দিগন্ত দাদাৰ কথাৰে

 দিগন্ত দাদা -

তই,তোৰ খৰছ হৈ যায়। মাহত। অ'। কেনেকৈ। তেনেকৈ।যেনেকৈ দহোজনে কৰে। চাউল,দাইল,মাছ-মাংস, কাপোৰ কানি,তেল নিমখ,কাৰেণ্টৰ বিল, পৰিয়ালৰ ইটো-সিটো জোৰা মৰে। নে জোৰা-টাপলি মাৰ। চলো আৰু। চা,আমাক মাহে ১৫ কৈয়ো দিয়ে। বিপদে-আপদেও দিয়ে। গিফ্টো দিয়ে। নামি-দামী। হ'ব তই পাইছ চল।‌ মই ইয়াতেই সুখী। সুখী হ'ব জানিলে। আজিৰ দিনত কম পইছাত নোৱাৰি দেই। মানুহ ইমান ভক কেনেকৈ হ'ব পাৰে। তেওঁ নুসুধেও নে? কি ওলট-পালট কৈ আছা অ। নিজৰ মতে থাকা। মই তোমাক আমনি দিয়া নাই নহয়। নহয় মানে কথাটো বাস্তৱকৈ ভাবিব লাগিব। আজিৰ দিনৰ দ্ৰব্য মূল্য আকাশ-পাতল। সেই অনুপাতে আমাৰো প্ৰাপ্য উচিত আৰু সঠিক হ'ব লাগিব। ৰহ। উশাহ সলাই ল। ভিতৰত লেকছাৰ দেগৈ যা। প্ৰফেছাৰৰ দৰে কৱ। ধন্যবাদ দিগন্ত ককাই। আপোনাৰ বাক্যই বেছ আপ্লুত কৰিছে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা