পুৰণি তথ্যক নতুনকৈ চোৱাৰ আন্তৰিক প্ৰয়াস সাধুকথাৰ ছোৱালীজনী

পুৰণি তথ্যক নতুনকৈ চোৱাৰ আন্তৰিক প্ৰয়াস সাধুকথাৰ ছোৱালীজনী






বিদিশা বুঢ়াগোহাঞিৰ প্ৰথম প্ৰকাশিত কাব্যসংকলন ‘‘সাধুকথাৰ ছোৱালীজনী’’৷ তেখেতৰ কবিতা  প্ৰান্তিক, সাতসৰী, দৈনিক অসম, আমাৰ অসম, সাদিন আদি কাকত-আলোচনীত প্ৰকাশিত  হৈছে আৰু কবিতাপ্ৰিয় পাঠকৰ মাজত ইতিমধ্যেই আসন এখন বিচাৰি লৈছে৷ গ্ৰন্থখন সম্পৰ্কত প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰে এনেদৰে মন্তব্য কৰিছে- বিদিশাৰ কবিতাত জীৱন আছে৷ ‘‘সাধুকথাৰ ছোৱালীজনী’’ ৰ প্ৰায়বোৰ কবিতাই ইতিপূৰ্বে প্ৰকাশিত৷ গতিকে তেওঁৰ মাজত লুকাই থকা প্ৰতিশ্ৰুতি ইতিপূৰ্বেই বিদ্বৎ সমাজৰ দৃষ্টিগোচৰ হৈছে৷ তেওঁ বাস্তৱৰ অভিজ্ঞতাক ব্যঞ্জনাময় ৰূপত প্ৰকাশ কৰাৰ দক্ষতা প্ৰদৰ্শন কৰিছে৷ জীৱনৰ অসহজ অনুভৱবোৰকো সহজ গ্ৰহণযোগ্যতাৰে উপস্থাপন কৰাৰ ফলত তেওঁৰ কবিতাই এক সুকীয়া মাত্ৰা লাভ কৰিছে৷ সেয়েহে কওঁ, তেওঁৰ কবিতাত হতাশাও প্ৰাণৱন্ত হৈ জীৱনৰ প্ৰেৰণা হোৱাৰ পথ মুকলি হৈছে৷ তেওঁৰ কবিতা মানুহৰ প্ৰাণৰ কবিতা৷  


 বিদিশা বুঢ়াগোহাঞিৰ কবিতালানী পঢ়ি বহুটো দিশ দৃষ্টিলৈ আহিছে৷ সেইসমূহৰ ভিতৰত অসমীয়া সাধুকথাৰ কাহিনী, চৰিত্ৰৰ লগতে নানান পৰিৱেশৰ পৰা বুটলি অনা শৈশৱৰ পৰা যৌৱনলৈ দেখি-শুনি অহা নানান কথকতা, কলেজ, [কেনে আছা নগাঁও কলেজ]  বিশ্ববিদ্যালয়ৰ নষ্টালজিক অভিজ্ঞতা খুন্দ খাই আছে৷ ইয়াতে ক্ষান্ত নাথাকি নানানটা চাক্ষুষ ঘটনা-পৰিঘটনাৰ সুন্দৰ ছবি কবিতাৰ মাজলৈ বিষয়বস্তু কৰি আনিছে৷ মানুহৰ মানসিক পৰিমণ্ডলৰ গভীৰতা, সুক্ষ্মতা, প্ৰকৃতি জগত, এই প্ৰকৃতি জগতৰ সৈতে আইতাই জোনাক ৰাতি বুঢ়ী আইতাই কোৱা সাধুলৈ সাধু শুনা কণমানিজনী এদিন নিজেই সাধুবোৰৰ চৰিত্ৰৰ মাজত একাকাৰ হৈ পৰা, প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰ মাজতে সকলো দেখি-শুনি পুৰণি চৰিত্ৰৰ পুনৰ নিমাৰ্ণ চৰিত্ৰৰ সমাহাৰ ঘটোৱা বিভিন্ন দিশৰ সন্নিবেশ, বাস্তৱ অভিজ্ঞতাৰ পৰা অংকন কৰা স্বকীয় দৃষ্টিভংগীৰ বিকাশ, আস্তিক, নাস্তিক প্ৰসংগৰ অৱতাৰণা, জীৱন-কল্পনা, বিষাদ, হত্যা,  হিংসা, ভৌগোলিক ঠাই বিশেষৰ চিত্ৰ, নিজৰ চিন্তা-চিন্তা চচাৰ্ৰ গতানুগতিক পৰিৱেশটোৰ পৰা পূৰঠ চিন্তাৰ অধিকাৰী হোৱালৈকে, প্ৰেম-বিচ্চেদৰ সপোন অঁকা প্ৰতিজন ব্যত্তিলৈ অনুকূল পৰিৱেশ এটাক বাস্তৱকৈ কৈ পেলাইছে এনে নহয় প্ৰতীক আৰু চিত্ৰকল্পৰ সমাহাৰে পৰিমিত শব্দ যিবোৰ সকলো পাঠকৰ বোধগম্যকৈ নাইবা অতি সহজ-সৰল শব্দৰ জাল গুঠিব জনা নিচিনা হোৱাকৈ অংকন কৰিবলৈ প্ৰয়াস কৰিছে৷

‘সাধুকথাৰ ছোৱালীজনী’ নামৰ কবিতাটিত তেজীমলাৰ সাধু আৰু চিলনীৰ জীয়েকৰ প্ৰসংগ উত্থাপন কৰা দেখা যায়৷ সৰুৰে পৰা সাধু শুনিশুনি শিশুৰ কল্পনাবিলাসিতা মনৰ উমান পাঠকক দিব পাৰিছে৷ আমি সকলোৱে শুনি অহা তেজীমলাৰ সাধু ত মাহীমাকে [সাউদনী]

তেজীমলাক কিমান লঘু-লাঞ্চনা কৰিছে৷ সদাগৰ পিতৃ বণিজলৈ যোৱা সময়খিনিত কৰা অত্যাচাৰে সকলোকে তেজীমলা চৰিত্ৰলৈ সহানুভূতি [Sympathy] জন্মায়৷ পিতৃয়ে বণিজলৈ যোৱা সময়খিনিত মাহীমাকৰ ভাৱ-ভংগী আৰু বণিজৰ পৰা ঘূৰি আহি পোৱা নাভূত-নাশ্ৰুত কৰ্ম-কাণ্ডবোৰে মাহীমাকৰ ভাৱ-ভংগীৰ বিৰাট সাল-সলনি কৰিছিল৷ তেনে এটি কাণ্ডৰ ভিতৰত সাউদনীয়ে তেজীমলাক ঢেকীশালৰ পানীপোতাত পুতি থৈ সদাগৰৰ উত্তৰত কৈছে-তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই ৷ কবিয়ে সেই দিশটি চিলনীৰ জীয়েকৰ সাধুৰ পৰা অলপ সংমিশ্ৰণ ঘটাই তেজীমলাও যিহেতু নাৰী অথাৰ্ৎ সাধুকথাৰ ছোৱালী সেয়েহে তেজীমলা ছোৱালীজনীৰ কাষৰলৈ টানি আনি কৈছে-আগলি কলাপাত লৰে কি চৰে সাধুকথাৰ ছোৱালী গছ হৈ গজে৷ সাধুকথাৰ পৰা কাহিনীৰ জকাঁটো লৈ সাধুকথাৰ ছোৱালীজনী হৈ চিৰাচৰিত কথাখিনি ন কৈ মননত উদ্বেলিত হৈছে- 

  সাধুকথাৰ ছোৱালী- গছ হৈ ছাঁ দিবি

  সাধুকথাৰ ছোৱালী- পূজাৰ ফুল হৈ ফুলিবি


  কবিয়ে নিজাকৈ সাধুকথাৰ প্ৰসংগেৰে আকাশ, তৰা, কলাপাত, ফুল, পূজা আদি সমলৰ সহায়েৰে কবিতাটিত সাধুকথাৰ চৰিত্ৰৰ পুৰাকথাৰ পুনৰ নিমাৰ্ণ কৰা দিশটোও উনুি্‌কয়াবলৈ প্ৰয়াস কৰা দেখা যায়৷ শৈশৱ কবিতাটিত তেজীমলা, ঔ-কুঁৱৰী, মেকুৰী জীয়েক আদি প্ৰসংগ আনিছে৷ এইসমূহত কবিয়ে সাধুকথাৰ পুনৰ নিমাৰ্ণ দৃষ্টিৰ চাপ পৰা পলিক্ষিত হৈছে৷ কবিৰ ভাষাৰে-

   তেজীমলাজনী ইয়াতে ফুল হৈ ফুলে

   ঔ- কুঁৱৰীক বিয়া কৰাই নিয়ে ৰজাৰ পুতেকে


 কবিৰ আন এটি কবিতা কলংপাৰৰ কথকতা কবিতাটিত দেৱকান্ত বৰুৱাৰ কবিতা সাগৰ দেখিছা ৰ অলপ চিটিকণি আছে৷  মাজনিশা কেতেকীয়ে বিনায় ক’ত বন্দুলি ফুলৰ ৰং দেখা যায় য’ত৷ শেষৰ ধ্বনি মিলৰ এই শাৰীকেইটা ‘সাগৰ দেখিছা’ ত আমি পাঁও-মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাতঞ্জ  কলংপাৰৰ নানান স্মৃতিৰ লগতে বুঢ়ী আইৰ সাধু, ককাদেউতাৰ হাড় আদি প্ৰসংগৰ সুন্দৰকৈ সংমিশ্ৰণ ঘটাই শব্দশিল্পৰ ৰূপ দিয়াত কবিৰ গভীৰ অধ্যয়নৰ দিশটোৰ পাঠকে উমান পাব৷


 কবিৰ আন এটি কবিতা ‘পানেশৈ’৷  পাণেশই কবিতাটিত কবিয়ে আজলী পানেশৈৰ জীৱন-গাঁথাৰ প্ৰসংগসমূহক বাস্তৱৰ কঠিনতাৰ সৈতে মুখামুখি কৰাইছে৷ লগতে কবিয়ে আনন্দচন্দ্ৰ আগৰৱালাৰ পানেশৈ কবিতাৰ দ্বাৰা অলপকৈ প্ৰভাৱান্বিত হৈছে৷ অথচ কবিয়ে নিজা দৃষ্টিভংগীৰে [ পুৰণি তথ্যক নতুনকৈ]  পানেশৈৰ নাৰীমনৰ ভাৱানুভূতিৰ সৈতে একাত্ম হ’বলৈ প্ৰয়াস কৰি কৈছে- 

   মানুহ চিনিবলৈ শিকিবি পানেশৈ

   নিজক বচাবলৈ শিকিবি পানেশৈ


   চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা  তেজীমলাত আমি পাই আহিছোঁ যে প্ৰকৃতি যিমান উদাৰ মানুহ তাৰ বিপৰীত কোণত অৱস্থিতি গ্ৰহণ কৰে, নান ভাও দিয়ে, নানা জাল পাতে- মানুহৰ নাও মানুহৰ ভাও, দেখিয়ে লাগিছে ভাল, মানুহ মিতিৰ বৰ মৰমৰ পাতিছে কিহৰ জালঞ্জ ৰোমািKI×ক কবিসকলৰ সৈতে পৰিচিতি থকা কবিয়ে সেই কবিসকলৰ ভাৱানুভূতিৰ অটল গহ্বৰত ৰৈয়ো স্ব-চিন্তাৰে বাস্তৱৰ কঠিনতাক পানেশৈক প্ৰকৃতিৰ উদাৰতাত পুঞ্জিভূত হৈয়ো যে পানেশৈয়ে এচাম চলাহী মানুহৰ কথাত ভোল যাব নেলাগে সেই দিশটোক পৰিৱেশ পৰিস্থিতিৰ পৰিৱৰ্তন হোৱা আৰু সতৰ্কতাৰে নিজক প্ৰস্তুত ৰখা ভাল নাৰীচেতনাৰ মন মগজুৰ একোণৰ পৰা সেই দিশ পানেশৈ কবিতাত ন দৃষ্টিৰে বুজাই বঢ়াই কৈছে-

  মানুহৰ কাষ নেচাপিবি তই

  নুশুনিবি ছলাহী কথা 


 কবিৰ আন এটি কবিতা ‘সাউদৰ সাধু’৷ বণিক সাউদ, চিলনীৰ জীয়েক, তেজীমলা আদি প্ৰসংগৰে সজাই পৰাই তোলা কবিতাটিত সাধুকথাৰ চৰিত্ৰ, প্ৰসংগসমূহ আদি দিশসমূহৰ দেখিবলৈ পোৱা যায়৷ কবিতাটিত ইতিহাস পুনৰ নিমাৰ্ণ দৃষ্টিভংগীৰ উমান পোৱা যায়৷ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ অন্তৰ্গত সাধুসমূহ অধ্যয়ন কৰি অতি সাৱধানেৰে বাস্তৱৰ সৈতে সেই সেই চৰিত্ৰ সমূহৰ সৈতে একাত্ম হৈ কবিতাটিত অসমীয়া সমাজৰ মাজত থকা সাধুকথাৰ প্ৰচলন, সেই ঊনবিংশ শতিকাৰ সমাজৰ সচেতন ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহত, মৌখিকভাৱে শুনি শুনি টোপোলাত আনি অসমীয়া সমাজত বুঢ়ী আইৰ সাধু, ককাদেউতাৰ সাধু ৰ ৰূপত আমালৈ আগবঢ়াই দিলে সি আজিও অজৰ অমৰ৷ সাউদৰ নানান দিশ, মেকুৰী দৰে লোকবিশ্বাসৰ ছবি, তেজীমলাৰ দৰে মাহীমাকৰ লঘু-লাঞ্চনা খোৱা নাৰী, পৰুৱা [ভূত] পোৱাৰ দৰে প্ৰসংগ প্ৰকৃতিৰ লাউগছ আদিয়ে কবিতাটি আৱৰি আছে৷ কবিয়ে কৈছে-

 প্ৰেমিক সাউদ তই

 মিছাতে গ’লি ভোল

 পৰুৱাই পোৱা  গধূলি


 গ্ৰাম্যজীৱনৰ ছবি [নৈপৰীয়া গাঁওখনে ৰিঙিয়াই মাতে],  জন্ম,  মৃত্যু,  বাস্তৱ সত্য,  অতীত স্মৃতি, কবৰ, সপোন, বিষাদ, নৈপৰীয়া গঞা জীৱন-গাঁথা, ঈশ্বৰ, নিয়ম , ঋতু, কৃষ্ণচূড়া, দুখ, কথা,জুই, যু্‌ক্তি,জীৱন ইত্যাদি দিশে কবিতাসমূহত সন্নিবিষ্ট কৰিছে৷ যিসমূহত কবিৰ সূক্ষ্ম দৃষ্টিভংগী, গভীৰ অধ্যয়ন, বাস্তৱ-কঠিনতাৰ সৈতে নিজক বিচাৰি ফুৰা শিশুসুলভ মনটোৱে তেজীমলাৰ সাধু,  চম্পাৱতীৰ সাধু, পানেশৈৰ সাধু, তুলা-তেজাৰ সাধু,  বুঢ়ী আইৰ সাধু, জয়মতীৰ কাহিনী, ল’ৰাৰজাৰ কাহিনী, পৰশুৰামৰ সাধু, বেউলা লক্ষীন্দৰৰ সাধু, মহাভাৰতৰ সাধু আদিৰ সৈতে পৰিচয় হয়৷ কবিতা পুথিখনৰ পাতনিৰ পৰিবৰ্তে ত মুকলিকৈ কৈছে- 


  ‘‘...সদায়ে অকলশৰীয়া ছোৱালীজনীয়ে বিশ্বাস কৰিছিল যে অকলশৰীয়া তৰাৰ উজ্জ্বলতা বেছি৷ তেনেকৈ ভাবি কিজানি তাই নিজকে সাbLনাহে দিছিল৷ তথাপি তাই তৰা হ’ব খুজিছিল, কিয়নো তৰাটো চাব পাৰি,  চুব নোৱাৰি৷ তাই ফুল হ’ব খুজিছিল, সৰি পৰা ফুল নহয়, থাপনাৰ ফুল৷ তাই তেজীমলা হ’ব খুজিছিল, মৰি মৰিও যি বাৰে বাৰে জী উঠিছিল জৰাটেঙা হৈ, লাউগছ হৈ, ফুল হৈ৷ অথচ যি পাহৰি যোৱা নাছিল নিজা পৰিচয়৷ বাৰে বাৰে কৈছিল-‘‘তেজীমলাহে মই’’৷   মুঠতে কবিতাখিনি পঢ়ি পাঠকৰ মন মগজুত সেই কবি গৰাকীৰ গভীৰ নাৰীবাদী চেতনাৰ দিশসমূহ যে পুঞ্জিভূত হৈ আছে সেই কথা ফটফটীয়াকৈ দেখা যায়৷ সঞ্জীৱ বৰাৰ প্ৰচ্চদ সম্বলিত সাতমাইলস্থিত পূৰ্বায়ণ প্ৰকাশৰ প্ৰকাশিত [প্ৰথম প্ৰকাশিত জানুৱাৰী, ২০১৯] কাব্যসংকলনখনিৰ মূল্য-১০০ টকা৷ 

                                                               

ৰাজেন দাস

ফোন নং- ৯১০১২২১৪৩৬

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা