লোক-কবিতা লোকমনৰ বৈচিত্ৰ্যময় অভিব্যক্তি

  লোক-কবিতা লোকমনৰ বৈচিত্ৰ্যময়  অভিব্যক্তি



folk-song has been well defined as a lyric poem with melody originating anonymously in times past among unlettered folk and remaining in currency for a considerable time, usually centuries.


  পৃথিৱীৰ সকলো মানুহৰ কল্পনাৰ নিজা নিজা জগত আছে৷ তেওঁলোকে সেই কল্পনাৰে একো একোখন জগতৰ কথা -বাৰ্তাৰ বাবে চিত্ৰ, কলা-ভাস্কৰ্যৰ সহায় লয়৷ লিপি আৰু  ভাষাই সেই ভাৱানুভূতিক অধিক ওচৰ চপাই  নিব পাৰে৷ মৌখিক ৰূপত মানুহে কণ্ঠস্বৰ কৰি বহু তথ্য স্মৃতিত সজীৱ কৰি ৰাখিব পাৰে৷ লোকজীৱনত মানুহে সেইসমূহৰ পৰা শিক্ষা লয়৷ মৌখিক সাহিত্য আকৌ লোক [folk] সাহিত্যৰ ভিতৰুৱা নহ’বও পাৰে৷ ই মৌখিক অথাৰ্ৎ মানুহৰ মু্‌্‌্‌খে মুখে প্ৰচলিত হৈ পৰম্পৰাগতভাৱে লোকজীৱনৰ বিভিন্ন দিশ সামৰি লয়৷ বুৰ?ীৰ ঘটনাৰ পৰা কিছু ক্ষীণ আভাস পাব পাৰি যদিও ভণিতাশূণ্য , নৈব্যৰ্ত্তিক অথাৰ্ৎ নাম ধাম বিহীন নাইবা অখ্যাত কবিৰ ৰচনা লোক সাহিত্যৰ এক বিশিষ্ট শাখা হৈছে  লোক-কবিতা৷ এইসমূহত চহাকবিৰ সৰলতা, ভাৱ আৰু অনুভূতিৰ মুকলি প্ৰকাশ৷


  অসমীয়া লোক জীৱনৰ প্ৰতি থকা গভীৰ অধ্যয়নপুষ্ট মন আৰু জাতীয় দায়িত্বৰে ‘অসমীয়া লোক-কবিতাৰ প্ৰবাহ’ অসমীয়া লোক-কবিতা বিষয়ক এখনি তথ্যসমৃদ্ধ আৰু বহু পৰিশ্ৰম কৰি সংকলন, সম্পাদনা কৰি উলিওৱা অসমৰ উল্লেখযোগ্য কবি ধ্ৰুৱজ্যোতি দাসে৷ প্ৰবন্ধ, ভাষা-আলোচনাৰ ক্ষেত্ৰখনতো উল্লেখযোগ্য অৱদান দি অহা  দাসৰ আন আন ৰচনাসমূহ আছিল মৰুৱা ফুলৰ ৰ’দ [১৯৯০, কবিতা, প্ৰেমধৰ বৰগোহাঁই বঁটাৰে সন্মানিত],  ট্ৰায়’লেট, ১৯৯৮, কবিতা, ভাৰতীয় আঞ্চলিক ভাষাত ৰচিত সৰ্বপ্ৰথম ফৰাচী দেশীয় আৰ্হিৰ ছনেট], অসমীয়া ভাষাত পৰিলক্ষিত কিছুমান ভুল প্ৰয়োগ, ২০১০, প্ৰবন্ধ], অসমীয়া আখৰ জোঁটনি, ২০১০, প্ৰবন্ধ, পোহৰে মেলা তাঁত [সম্পাদিত, ২০১৭, সমালোচনা], গদ্যপাঠ আৰু নৰক-পৃথিৱীৰ কবিতা, ২০২০, কবিতা, লিহিৰি পতীয়া অ’ বনৰীয়া বাঁহী, ২০২১, কবিতা, কৃষ্ণচূড়াৰ কবিতা [জালুকবাৰীৰ পটভূমিক লৈ ৰচিত] , ২০২১, উপন্যাস আদি৷


 মোৰ  আৰু লেখকৰ সৈতে ‘‘অসমীয়া লোক-কবিতাৰ প্ৰবাহ’’ গ্ৰন্থখনৰ কাৰ্যসম্পাদনৰ আঁৰৰ কথা হওঁতে হোৱা বাতাৰ্লাপত লেখকে অসমীয়া লোক-কবিতা সম্পক¹য়  অতি গুৰুত্বপূৰ্ণ দিশ উনুকিয়াইছিল ৷  আমাৰ আলোচনাৰ সৈতে বিশেষ সম্পৰ্ক থকা সেই কথাষাৰিৰ গুৰুত্ব উপলব্ধি কৰি তুলি ধৰিলোঁ৷ কথাষাৰি আছিল এনেধৰণৰ-

‘‘ তুমি কিতাপখন চাই এটা কথা গম পাইছা মোৰ অন্য কথা একো নাই৷ মই প্ৰায় বাৰ বছৰমান এই কিতাপখনৰ কামত লাগি আছোঁ৷ লেখা-মেলা কৰি আছোঁ৷ এইটো কামতো লাগি আছোঁ৷ মোৰ অন্য উদ্দেশ্য নাই৷ কিতাপখন কিমান বিক্ৰিহৈছে৷ ক’ত কি হৈছে সেই তেনেধৰণৰ কোনো কথা নাই৷  কিন্তু মোৰ উদ্দেশ্য এটা আছিল যে আমাৰ ইমান সমল বা বস্তু আছে এতিয়াও আৰু বহু বস্তু বা সমল হেৰাইয়ো গৈছে৷হয়টো বুঢ়া মানুহৰ মনত আছিল৷ তেওঁলোকৰ পৰা সংগ্ৰহ কৰা নহ’ল৷ নকৰিলে৷ তেনেকৈ কৰি বহু নাইকীয়া হৈ গ’ল৷ আৰু বহু এতিয়া  আছে ক’ৰবাত, কৰ’বাত৷ গতিকে মই কৈছেঁ নহয় সেইখিনি একগোট হৈ থাকিব লাগে৷ গ্ৰন্থখনৰ পুনশ্বত তেওঁ সেয়েহে কৈছে-

‘‘ অসমীয়া  লোাক-কবিতা সন্দৰ্ভত অধ্যয়ন, গৱেষণা আৰু সংগ্ৰহৰ বাটটো এতিয়াও দীঘলীয়া হৈয়েই আছে৷ অচিনাকি, কেতিয়াও নুশুনা, হেৰাই যোৱাৰ উপক্ৰম হোৱা কিম্বা এই গ্ৰন্থত সংকলিত নোহোৱা বিষয়ৰ লোক-গীত বা লোক-কবিতা যদি কোনো সদাশয় ব্যত্তিবিশেষৰ হাতত বা স্মৰণত আছে, তেন্তে আমাৰ সৈতে ই-মেইল যোগে যোগাযোগ কৰিলে এই গ্ৰন্থৰ পৰৱত¹ সংস্কৰণত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিম৷’’




তেওঁ আকৌ কৈছিল-

 আৰু এটা কথা হয় মানে কথাটো এনেকুৱা হয় যে তেনেকুৱাকৈ দহখন ি্‌কতাপত থাকিলে নহ’ব৷ দহখন কিতাপ মানুহে কেনেকৈ গোটাব৷ কোনোবাই তিনিখন গোটাব, কোনোবই পাঁচখন গোটাব তাৰ পিছত কোনোবা এজনে × ক’ব নহয় অমুকখনত পাব সেইবিলাকৰ সেইটো আচলতে সংগ্ৰহ নহয়গৈ৷ কিন্তু একেখনতে যদি গোটাই দিযে মানে থূপাই দিয়ে þ তেতিয়া মানুহে একেঠাইতে পঢ়িাবলৈ সুবিধা হয়৷ মোৰ এই পৰিক্ৰমাটো শেষ হোৱা নাই৷  এই প্ৰত্ৰিয়াত সংযোজন চলি থাকিব৷...


 অসমীয়া  লোক-কবিতাৰ দিশত বহুলভাৱে অধ্যয়ন গৱেষণা এতিয়াও বাকী৷ অদূৰ ভৱিষ্যতে এইসমূহ দিশত বিদ্বৎ মহলৰ পৰা চিন্তা-চচাৰ্ৰে  বহু লোক ওলাই আহিব পাৰে৷ এনে লোক-কবিতাসমূহক থূপাই অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিবলৈ চেষ্টা কৰি থকাসকলৰ ভিতৰত ধ্ৰুৱজ্যোতি দাস উল্লেখযোগ্য৷ গ্ৰন্থখনত প্ৰকাশকে তুলি ধৰা কথাষাৰি এইখিনিতে মন কৰিবলগীয়া৷ কথাষাৰি এনেধৰণৰ-

‘‘ ধ্ৰুৱজ্যোতি দাসৰ কেইবাবছৰীয়া অধ্যয়ন, গৱেষণা আৰু পৰিশ্ৰমৰ ফলশ্ৰুতিত অসমীয়া লোক-কবিতাৰ প্ৰবাহৰ সৃষ্টি৷ অচিনাকি কেতিয়াও নুশুনা আৰু হেৰাই যোৱাৰ উপক্ৰম হোৱা লোক গীতকে ধৰি ইমান বিধ বা প্ৰকাৰৰ লোকগীতৰ একত্ৰ সংকলন অসমীয়া লোক-কবিতাৰ প্ৰবাহ অসমীয়া সাহিত্য-সংস্কৃতিৰ অমূল্য সম্পদ ৰূপে নি(য় স্বীকৃত হ’ব৷’’


 অসমীয়া সাহিত্য-সংস্কৃতিলৈ গুৰুত্বপূৰ্ণ সংযোজন আৰু শৃংখলাবদ্ধকৈ সজোৱা গ্ৰন্থখনত থকা শিতানসমূহ আছিল এনেধৰণৰ ভূমিকাৰ পিছতে প্ৰথম ভাগ ভত্তিমূলক গীত বা প্ৰাৰ্থনাৰ কবিতা৷ গোঁসাই নাম, ভকতিৰ গীত, গোঁসানীৰ নাম, আঊলা পূজাৰ গীত, আইনাম [উজনিৰ], আইনাম [নামনিৰ] আসন পতা সবাহৰ নাম, লখিমী সবাহৰ নাম, লখিমী আদৰা গীত, লক্ষীৰ নাম, দুগাৰ্নাম মনসাৰ গীত, হুবচনী নাম, সুবচনী নাম [নামনিৰ], সদাশিৱৰ নাম, জগন্নাথৰ নাম, জগন্নাথৰ গুৰিত গোৱা নাম, গোপীকৃষ্ণৰ নাম [শিশুলীলাৰ গীত বা শিশু-কৃষ্ণৰ নাম], গোপীকৃষ্ণৰ নাম [গোপীবিলাসৰ গীত], তুলসী গুৰিত গোৱা নাম, চৰাব্ৰতৰ গীত, হাইদাং, শংকৰদেৱৰ গীত, কবীৰাৰ গীত, বিশ্বনাথ গোঁসাইৰ নাম [ভৰলী নৈত পানীতোলা নাম], বুৰৈ ডাঙৰীয়াৰ নাম [বুৰৈ নৈত পানীতোলা নাম], চুচু পূজাৰ গীত আদি সন্নিবিষ্ট কৰিছে৷


দ্বিতীয় ভাগ অনুষ্ঠানমূলক গীত৷ ইয়াত বিয়ানাম, জোৰোণ, মৰল, তেলৰ ভাৰ, পানী তোলা নাম,দৰা আদৰা নাম, দৰা-কইনা নুওৱা নাম, সুৱাগুৰি তোলা নাম, গাঁথিয়ন তোলা নাম, কইনাৰ বিদায়, জোৰা নাম, খিচা গীত, তোলনি বিয়াৰ নাম, সামগ্ৰিক-সাধাৰণ নাম, কইনা-লোৱা নাম, পুহন বিয়াৰ নাম, ভেকুলী বিয়াৰ নাম, হোলী গীত বা ফাকুৱাৰ নাম, উপনয়ন বা লগুণদিয়নিৰ নাম, চূড়াকৰণৰ গীত, মৃতকৰ সৎকাৰৰ বিলাপ গীত আদি সন্নিবিষ্ট কৰিছে৷


 তৃতীয় ভাগ গুপুত সম্প্ৰদায়ৰ ধৰ্মমূলক অনুষ্ঠানৰ গীত৷ ইয়াত পূৰ্ণসেৱাৰ গীত, বৰখেলিয়া গীত, বৰসেৱাৰ গীত, ৰাতিখোৱাৰ গীত, কৰণিপটিয়া গীত, ৰীতীয়াৰ গীত, ভিতৰ সেৱাৰ গীত, যুগুতি-বচন আৰু চিঁয়া গীত বা কেৱল ঘোষা আদি সন্নিবিষ্ট কৰিছে৷ 

 চতুৰ্থ ভাগ মালিতা বা কাহিনী-গীত৷ ইয়াত ফুলকোঁৱৰৰ গীত, মণিকোঁৰৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, চিকণ সৰিয়হৰ গীত, জনা গাভৰুৰ গীত, মণিৰাম দেৱানৰ গীত, বৰফুকনৰ গীত, পৃথু বৰকাকতীৰ গীত, সাউদ কোঁৱৰৰ গীত, বণিজ কোঁৱৰৰ গীত, তৰামতীৰ বা তৰাৱতীৰ গীত, সোণমতীৰ গীত, হালকন চাহাবৰ গীত, কাচন কুঁৱৰীৰ গীত, জয়মতীৰ গীত, দুবলাৰ শান্তিৰ গীত, নাহৰৰ গীত, বাখৰ বৰাৰ গীত, পদ্মকুমাৰীৰ গীত, কৃষক বিদ্ৰোহৰ মালিতা, ভাটী বৰফুকনৰ গীত, আজান পীৰৰ গীত মালিতা, মায়ামৰীয়া ৰণুৱাৰ গীত, সেন্দূৰী-পমিলীৰ গীত আৰু ফৰ্মুদ-পমীলাৰ গীত আদি সন্নিবিষ্ট কৰিছে৷


 পঞ্চম ভাগ বাৰমাহী আৰু বিলাপ গীত৷ ইয়াত কন্যা বাৰমাহী শান্তি বাৰমাহী, হৰিনাম বাৰমাহী, জয়ধন বণিয়াৰ বাৰমাহী গীত, ৰাধা বাৰমাহী, ৰাম বাৰমাহী গীত, বিৰহিনী বোৱাৰীৰ বিলাপ, ভাদৈৰ বিলাপ, হৰিণাৰ বিলাপ, যশোদাৰ বিলাপ,কৌশল্যাৰ বিলাপ, তাৰা পটেশ্বৰী কন্যা গীত, মধুমতীৰ গীত, নিমাই সন্ন্যাসীৰ গীত, গোপী-বিৰহ আৰু জাৰী আদি সন্নিবিষ্ট কৰিছে৷

 ষষ্ঠ ভাগ খেল-ধেমালি বিষয়ক গীত৷ ইয়াত চেমনীয়াৰ গীত, অকণি খেলাৰ গীত, হৈ গুদু খেলৰ গীত, জুই ফুওৱা গীত, গালৈ ধোঁৱা নহা গীত, অকণিয়ে খেলা কৰা গীত, পাঁচ আঙুলিৰ গীত, গা ধোওঁতে পানী ছটিয়াই ধেমালি কৰা গীত, হাওলেৰ গীত, হুম হুম পানীমল খেলৰ গীত, হিকতিৰ গীত, নাওখেলৰ গীত আৰু ল’ৰা-ছোৱালীৰ খেল-ধেমালিৰ গীত আদি সন্নিবিষ্ট কৰিছে৷

 সপ্তম ভাগ শিশুৰ গীত৷ ইয়াত জোনবাইৰ গীত, ল’ৰা-ছোৱালী নচুওৱাৰ গীত, ল’ৰা-ছোৱালী খুউৱাৰ গীত, ঘুমতি যোৱাৰ গীত, নিচুকনি গীত বা ধাইনাম আৰু ওমলা গীত আদি সন্নিবিষ্ট কৰিছে৷


 অষ্টম ভাগ সাধুকথাৰ গীত৷ ইয়াত ঢোঁৰাকাউৰী আৰু টিপচী চৰাইৰ গীত, বাঘ আৰু কেঁকুৰাৰ গীত, তেজীমলাৰ গীত, সৰব্‌ জানৰ গীত, তুলা আৰু তেজাৰ গীত, চম্পাৱতীৰ, পানেশৈৰ গীত আৰু কমলা কুঁৱৰীৰ গীত আদি সন্নিবিষ্ট কৰিছে৷

 নৱম ভাগ বিৰাগ তথা সংসাৰ তাৰণৰ স্তুতি গীত৷ ইয়াত দেহ বিচাৰৰ গীত, টোকাৰী গীত, বৰাগী গীত, জিকিৰ আৰু উল্টা পূৰাণৰ গীত আদি সন্নিবিষ্ট কৰিছে৷


 দশম ভাগ শ্ৰমৰ কবিতা৷ ইয়াত কুঁহিয়াৰ পেৰা গীত, বৰশী-বোৱা গীত, মাছ মৰা গীত, লালিলাং গীত,  জাকামৰা গীত, হালবোৱা গীত, ভূঁই ৰোৱা গীত, ধানকটা গীত, ধান বনা গীত, ঢেঁকী দিয়া গীত, ৰজাবণিজক যোৱা গীত, উদাসিনী গীত, গছকটা গীত, কৰ্ম বিষয়ক বিবিধ গীত, গধুৰ বস্তু তোলা গীত, দলং সজা গীত, পুখুৰী চাফাকৰা গীত, কাপোৰ বোৱা গীত, যঁতৰৰ গীত বা সূতাকটা গীত, নাঙেলী গীত আৰু গৰখীয়া গীত আদি সন্নিবিষ্ট কৰিছে৷


 একাদশ ভাগ জুনা৷ ইয়াত তাঁতীৰ জুনা, কপাহৰ জুনা, পৰুৱাৰ জুনা বা পৰুৱা শিপিনীৰ জুনা, পচলাৰ জুনা, নাঙলৰ জুনা আৰু নাহৰৰ জুনা আদি অন্তৰ্ভূক্ত কৰিছে৷

 দ্বাদশ ভাগ বিহু৷ ইয়াত হুঁচৰি, হুঁচৰি-দিহা, চোতাল-বিহুৰ নাম, আশ¹বাদৰ নাম, বিহুনাম, জাতনাম, বনঘোষা, সাতশাকী বিহু বা শাক-তোলা গীত আৰু বিহু উৰুৱা আদি সন্নিবিষ্ট কৰিছে৷


ত্ৰয়োদশ বিশেষ লোক উৎসৱ-অনুষ্ঠানমূলক গীত৷ ইয়াত মহো-হো বা মহখেদা বা ভাওল দিয়া গীত, বাম্বোল-পিটা বা হেপেৰ-পিটা গীত, পাউৰা গীত [ভঠেলি বা সুঁৱৰি বা সুৰি বা পাৰবাঁহ তোলা বা পাৰ গীত], কুলা বুঢ়ী নাচৰ গীত, পুতলা নাচৰ গীত বা ভাউৰীয়া গীত, ঢুলীয়া অনুষ্ঠানৰ গীত, মুগুৰা খেৰি [মৰাণ সমাজত প্ৰচলিত] আৰু জিগিণী খেৰি [মৰাণ সমাজত প্ৰচলিত] আদি সন্নিবিষ্ট কৰিছে৷


 চতুৰ্দশ ভাগ বিবিধ বিষয়ক গীত৷ ইয়াত হাতী শিকোৱা গীত, হাতী চটুৱা গীত, ফান্দীৰ গীত, শালিকীৰ গীত, ভেলা চৰাইৰ গীত, গৰু কিনা গীত, বানপানীৰ গীত, মদাপীৰ গীত, তামোল-চোৰৰ গীত, গা ধোৱা গীত, হাঁচতি গীত, ঢেঁকীটনা গীত, বৰষুণ দিয়া গীত, গালি-শপনিৰ গীত বা দন্দুৰী গীত, চাহ-পুৰাণৰ গীত, বৃন্দাবনৰ গীত, মৌ পৰা গীত, ভূঁইকঁপৰ গীত, টোকোনৰ গীত, মুগা চুঙীয়াৰ গীত, চাকচনী মতা নাম, ওকণি খেদোৱা গীত, ডলামূৰীৰ গীত বা কয়ামূৰীৰ গীত, টোপনিৰ গীত, বাৰমাহৰ খোৱা-লোৱাৰ গীত, ধেমালি ৰসৰ গীত আৰু বেবেৰিবাং কথাৰ গীত আদি সন্নিবিষ্ট কৰিছে৷


 পঞ্চদশ ভাগ গোৱালপৰীয়া লোকগীত৷ ইয়াত মাহুতৰ গান, মইষালৰ গান, গাড়ীয়ালৰ গান, নাইয়া বা বাইছালৰ গান, চট্‌কা গান, ভাসানা, বাউৰাৰ গান, কালাৰ গান, ভাৱাইয়া, ঘটকৰ গীত, কুশান গান, বাঁশপূজাৰ গীত, সাধাৰণ ভাব, বাঁশ পৰ্ব, ভাং পৰ্ব, সোণাৰায়ৰ গীত, ৰূপাৰায়ৰ গীত, গোলি পূজা বা ৰাখাল পূজাৰ গীত, হুদুম পূজাৰ গীত, সুবচনী নাম বা গুৱা সুজা গান, এউৰী মাগা গীত আৰু হকো-গীত আদি সন্নিবিষ্ট কৰিছে৷



 ষোড়শ ভাগ মুছলমান সমাজ আৰু চৰ-চাপৰিৰ লোকগীত৷ ইয়াত মহৰমৰ গীত, মাৰফতী বা মুৰ্শিদী গীত, বাউল, চুফী বাউল, বৈঠকখানাৰ গীত, ধুৱাগীত, নীলগান বা চাষী গীত, পল্লী গীত, বাৰাশে গীত, সখিপতা গীত, বেঙবিয়াৰ গীত, আই ওলালে গোৱা আই গীত বা আল্লাৰ নাম আৰু চেৰাঢেক আদি অন্তৰ্গত৷

সপ্তদশ ভাগ অন্যান্য৷ ইয়াত ডাক-প্ৰবচন, ফকৰা, যোজনা বা পটন্তৰ, সাঁথৰ আৰু মন্ত্ৰ আদি সন্নিবিষ্ট৷

 পৰিশিষ্ট অংশত কেইটামান লোক-কবিতাৰ বিষয়ে যেনে- ওকণি চোৱা গীত, ইকৰা ফুৰোৱা গীত, চোতাল সাৰোঁতে গোৱা গীত, জৰী বটা গীত আৰু লতৰোজৰ গীত আদি সন্নিবিষ্ট৷ 




এই অধ্যায়ত ফকৰাৰ  গূড়াৰ্থখিনি সুন্দৰকৈ তুলি ধৰিছে৷ উদাহৰণ- বাৰহাত জালৰ তেৰহাত ফটা,

ভাল মাৰিলি বাপৰ বেটা৷

ৰৌ-বৰালি সৰকি গ’ল,

পুঠি-খলিহনা পাহে পাহে ৰ’ল৷৷

[অসমীয়া লোক-কবিতাৰ প্ৰবাহ, পৃ-৪৩২]

গূড়াৰ্থ-ফকৰাটোত সমাজ-বুৰ?ীৰ সামগ্ৰী সোমাই আছে৷ সাধাৰণ শ্ৰেণীৰ লোকক শংকৰদেৱৰ ভাগৱতী পন্থাই আকৰ্ষণ কৰিলে, ডা-ডাঙৰীয়া নাইবা তেনে শ্ৰেণীৰ লোক ইয়াৰ দ্বাৰা সৰহ আকৰ্ষিত নহ’ল৷]


গ্ৰন্থখনত সন্নিবিষ্ট অতি গুৰুত্বপূৰ্ণ দিশ হৈছে লোক-কবিতাৰ টোকা অথাৰ্ৎ ফুটনোট৷ গ্ৰন্থখনৰ চতুৰ্দশ, পঞ্চদশ ভাগৰ চটকা গানৰ লগত, ত্ৰয়োদশ ভাগত, দশম ভাগ,  নবম, সপ্তম, ষষ্ঠ, চতুৰ্থ ভাগ, দ্বিতীয় ভাগ আৰু প্ৰথম ভাগ আদিত এটি এটি টোকা সন্নিবিষ্ট কৰিছে৷ উদাহৰণ-

চতুৰ্থ ভাগ- মালিতা বা কাহিনীগীত - এই অধ্যায়ত  ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, হৰদত্ত-বীৰদত্ত্‌ৰ গীত, চিকণ সৰিয়হৰ গীত,  জনা গাভৰুৰ গীত,মণিৰাম দেৱানৰ গীত, বৰফুকনৰ গীত,  পৃথু বৰকাকতিৰ গীত, সাউদ কোঁৱৰৰ গীত, বণিজ কোঁৱৰৰ গীত, তৰামতী বা তৰাৱতীৰ গীত, সোণমতীৰ গীত, হালকন চাহাবৰ গীত,  কাচনকুঁৱৰীৰ গীত, জয়মতীৰ গীত, দুবলা শান্তিৰ গীত, নাহৰৰ গীত, বাখৰ বৰাৰ গীত, পদ্মকুমাৰীৰ গীত, কৃষক বিদ্ৰোহৰ মালিতা, ভাটী ফুকনৰ গীত, আজান পীৰৰ মালিতা, মায়ামৰা ৰণুৱাৰ গীত, সেন্দূৰী-পমিলীৰ গীত, ফৰ্মুদ-পমীলাৰ গীত আদি  মালিতাসমূহ সন্নিবিষ্ট কৰিছে৷ ইয়াত কাচনকুঁৱৰীৰ গীত সন্নিবিষ্ট কৰি টোকাত লিখিছে-উল্লিখিত গীতৰ প্ৰথম অংশ মণিকোঁৱৰৰ গীতৰ শেহতো গোৱা হয়৷ মণিকোঁৱৰৰ কাহিনীৰ পিচৰ অংশত নৈত গা ধুবলৈ গৈ কোঁৱৰ ডুবিল, কাচন বাউলি হ’ল৷ অকাল বিধৱা কাচনৰ বিলৈ কথাতে মণিকোঁৱৰৰ কাহিনী আৰু গীতৰ ওৰ পৰে৷ লেইদৰে, কাচনৰ বিলৈ আৰু অকাল বিধৱাৰ যাতনাৰ কথাৰে কাচনকুঁৱৰীৰ গীত আৰম্ভ হয়৷   [অসমীয়া লোক-কবিতাৰ প্ৰবাহ, পৃ-১৭০]


 ওপৰঞ্চি ভাগত সংগ্ৰহৰ সূত্ৰ আৰু উৎস প্ৰসংগ, কৃত:তা বা স্বীকাৰ্য বা বিশেষ সহায়, লোক-কবিতাৰ বৰ্ণনাত্ৰমিক সূচী, পুনশ্চ আদি সন্নিবিষ্ট কৰিছে৷


অসমীয়া লোক-কবিতাৰ এই সম্পাদন, সংকলন কৰ্ম এইখিনিতে সীমাৱদ্ধ নাৰাখি ভৱিষ্যতেও অব্যাহত ৰাখিব বুলি আশা থকা ধ্ৰুবজ্যোতি দাসে মুঠৰ ওপৰত নিজে কবিতা লিখা পঢ়াৰ দৰে গধূৰ কৰ্ম-সাধনা কৰা  আৰু  ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়াতাৰ  দৃষ্টিৰে আগবঢ়াই নিয়া কৰ্ম সম্পাদন, সংকলন কৰা ধ্ৰুৱজ্যোতি দাসৰ পৰিশ্ৰম মন কৰিবলৈ পাইছোঁ৷ সত্য তথ্য সম্বলিত আৰু পুিঁথভৰালতসংগ্ৰহ কৰিব লগা গ্ৰন্থখনত অসমৰ লোকজীৱনৰ পৰা বহু কষ্টৰে লোককবিতাসমূহ এক লানি নিচিগা মালাৰ দৰে গাঁথি পেলাবলৈ প্ৰয়াস কৰিছে৷ অসমৰ উজনি-নামনিৰ লোক-কবিতা সন্নিবিষ্ট অসমীয়া  মৌখিক সাহিত্যৰ এখন চানেকি স্বৰূপ সম্পাদন আৰু সংকলন গ্ৰন্থখনৰ ভাৰ লৈ এনে সাহিত্য-সংস্কৃতিৰ মূল্যৱান কৰ্মই ভৱিষ্যতৰ দিনত বহু লোকক অনুপ্ৰাণিত কৰিব আৰু লোকমনৰ জি:াসুসকলক সদায় প্ৰভাৱান্বিত কৰিব বুলি আশা কৰিব পাৰি৷


  গ্ৰন্থখনৰ শেষলৈ দিয়া প্ৰকাশকৰ তাৎপৰ্যপূৰ্ণ কথাষাৰৰ কথাৰে ক’ব পাৰি-

‘‘...এই গ্ৰন্থখনতো পাঠকে এটা বাৰ্তা পাব, অসমীয়া লোক-কবিতাৰ বাতাৰ্৷ সততে নোপোৱা, অচিনাকি হৈ পৰা আৰু হেৰাই যোৱাৰ উপক্ৰম ঘটা বহুটো লোক-কবিতা বা লোকগীত ইয়াত সংকলিত হৈছে, লগতে সন্নিবিষ্ট হৈছে তথ্যসমৃদ্ধ টোকা৷ এক কথাত অসমীয়া লোক-কবিতাৰ প্ৰবাহ অসমীয়া লোক গীতৰ সৰ্ব্ববৃহৎ আৰু মূল্যৱান সংকলন৷’’সংগ্ৰহৰ সূত্ৰ আৰু ইয়াৰ উৎস [অসমীয়া ইংৰাজী সৰ্বমুঠ ৪৬ খন গ্ৰন্থৰ তালিকা সন্নিবিষ্ট] , কৃত:তা [২৫ জন বিশেষ ব্যত্তিৰ নাম উল্লেখ] , স্বীকায ৰ্[বাৰমাহী গীত, বিহু উৰুৱাৰ গীত,  চাকচনী মতা গীত, ওকণি খেদোৱা গীত, হৈ গুদু খেলা গীত আৰু সাঁথৰ সংগ্ৰহ কৰা ব্যত্তিৰ নাম উল্লে্‌খ] , বিশেষ সহায় [গুৱাহাটী, তেজপুৰ, বিশ্বনাথ চাৰিআলি আৰু চতিয়াৰ গুৰুত্বপূৰ্ণ গ্ৰন্থাগাৰৰ নাম উল্লেখ]  সন্নিবিষ্ট অসমীয়া লোক-কবিতাৰ প্ৰবাহ গ্ৰন্থখন প্ৰজ্ঞা মিডিয়াহাইপে প্ৰকাশ কৰিছে৷  গ্ৰন্থখনৰ পৃষ্ঠা ৪৪৮ আৰু মূল্য ৩৫০ টকা৷

ৰাজেন দাস ফোন নং -৯১০১২২১৪৩৬









Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা