বহি: প্ৰকাশ আদি তেওঁৰ কবিতাৰ মাজত দেখিবলৈ পোৱা যায়।


 ৰঞ্জিত কুমাৰ বৰুৱাদেৱৰ সাহিত্যৰ বিধা বিশেষকৈ কাব্য সংকলন কেইখন হৈছে -গোলাপী পোহৰ (২০০৮),ক'লাজ (২০০৮), ঘৰচীয়া মানুহৰ মৰাশ(২০২২) আৰু শংখধ্বনি(২০২৩)

ৰাজনৈতিক দিশৰ উমান পোৱা এটি কবিতা শামুক। (স্থিৰচিত্ৰত অলপ বহলাই দিয়া হৈছে)

বিশিষ্ট সমালোচক আনন্দ বৰমুদৈদেৱৰ ভাষাত-

"ৰাজনৈতিক ঘটনা প্ৰবাহ, হিংসা, হত্যা, মানুহৰ জীৱনলৈ নামি অহা আকাশলংঘা দুৰ্যোগ আৰু কাৰুণ্য আদিৰ কথাও কবিজনৰ কবিতাত আছে।"

মোৰ ভাগত ডা: ৰঞ্জিত কুমাৰ বৰুৱাদেৱৰ শামুক শীৰ্ষক কবিতাটিৰ পাঠ আৰু চমু ব্যাখ্যা আগবঢ়াইছিল, পাৰোঁ মানে চেষ্টা কৰিলোঁ। মোৰ দৰে কণমানি ল'ৰাটোক যি পাখি গজো কি নগজো হৈ আছে, উৰিবলৈ শিকিবহে এনে এটা সুবিধা অৰ্থাৎ মঞ্চত পাঠ আৰু কবিৰ কবিতাৰ সন্দৰ্ভত দুআষাৰ ক'বলৈ সুবিধা প্ৰদান কৰিলে। সাহিত্য সংগঠক, চিন্তাশীল লেখক, অধ্যয়নশীল লেখক আৰু সাহিত্যৰ চিৰিয়াছ কাম কৰি থকা শ্ৰদ্ধাৰ সুমন দত্ত(তেওঁৰ দ্বাৰা শেহতীয়াকৈ সম্পাদিত ৰায়চাহাব কানৈ,২০২৫ গ্ৰন্থ খন উপহাৰ হিচাপে পাই বহু ভাল লাগিছে)

ককাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধাৰ ব্যক্তিসকল(সাহিত্যিক,অধ্যাপক,লেখক,কবি)ৰ কবিতা পাঠ,কবিতাৰ সন্দৰ্ভত দুআষাৰ আৰু কবিতা আবৃত্তি সঁচাকৈয়ে বৌদ্ধিক আড্ডা লৈ পৰিণত হৈছিল। সুহৃদৰ হৈ নিউজ লেটাৰো উন্মোচন কৰা হয়। শ্ৰদ্ধাৰ ডা: প্ৰণয় ফুকন ছাৰ আৰু বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞি, নিমীষা বাইদেউ,ভাৰতী চক্ৰৱৰ্তী বাইদেউ, অনিৰুদ্ধ ছাৰ,নিৰোদ ছাৰ,ভূষণ ছাৰ,যাদৱ ছাৰ,দেৱকৃষ্ণ বৰুৱা ছাৰ, বৈদ্য ককাইদেউ, চন্দন দাদা আৰু ভাইটি জিণ্টুৰ লগতে কেইবাজনো ফটোগ্ৰাফী , চিত্ৰশিল্প, সাহিত্য,নাটক, সংবাদ, ৰেডিঅ' আদিৰ

বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটোৰ সৌন্দৰ্য বৰ্ধন কৰে। এনে অনুষ্ঠানৰ বহু উপযোগিতা আহি পৰিছে। আৰু হৈ থাকক আমি শিকিবলৈ সদায় ৰৈ আছোঁ। এনে অনুষ্ঠানৰ অভাৱ হৈছে আজি এনে অভাৱ পূৰণ হৈছে। কাৰণ আজিকালি বৌদ্ধিক আড্ডা সীমিত হৈ আহিছে যেন বোধহয় তথাপিও একেবাৰে নোহোৱাকৈ নথকাও নহয়। আমাৰ দৰে ন-শিকাৰুক শিকিবলৈ বুজিবলৈ আৰু চৰ্চা কৰিবলৈ এটি বাট মুকলি কৰি দিয়াৰ বাবে সুহৃদলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সুহৃদয় দীৰ্ঘায়ু কামনা কৰিছোঁ।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা