চাকি

 শুভ্ৰতাৰে অসীমত আছোঁ 

হৃদপিণ্ড অলিয়ে গলিয়ে আছোঁ মজিয়াভেটিত সিদিনা জ্বলাই দিলোঁহি অক্ষয়বন্তি

এতিয়া মই আকাশবন্তি হৈ তোমালোকৰ শিৰাই উপশিৰাই আছোঁৱেই কিন্তু 

কেনেকৈ আছোঁনো

আছোঁ সনাতন সত্যম শিৱম সুন্দৰম


মাটিৰ উজ্জ্বল অথচ সতেজেৰে

সমুজ্জ্বল অথচ লালিত্য গঢ়েৰে

অমল কমল অথবা শ্ৰাৱণিকাৰ সাম-যৰ্জু-অৰ্থৱ-ঋকৰে

জগত সভালৈ গংগা বোৱাদি বৈ যাওঁ আহা হৃদয়ত তোমাক থাপি- -থুপি ব্ৰহ্মপুত্ৰ-পুত্ৰীসৱ...



ৰাজেন দাস 

০৬-০৫-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা