মামণি ৰয়ছম গোস্বামীৰ উপন্যাস বিচাৰ আৰু বিশ্লেষণ’’ এটি পৰিচয়মূলক আলোচনা
"মামণি ৰয়ছম গোস্বামীৰ উপন্যাস বিচাৰ আৰু বিশ্লেষণ’’ এটি পৰিচয়মূলক আলোচনা
গ্ৰন্থখনৰ প্ৰথম প্ৰবন্ধ আধুনিক ভাৰতীয় সাহিত্যত তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’ ত আধুনিক ভাৰতীয় সাহিত্যৰ সংক্ষিপ্ত পৰিচয় দি ‘ৰামায়ণ ফ্ৰ¶ম গংগা টু ব্ৰক্ষ্মপুত্ৰ ’ [ Ramayanaজ্ব from Ganga to Brahamputra] গৱেষণা গ্ৰন্থৰ উল্লেখেৰে আৰম্ভ কৰা লেখটোত মামণি ৰয়ছম গোস্বামীৰ বিৰল সৃষ্টি ‘ তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা ’ উপন্যাসখনৰ নানান দিশৰ আলোচনা কৰিছে৷ প্ৰখ্যাত লেখিকাগৰাকীৰ উপন্যাসসমূহ হিন্দী, ইংৰাজী, মালায়লাম, নেপালী, বঙালী, গুজৰাটী, পাঞ্জাবী, সংস্কৃত, সিন্ধী আদি বিভিন্ন ভাষালৈ অনূদিত হোৱাৰ তথ্য সম্বলিত বৰ্ণনাই প্ৰবন্ধটোক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷ আলোচিত উপন্যাসখন ‘‘ Pages Stained with blood ’’ নাম দি ইংৰাজীলৈ অনুবাদ কৰিছে প্ৰদীপ আচাৰ্যই আৰু ‘‘ৰক্তে মাখা ধূলি ধূসৰ পৃষ্ঠা ’’ নামেৰে বাংলা ভাষাত অনুবাদ কৰিছে মুক্তি চৌধুৰীয়ে৷ বাংলা অনুবাদ উপন্যাসখন যাদৱপুৰ বিশ্ববিদ্যালয়ত পাঠ্যপুথি হিচাপে গৃহীত, উপন্যাসখনত জীৱন্ত কাহিনী, প্ৰত্যক্ষবাস্তৱৰ উন্মুক্ত দিশ থকাৰ কথা প্ৰৱন্ধকাৰে উল্লেখ কৰিছে৷ দিল্লীৰ নানা দিশ- ঔদ্যোগিক, বাণিজ্যিক বা বৈজ্ঞানিক, উপমা, চিত্ৰকলা আদি সাহিত্যিক গুণৰ উদাহৰণ, তীব্ৰ শ্লেষাত্মক ভাষাৰ প্ৰয়োগৰ উদাহৰণ, অনা-অসমীয়া শব্দৰ প্ৰয়োগ, বাহিৰত উপন্যাস খন সমাদৃত হোৱা দিশ আদিয়ে ঔপন্যাসিক গৰাকীক দিয়া আনন্দ ‘দস্তাৱেজৰ নতুন পৃষ্ঠা ’ ত উল্লেখ, ১৯৮৪ চনৰ নৰসংহাৰৰ আলমত গোস্বামীৰ বাদেও সোণালী বসুৰ ‘আমু’ উপন্যাস আৰু ‘আমু’ চলচ্ছিত্ৰ নিমাৰ্ণ, চলচ্ছিত্ৰখনৰ ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ‘ National Film Award’ লাভ, উক্ত বিষয়বস্তুৰ আধাৰতে ‘ Kaya tar and(chrusalis), Hawayein আদি চলচ্ছিত্ৰ নিমাৰ্ণ আদি বিভিন্ন গ্ৰন্থ, চলচ্ছিত্ৰ এনে বিষয়বস্তুৰে ৰচিত হোৱাৰ তাৎপৰ্য বিশেষ গুৰুত্বপূৰ্ণ৷ তেনে গ্ৰন্থৰ ভিতৰত খুচৱন্ত সিঙৰ -Tragedy og Punjab জ্ঞ operation Blastar গু After , জাৰ্ণেল সিঙৰ ট্ট accase , মোহিত শমাৰ্ৰ- ৮৪teras , এইচ, এচ, পোল্কা আৰু মনোজ মিট্টাৰ- When a tree shook Delhi , জ্যোতি গ্ৰেৱালৰ- But rayed by the stateজ্ঞ The Anti-sikh programe of ১৯৮৪ , মাৰ্ক টু জ্জ্ব লৰ- Amristarজ্ব Mrs Gandhi last Bettle, জচকৰণ কৌৰ আৰু বাগবাজাৰ ক্ৰোচেটিৰ- Twewnty years of imprity জ্ব The November ১৯৮৪ Programs of Sikhs in India , আদি৷ এনেকৈ তথ্য সহকাৰে আৰু দিল্লীৰ প্ৰেক্ষাপট, শ্ৰীলংকাৰ বাতৰি কাকতত গোস্বামীৰ সম্পৰ্কে বাতৰি প্ৰকাশ, হীৰেন গোঁসাইৰ আলোচিত উপন্যাস সম্পৰ্কে মন্তব্য, আধুনিক প্ৰেক্ষাপট, ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত তেওঁৰ সাহিত্যৰাজি তথ্য সহকাৰে উল্লেখেৰে প্ৰবন্ধকাৰে আধুনিক ভাৰতীয় সাহিত্যৰ আলোচনাত উপন্যাসখনৰ স্থান নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে৷
লেখিকাই ‘থেংফাংখ্ৰী চৰিত্ৰত ঐতিহাসিক তথ্যৰ প্ৰয়োগ’ শীৰ্ষক প্ৰবন্ধত থেংফ্ৰাখ্ৰী চৰিত্ৰত ঐতিহাসিক তথ্যৰ প্ৰয়োগৰ দিশটোৰ লগতে অসমীয়া উপন্যাস-পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতী, লাহৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী যে বুৰঞ্জীৰ পটভূমিত ৰচিত আৰু মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ভানুমতী, মানৰ আক্ৰমণৰ পটভূমিত লাহৰী, দন্দোৱাদ্ৰোহৰ ঘটনাৰ আধাৰত পদুম কুঁৱৰী ৰচিত হোৱাটো উল্লেখ কৰিছে৷ মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত বাস্তৱ কাহিনী, চৰিত্ৰই ঠাই পোৱা দিশটো-‘‘ I have several novels, all based on actual experiences of my life ’’ এনে মন্তব্যই প্ৰতিপন্ন কৰে৷ প্ৰবন্ধটোৱে সামৰি লোৱা দিশ–থেংফাংখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল, বিৰগৌনি খংগ্ৰি [বীৰগ্ৰোশ্ৰীৰ তৰোৱাল], তুলনামূলক বিচাৰ আৰু সিদ্ধান্ত
‘থেংফাংখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল’ ত থেংফাখ্ৰী নামৰ সাহসী বড়ো জনজাতি নাৰী এগৰাকীয়ে বৃটিছ সেনাৰ বেৰেকৰ ভগ্নাৱশেষ তামৰ তৰোৱাল পোৱা, সেই তৰোৱাল পৰৱত¹ সময়ত সাহস, শৌৰ্যৰ প্ৰতীক হোৱা, অস্ত্ৰচালনা, বন্দুক চালনা কৰাৰ শিক্ষা লৈ বৃটিছ কোম্পানীৰ ইজাৰাদাৰ পদত অধিষ্ঠিত হৈ শেষত তহচিলদাৰ পদলৈ পদ্ৰোন্নতি, মেক্লিনছন চাহাবে আখ্যা দিয়া-মিৰাকল, - Not a single word , not a single word. Miracle it is just a Miracle...Thangfhkri you are great আদি কথাৰ বৰ্ণনা আছে৷ বৃটিছ চৰকাৰে থেংফাখ্ৰীক তহচিলদাৰ নিযুক্তি দি গ্ৰাম্যাঞ্চলৰ পৰা কৰ সংগ্ৰহ কৰোৱাইছিল৷ সেই কামত তেওঁ নানা কৰুণ পৰিস্থিতিৰ মুখামুখি হৈছিল৷ ভোলা কছাৰীৰ ঘৰত ক্ৰোক কৰিবলৈ যোৱাৰ ঘটনাই চৰিত্ৰটোৰ গতি সলনি কৰি পেলোৱা, ৰামচন্দ্ৰৰ ফাঁচীকাঠত এলোমোৱা ঘটনাই থেংফাখ্ৰীৰ জন্মভূমিৰ মুক্তিৰ বাবে তহচিলদাৰৰ চনদ, কোম্পানীৰ ঘোঁৰা ওভোটাই দিয়া, ককাকৰ আশ¹বাদ সহিতে থেংফাখ্ৰীয়ে তৰোৱাল লৈ ঘৰৰ পৰা ওলাই গৈ ৰামচন্দ্ৰৰ ফাঁচীকাঠত ওলোমোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰা আৰু শেষত খৰ্গেশ্বৰ সূত্ৰধাৰে যোগাৰ কৰা দলৰ সৈতে নাৱত উঠি জন্মভূমিৰ মুক্তিৰ বাবে যাবলৈ সাজু হোৱা ইত্যাদি দিশ উপস্থাপন কৰা হৈছে৷ মামণি ৰয়ছম গোস্বামীৰ দাশৰথিৰ খোজ উপন্যাসত ৰামকথা বিচাৰ ’ আন এটা লেখত ল’বলগীয়া প্ৰবন্ধ৷ মামণি ৰয়ছম গোস্বামীৰ বাস্তৱ অভিজ্ঞতাৰ ফচল দাশৰথিৰ খোজ উপন্যাস৷ ৰাম-সীতাৰ মহত্ব চচাৰ্ আৰু প্ৰচাৰৰ বাবে লেখিকাই বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্ত ঃ ৰাষ্ট্ৰীয় সন্মিলনত যোগদান কৰাৰ বাবে নান ঠাই পৰিভ্ৰমণ কৰিছে আৰু লিখি উলিয়াইছে ৰামকেন্দ্ৰিক কাহিনীৰ অৱলম্বনত দাশৰথিৰ খোজ৷ ৰামায়ণৰ পুৰা চৰিত্ৰ ৰাম৷ চৰিত্ৰটোৰ মাজত থখা দয়া, মানৱতা, ত্যাগ, ক্ষমা, ক্ষমতা-সম্পত্তি গুণসমূহে সম্প্ৰতিও যেন তাৰ প্ৰাসংগিকতাৰ দিশটোৰ বিষয়ে প্ৰবন্ধকাৰে উনুকিয়াইছে৷ উপন্যাসখনৰ পঠন, বিষয়বস্তু, লেখিকাৰ অভিজ্ঞতালৱদ্ধ দিশ, ৰামায়ণী সাহিত্যত বুৎপত্তি থকা নানান পণ্ডিত, অধ্যাপক, ৰামায়ণী সন্মিলনৰ নানা অভিজ্ঞতা, হৃদয়বিদাৰক ঘটনা, হনুমান, মাধৱানন্দ, কমলাদেৱী ইত্যাদি এশএবুৰি তথ্য পোৱা যায়৷ দাশৰথিৰ খোজ’ ত ৰামকথাৰ বিচাৰ ’ উক্ত শীৰ্ষকটোত ঔপন্যাসিকে বৃন্দাবনত তুলসীদাসৰ ‘ ৰামচৰিত মানস ’ৰ অধ্যয়ন, ৰাম, সীতাৰ জীৱনৰ নানান দিশ, মাধৱানন্দৰ চৰিত্ৰ, কমলাদেৱী, ৰাষ্ট্ৰীয় তথা আন্ত ঃ ৰাষ্ট্ৰীয় ৰামায়ণী সন্মিলনত অংশগ্ৰহণ আৰু বহু পণ্ডিত ব্যক্তিৰ সংস্পৰ্শ, মৰিছাছৰ মোকা চহৰৰ ৰামায়ণী সন্মিলন, জৈন ৰামায়ণ-পউমচৰিতা, মাধৱ কন্দলিৰ ‘সপ্তকাণ্ড ৰামায়ণ’ আদি কেইবাখনো ৰামায়ণৰ পৰা উপন্যাস লেখিকাই ব্যৱহাৰ কৰা উদ্ধৃতি, হনুমানৰ প্ৰতিভা বিষয়ক উদ্ধৃতি, ৰামচন্দ্ৰৰ মহত্ব বিষয়ক উদ্ধৃতি, ৰামায়ণী সন্মিলনৰ বাস্তৱ অভিজ্ঞতাই উপন্যাসখনত ভৰপূৰ৷ বাল্মিকী ৰামায়ণৰ দৰে প্ৰাকৃতিক সৌন্দৰ্য, ৰাৱণ চৰিত্ৰৰ সৈতে জড়িত লংকাৰ সৌন্দৰ্য, লংকাৰ বাগিছা, অন্যান্য সুন্দৰী, বাৱণৰ বল-বিক্ৰম, ঝাঁকীৰ দৰে ঘটনা, ৰামায়ণত সুন্দৰাকণ্ডৰ বত্ৰিশটা শ্লোক বৰ্ণনাক অনুসৰণ কৰা দিশৰ উদাহৰণ, ৰামচন্দ্ৰক ওভোটাই অনা, চিত্ৰকূট শোভাযাত্ৰাত ৰামলীলামণ্ডলীয়ে কৰা অভিনয়, ৰ’জমেৰি, পোলিত চাহাবৰ প্ৰসংগ, নেপালত অনুষ্ঠিত সীতাৰ পঞ্চমী, জনকপুৰ অভিমুখে ৰাওনা, সীতাৰ ৰূপ বৰ্ণনা তুলসীৰ দোহাত, সীতাৰ গুণানুকীৰ্তন চৌদিশে মুখৰিত, ৰামকেন্দ্ৰিক বিভিন্ন প্ৰসংগ, ৰাণী সতাৰ মন্দিৰত ৰামায়ণ সম্পক¹য় প্ৰসংগ, উইলিয়াম কাপৰ ৰামায়ণ সম্পক¹য় অনুসন্ধিৎসা, ৰাৱণৰ পৰলোকপ্ৰাপ্তিত মন্দোদৰীৰ বিলাপ, মাধৱ কন্দলিয়ে ৰাৱণৰ মৃত্যুত প্ৰিয়পত্নীৰ বিলাপৰ উদাহৰণ, পোলিত চাহাবৰ মৃত্যুঘন হনুমানৰ সাগৰ লংঘন, ভট্টৰায়ে হনুমানৰ ৰূপত সাজোন-কাচোন, প্ৰসাধন কৰা আৰু তেনে পৰিস্থিতিত হনুমানৰ স্তুতিৰ উদাহৰণ, কৃত্ৰিম মহেন্দ্ৰ পৰ্বত, শেষত ভট্টৰায়ক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ মাধৱানন্দৰ প্ৰাণহীন শৰীৰ উদ্ধাৰ আদি শোকাৱহ ঘটনাৰে উপন্যাসখন যৱনিকা পেলোৱা, কমলা দেৱীৰ নিৰুদ্দেশ আদি দিশত প্ৰবন্ধকাৰে আলোকপাত কৰিছে৷ মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ আৰু দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাত নাৰীকেন্দ্ৰিক সমস্যাৰ প্ৰতিফলন ’ শীৰ্ষক প্ৰবন্ধত অসমীয়া সাহিত্যত মামণি ৰয়ছম গোস্বামীৰ অৱস্থিতি সম্পৰ্কে চমুকৈ উল্লেখ কৰি তেওঁৰ উপন্যাস নে বাস্তৱৰ পৰিৱেশ-পৰিস্থিতিৰ ভিতৰুৱা বাবে অধিক হৃদয়স্পশ¹ তথা পঠনযোগ্য, অৱহেলিত, শোষিত, লাঞ্চিত, অঞ্চলৰ পৰা ৰাজ্যিক পযাৰ্য়ৰ সমস্যা লৈ বিকশিত হৈ দেশকালভেদি ৰাষ্ট্ৰীয় তথা আন্ত ঃ ৰাষ্টীয় প্ৰেক্ষাপটত উজলি উঠিছে সেই কথা উল্লেখ কৰি, নাৰীকেন্দ্ৰিক, পুৰুষকেন্দ্ৰিক নানা প্ৰতিচ্চবি, সাম্প্ৰতিক সময়ৰ সৈতে তুলনা কৰি প্ৰবন্ধটো কেইটিমান দিশত ভাগ কৰি আলোচনা আগবঢ়াই নিছে৷ ‘নীলকণ্ঠী ব্ৰজ’ মামণি ৰয়ছম গোস্বামীৰ অন্যতম উপন্যাস৷ ইয়াৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ সৌদামিনী৷ সৌদামিনীৰ বৈধৱ্য জীৱনৰ যন্ত্ৰণা-জৰ্জৰ ছবিখন ঔপন্যাসিকে কিদৰে উপন্যাসখনত অংকন কৰিছে তাকেই প্ৰবন্ধকাৰে উদাহৰণসহ দেখুৱাইছে৷ আনখন উপন্যাস ‘দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা ’ ত গিৰিৱালাৰ বৈধৱ্য জীৱনৰ ছবি, সৰু গোসানীৰ সুতীব্ৰ প্ৰেমাস্পদীয় তৰঙ্গায়িত ভাৱাবেগ ফুটাই তুলিছে৷ দুয়োখন উপন্যাসৰে মাজত নাৰীৰ দশাক পাঠকৰ আগলৈ আনি সাহসিকতাৰ পৰিচয় দিয়াই নহয়, তাৰ সাৰ্থক চিত্ৰণো কৰিছে বুলি প্ৰবন্ধকাৰে স্পষ্টকৈ উনুকিয়াইছে৷
মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদাত প্ৰতিফলিত সংঘাত ’ শীৰ্ষকটোৰ কথাখিনি ক’বলৈ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাত প্ৰতিফলিত সংঘাত ’ শিীৰ্ষক দি তাত গিৰিৱালা, ইন্দ্ৰনাথ চৰিত্ৰ দুটিৰ আভ্যন্তৰীণ সংঘাতে সমাজ শক্তিৰ সৈতে হোৱা বিৰোধৰ সৃষ্টি, উপন্যাসখনক উক্ত চৰিত্ৰ দুটিয়ে গতিশীলতা দিয়াত উনুকিয়াই প্ৰবন্ধকাৰে কেইটিমান উপশীৰ্ষক দি লৈছে-পৰম্পৰা আৰু আধুনিকতাৰ সংঘাত, ব্যক্তিৰ অন্তল¹ন জগতৰ সংঘাত, সমাজ শক্তিৰ লগত মানুহৰ বিৰোধ আদি৷
ঔপন্যাসিকে তেৰ বছৰ বয়সত কলম হাতত তুলি লোৱা সৱল গল্পকাৰ যদিও সত্তৰৰ দশকৰ পৰা তেওঁ উপন্যাস জগতত ভৰি দিয়ে আৰু ‘চেনাবৰ সোঁত ৰ পৰা থেংফ্ৰাী ’ লৈকে উপন্যাস ৰচনা কৰি যোৱাৰ কথা প্ৰবন্ধকাৰে উল্লেখ কৰি লেখিকা মামণি ৰয়ছমে নিজে ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ ক শ্ৰেষ্ঠ সাহিত্যকৃতি বুলি কৈ গৈছে-‘‘ কোনো লেখকেই হয়টো নিজৰ লেখাকলৈ কেতিয়াও সুখী হ’ব নোৱাৰে৷... তথাপি কওঁ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ খনেই মোৰ শ্ৰেষ্ঠ সাহিত্য কৃতি৷ অন্ততঃ মই এক অনন্য তৃপ্তি লাভ কৰিছিলোঁ৷ [৫২] এই ধৰণৰ কথা উদাহৰণসহ দাঙি ধৰিছে৷
প্ৰবন্ধকাৰে প্ৰথম শীৰ্ষকটোত উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ ইন্দ্ৰনাথৰ দ্বাৰা সত্ৰৰ সংৰক্ষণশীলতা পৰিহাৰ, যুগোপযোগী দিশে ঢাল খোৱা ইন্দ্ৰনাথৰ ইংৰাজী শিক্ষাৰে পৈণত অৱস্থা, পৰম্পৰাগত বিবাহ ভঙ্গ, যাক আধুনিকতাৰ বাহকস্বৰূপ বুলিব পাৰি, কমিনিউষ্ট এলেকাত মাটিৰ পট্টা বিতৰণ, শেষত কৃষকৰ ভুল বুজাবুজিত ইন্দ্ৰনাথৰ মৃত্যু আঁৰৰ সংঘাতখিনি, চৰিত্ৰটোৱে ক্ষয়িষ্ণু সমাজখনৰ স্বৰূপ দাঙি ধৰা আৰু আত্মবিশ্বাসী হৈ অধিকাৰ গেঁসাইৰ পৰিয়ালৰ ফোঁপোলা ৰূপৰ বিনাশ কৰাৰ স্বাৰ্থত ইন্দ্ৰনাথৰ পদক্ষেপেই সংঘাত শীৰ্ষ বিন্দুত অৱস্থান গ্ৰহণ কৰা ইত্যাদি দিশসমূহ উদাহৰণসহ বুজাবলৈ প্ৰয়াস কৰিছে৷
‘ব্যক্তিৰ অন্তল¹ন জগতৰ সংঘাত’ ৰ ক্ষেত্ৰত পৰিয়ালৰ মানুহ তথা সত্ৰৰ ভিন্নজনৰ সৈতে মতৰ অমিল হৈ ইন্দ্ৰনাথৰ অন্তদ্বৰ্ন্দ, অপৰাগ কাৰ্যপন্থা, সংস্কাৰমুক্ত ইন্দ্ৰনাথৰ কোনো প্ৰতিবাদী সুৰ নোহোৱা, গিৰিৱালাৰ অন্তদ্বৰ্ন্দ্বক জয়, ইন্দ্ৰনাথৰ বৈৰাগ্য, মানসিক উদাসীন প্ৰভৃতি দিশ উদাহৰণেৰে প্ৰবন্ধকাৰে লিখি উলিয়াইছে৷
‘সমাজ শক্তিৰ লগত মানুহৰ বিৰোধ’ ৰ ক্ষেত্ৰত সমাজৰ বিপৰীত স্থানত অৱস্থান কৰা গিৰিৱালাক ধম¹য় সংৰক্ষণশীলতাত চেপা খাই থকা মানৱৰ অন্যায় সাধন, নিজ স্বামীয়েই নাৰীত্ত্বক কৰা অপমান, গিৰিৱালক সহ্যৰ সীমাৰ বাহিৰ আছিল৷ বৈধৱ্যব্ৰত পালন নকৰি গিৰিৱালাই অন্তদ্বৰ্ন্দ্বক জয় কৰি, জীৱনক নতুনকৈ চোৱাৰ পোষকতা কৰে, মাৰ্ক চাহাবক সাঁচিপতীয়া কামত সহায় কৰি তেওঁতে জীৱন সপি দিবলৈ গৈ ব্যৰ্থ আত্মজাহ দি প্ৰচলিত সমাজ ব্যৱস্থা, সংস্কাৰক প্ৰতিবাদ কৰিছে৷ তিনিওটি সংঘাত যে ইটো-সিটোৰ পৰিপূৰক তাক প্ৰবন্ধকাৰে স্পষ্টকৈ আলোচনা কৰা পৰিলক্ষিত হৈছে৷
‘মামণি ৰয়ছম গোস্বামীৰ মামৰে ধৰা তৰোৱাল ঃ এটি পযাৰ্লোচনাৰ্ প্ৰবন্ধটোত প্ৰবন্ধকাৰে ‘মামৰে ধবþা তৰোৱাল’ [১৯৮০] ত শ্ৰমিক জীৱনৰ সুখ-দুখৰ গাঁথা, নাৰীৰ বিননি আদি দিশ, বিখ্যাত ঔপন্যাসিক জ্ঞানপীঠ বঁটা বিজয়ী ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই উপন্যাসখনৰ ওপৰত দিয়া মন্তব্যৰে আলোচনাটি আগবঢ়াই কেইটামান উপশীৰ্ষত ভাগ কৰি লৈছে, সেইবোৰ-নামকৰণৰ তাৎপৰ্য, কাহিনী, চৰিত্ৰ চিত্ৰণ, সমাজ-জীৱনৰ চিত্ৰ, উপসংহাৰ আদি৷
নামকৰণৰ তাৎপৰ্যত যশোৱন্তৰ দৰে শিক্ষিত যুৱকৰ অন্তৰ্ভূক্তিয়ে শ্ৰমিকসকলৰ মনত আশাৰ সঞ্চাৰ কৰে যদিও তেওঁকে সকলোৱে কোম্পানীৰ শোষণৰ বিৰুদ্ধে যুঁজ নমায়৷ কিন্তু যশোৱন্ত নামক তৰোৱালখন মামৰে তৰোৱাল, কোনো পৰিকল্পনা নথকা- উদক ভেটা ৰখীয়া পতাৰ দৰে প্ৰহসন আৰু শম্ভূ পাছোৱানে কঢ়িয়াই ফুৰা খালী টিনটোৱে নিৰ্দেশ কৰা ধৰ্মঘটৰ ফোপোলা দিশ আদিয়ে যুঁজখন যে নিৰৰ্থক হৈ পৰিল সেই দিশটো প্ৰবন্ধকাৰে ফঁহিয়াই দেখুৱাইছে৷
কাহিনীত প্ৰবন্ধকাৰে এক নিটোল কাহিনীৰ অভাৱ, বিক্ষিপ্ত , লেখিকাৰ বাস্তৱ অভিজ্ঞতা, ধৰ্মঘটৰ বিফলতা, যশোৱন্তৰ মৃত্যু প্ৰভৃতি দিশ চমুৱাই উল্লেখ কৰিছে৷ যশোৱন্ত, নাৰায়ণী, শম্ভু পাছোৱান, বসুমতী বুঢ়ী, শিবু ধাছলা, লিচু লেঙেৰা, ঠাকুৰ চাহাব, বলবীৰ স্বামী, শাস্ত্ৰী, ৰামু-বাবু আদিৰ কাহিনীবিন্যাসত ভূমিকা তথা অৱস্থান সম্পৰ্কে উদাহৰণসহ দেখুৱাইছে৷ সমাজ জীৱনৰ শীৰ্ষকটোত লেখিকাই বাস্তৱ জীৱনৰ পৰা বুটলি অনা কাহিনী, মৰ্মস্পশ¹ বৰ্ণনা, অন্ধ-বিশ্বাস আদিৰ উদাহৰণ দি হৰিজন শ্ৰমিকৰ মাজত-দেবী দন্তেশ্বৰীৰ পূজা, নাৰায়ণ পূজা, মাচান, কাহাৰ ডাক, অশিক্ষিত লোকৰ ভাষা-চুৱৰ, চুৱৰৰ বাচ্ছা, ৰাক্ষস, পিশাচ, হাৰামজাদী, বান্দৰ বেমাৰী, ঠাকুৰ চাহাবৰ মদ আৰু নাৰী আসক্তি, দালান কিনা আদিৰে উপসংহাৰত ৰুঢ় বাস্তৱ, বৈচিত্ৰ্যময় কাহিনী, দুৰ্দশাগ্ৰস্ত জীৱনৰ যে প্ৰতিভূস্বৰূপ এই উপন্যাসখন তাকেই উল্লেখ কৰি সৰ্বকালৰ শ্ৰেষ্ঠ উপন্যাস হিচাপে স্পষ্টকৈ ঘোষণা কৰিছে৷
‘মামণি ৰয়ছম গোস্বামী আৰু নৱনীতা সেনৰ উপন্যাসৰ নাৰী চৰিত্ৰ ঃ এক তুলনামূলক বিচাৰ’ উক্ত শীৰ্ষকটোত ভিতৰলৈ নাযাওঁতেই প্ৰবন্ধকাৰে তুলনামূলক সাহিত্যৰ দৃষ্টিভংগী, অসম তথা ভাৰতত অধ্যয়নৰ দিশ, আলোচনাৰ বাবে অন্তৰ্দেশীয় þ[Tradition] আৰু
সমান্তৰাল অধ্যয়ন পদ্ধতি [Paralle] ৰ সহায় লোৱাটো উল্লেখ কৰি উপন্যাস দুখনৰ নাৰীচৰিত্ৰসমূহ তুলনামূলক দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়াস কৰাৰ লগতে ঔপন্যাসিকৰ তেনে সাহিত্যত অৱস্থিতি, উপন্যাসত চৰিত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আদি দিশ উল্লেখ কৰি মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজৰ সৌদামিনী, দঁতাল হাতীৰ উঁয়ে হাওদাৰ গিৰিবালা, মামৰে ধৰা তৰোৱালৰ নাৰায়ণী...আদি৷ নবনীতা সেনৰ প্ৰবাসে দৈবেৰ বশেৰ-বিপাশা, ফিনিক্সৰ বিপাশা, ৰোহিনী আদি চৰিত্ৰৰ বিভিন্ন দিশ আলোচনাত উদাহৰণসহ ঠাই পাইছে৷
তুলনামূলক শীৰ্ষকটোত মামণি ৰয়ছম গোস্বামী আৰু নৱনীতা দেবসেনৰ উপন্যাসৰ আলোচিত নাৰী চৰিত্ৰকেইটিৰ সাদৃশ্য-বৈসাদৃশ্যৰ দিশখিনি উনুকিয়াই ইয়াৰ তত্ত্বগত দিশ আলোচনাৰ সম্ভাৱনা দেখুৱাই দিছে৷
‘মামণি ৰয়ছম গোস্বামী আৰু নবনীতা দেবসেনৰ উপন্যাসত নাৰীবাদী চেতনা আৰু মানৱতাবাদী দৃষ্টিভংগীৰ বিচাৰ ’ শীৰ্ষক প্ৰবন্ধটোৰ পহিলাতে প্ৰবন্ধকাৰে নাৰীবাদী দৃষ্টিভঙ্গীৰ এক আভাস দি জন চাৰ্ভে [ফেমিনিজম’ৰ গ্ৰন্থাকাৰ], মাগাৰ্ৰেট ফুলাৰ, গোবিন্দ প্ৰসাদ শমাৰ্ আদিৰ নাৰীবাদ সম্পক¹য় মন্তব্য উল্লেখেৰে মূল আলোচনালৈ আগবাঢ়িছে৷
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰীবাদী চিন্তাৰ পোনপটীয়া প্ৰতিফলন নাই, নাৰীবাদী ভাৱনাইহে প্ৰতিফলিত হৈছে সেইটো দিশ স্পষ্ট কৰিবলৈ প্ৰবন্ধকাৰ গোবিন্দ প্ৰসাদ শমাৰ্ৰ মন্তব্য গাঁথি দিছে৷ তদুপৰি মামণি ৰয়ছম গোস্বামীৰ ভিক্ষাৰ পাত্ৰ ভাঙি’ উপন্যাসো ইয়াত উদাহৰণ হিচাপে উল্লেখ কৰিছে৷
নবনীতা দেবসেনৰ উপন্যাসত স্পষ্ট নাৰীবাদী চিন্তাৰ উন্মেষ ঘটিছে বুলি প্ৰবন্ধকাৰে নাৰী চৰিত্ৰৰ আলোচিত উপন্যাসৰ সংলাপেৰে সৈতে আঙুলিয়াই দেখুৱাইছে৷ মুঠ কথাত দুয়োগৰাকী ঔপন্যাসিকৰে নাৰীবাদী চিন্তা, মানৱতাবাদী চেতনা, নাৰীমনৰ মনস্তাত্ত্বিক দিশ উপন্যাসসমূহত যে আছে সেইয়াও আলোচিত উপন্যাসৰ মাজেৰে প্ৰতিফলিত কৰিছে৷
‘মামণি ৰয়ছম গোস্বামীৰ চেনাবৰ সোঁত উপন্যাসৰ নাৰীচৰিত্ৰ’ শীৰ্ষকটোত ‘চেনাবৰ সোঁত’ উপন্যাসখন প্ৰথমে দৈনিক অসম কাকতৰ বিশেষ সংখ্যাত প্ৰকাশ, ঔপন্যাসিকে নিজে দিয়া উপন্যাসখনৰ ওপৰত মন্তব্য, লেখিকাই বাস্তৱ জীৱনৰ কাহিনী পাঠকক পঠনযোগ্য ৰূপত তুলি ধৰা, সোণী, ৰাঘামা, পাৰ্বতী, বাঈচাহেবা আদি চৰিত্ৰৰ জৰিয়তে উপন্যাসখনত নাৰীৰ বৈচিত্ৰ্য, বৈবিধ্য, যৌনচিত্ৰণ, প্ৰেম, কাহিনী বিন্যাসত ভূমিকা আদি দিশত উদাহৰণসহ আলোকপাত কৰিছে৷
মামণি ৰয়ছম গোস্বামীৰ মানৱীয় দৃষ্টিভংগীৰ চানেকি’ শীৰ্ষক প্ৰবন্ধত মানৱতা [Humanity], মানৱতাবাদ [Humanism] আদিৰ আভাস দি ‘মামৰে ধৰা তৰোৱাল’ উপন্যাসত সেই দিশৰ প্ৰকাশৰ প্ৰাসংগিকভাৱে স্বনামধন্য সাহিত্যিক, সমালোচক ড হীৰেন গোঁহাইৰ মন্তব্য, উপন্যাসত মানৱতাবাদী চিন্তাৰ উন্মেষ ঘটা দুই এটি উদাহৰণ তুলি ধৰিবলৈকে, ঔপন্যাসিকে দাঙি ধৰা মানৱতাবাদী দৃষ্টিভংগীৰো মন্তব্য তুলি দি আলোচনা গম্ভীৰ কৰা পৰিলক্ষিত হৈছে৷
‘মামণি ৰয়ছম গোস্বামী আৰু নৱনীতা দেৱসেনৰ উপন্যাসৰ নাৰী চৰিত্ৰ সৃষ্টিৰ সামাজিক প্ৰেক্ষাপট আৰু বাস্তৱবাদী প্ৰভাৱ ঃ এক অৱলোকন’ আলোচনাটিত নাৰী চৰিত্ৰ সৃষ্টিৰ সামাজিক প্ৰেক্ষাপট, বাস্তৱবাদী নাৰী চৰিত্ৰ সৃষ্টিত ইয়াৰ প্ৰভাৱ আদি উপশীৰ্ষকত ভাগ কৰি আলোচনা আগবঢ়াইছে৷ আধুনিক ভাৰতীয় ভাষাসমূহৰ বিষয়ে উল্লেখ কৰি উপন্যাস সৃষ্টিৰ পৰিস্থিতিটো পাঠকক চিনাকি কৰি দিওঁতে ড জাহ্নৱী দেৱীৰ মন্তব্য তুলি ধৰিছে৷ অসমীয়া উপন্যাস সৃষ্টি যে ঊনবিংশ শতিকাৰ পৰা পুৰণি ৰূপাদৰ্শৰ অৱসান ঘটাই-মিছনেৰী, অৰুণোদয়ৰ পৰা ক্ৰমে মামণি ৰয়ছম গোস্বামীৰ সময়লৈ এক চমু খতিয়ান দাঙি ধৰিছে৷ বাংলা সাহিত্যৰো সময় একেই উল্লেখ কৰি-বেংগল গেজেট, দিগদৰ্শন, সমাচাৰ দৰ্পন, সম্বাদ কুমুদ আদিত সাহিত্য চচাৰ্ৰে পৰা নৱনীতা দেৱসেন লৈকে চমুকৈ উল্লেখ আৰু ‘দ্যপ্যাৰেট গ্ৰীণ শাড়ি’ নামৰ ফিল্মসৃষ্টিৰ আঁৰৰ প্ৰসঙ্গ আৰু সেই ফিল্মৰ সাক্ষাৎকাৰৰ এছোৱা দাঙি ধৰিছে৷ বাস্তৱবাদ আৰু নাৰীচৰিত্ৰ সৃষ্টিত ইয়াৰ প্ৰভাৱ বিষয়ক আলোচনাত সাহিত্য আৰু সমাজৰ সম্পৰ্ক উল্লেখ কৰি প্ৰখ্যাত সাহিত্যিক ড° নগেন শইকীয়াই আগবঢ়োৱা ‘বাস্তৱবাদ’ সম্পক¹য় মন্তব্যৰে আলোচনাৰ সৌষ্ঠৱ বঢ়াইছে৷ দুয়োগৰাকী ঔপন্যাসিকৰে উপন্যাসত বাস্তৱবাদ সম্পক¹য় দৃষ্টিভংগী কেনেদৰে প্ৰকাশি উঠিছে তেনে ধৰণৰ মতামতো প্ৰবন্ধটোত তুলি ধৰিছে৷ চেনাবৰ সোঁতৰ সোণী, নীলকণ্ঠী ব্ৰজৰ সৌদামিনী, অহিৰণৰ নিৰ্মলা, মামৰে ধৰা তৰোৱালৰ নাৰায়ণী, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ গিৰিৱালা, ভিক্ষাৰ পাত্ৰ ভাঙি ফুলেশ্বৰী, নৱনীতা দেৱসেনৰ-বামা-বোধিনীৰ - অংশুমালা, মালিনী, পাড়িৰ শমিতা, উড়ালৰ কেতকী, তিতলিৰ তিতলি ইত্যাদি বাস্তৱবাদী চৰিত্ৰৰ উল্লেখেৰে এই মত অধিক স্পষ্ট কৰি তুলিছে৷ ‘মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শ্ৰমিক জীৱন চযাৰ্ৰ চিত্ৰণ’ ত লেখিকাই চেনাবৰ সোঁত, অহিৰণ, মামৰে ধৰা তৰোৱাল’ ত শ্ৰমিকৰ জীৱন চিত্ৰণ সম্পৰ্কে আলোচনা কৰিছে৷ স্বামীৰ আকস্মিক বিয়োগে ধৰাশয়ী কৰাৰ সময়তে বিখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিয়ে চিঠিৰ জৰিয়তে উৎসাহিত কৰা, লেখিকাৰ সাহিত্য সৃষ্টিৰ কাৰণো প্ৰবৱন্ধকাৰে উল্লেখ কৰি, বিভিন্ন ঠাই নিজে ভ্ৰমণ কৰি, বাস্তৱ তথ্য উপন্যাসত কেনেদৰে ফুটাই তুলিছে তাক বৰ্ণনা কৰিছে৷ ঔপন্যাসিকে নিজে তুলি ধৰা শ্ৰমিক জীৱন চিত্ৰায়ণৰ উল্লিখিত উপন্যাসৰ কথাংশৰে তুলি ধৰিছে৷ উদাহৰণস্বৰূপে- ‘‘ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱেডাক্ট বন্ধাৰ সময়ত কিছুদিন ‘ৱাৰ্কছাইট’ত থকাৰ সুযোগ পাইছিলোঁ৷ শ্ৰমিক সকলক ওচৰৰ পৰাই নিৰীক্ষণ কৰাৰ সৌভাগ্য ঘটিছিল৷ সেই সময়ত শ্ৰমকিসকলৰ এটি ধৰ্মঘট ঘটিছিল৷ এই ধৰ্মঘটটিক কেন্দ্ৰ কৰিয়েই এই উপনাসখন ৰচনা কৰা হৈছে৷ দুই-এটি চৰিত্ৰতহে মাথোঁ ৰহন সনা হৈছে৷’’ শ্ৰমিক চৰিত্ৰৰো উল্লেখ কৰি সেইসমূহৰ ভূমিকা সম্পৰ্কে ও প্ৰবন্ধকাৰে উনুকিয়াই দেখুৱাইছে৷ তেনে চৰিত্ৰৰ ভিতৰত সোণী, ৰাঘামা, পাৰ্বতী, নাৰায়ণী ইত্যাদি৷
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰীৰ সামাজিক স্থান’ আন এটি উল্লেখযোগ্য প্ৰবন্ধ৷ চেনাবৰ সোঁতৰ সোণী, নীলকণ্ঠী ব্ৰজৰ সৌদামিনী, অহিৰণৰ নিৰ্মলা, মামৰে ধৰা তৰোৱালৰ ‘নাৰায়ণী’, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ গিৰিৱালা, জখমী যাত্ৰীৰ ৰাজৱালা, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠাৰ কাহিনী কথক, ভিক্ষাৰ পাত্ৰ ভাঙিৰ ফুলেশ্বৰী, দাশৰথিৰ খোজৰ কমলা দেৱী, ছিন্নমস্তাৰ মানুহটোৰ ডৰথী ব্ৰাউন, দেৱীপীঠৰ তেজৰ পদ্মাপ্ৰিয়া, থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱালৰ মুখ্য নাৰী চৰিত্ৰ আদিৰ উপন্যাস সমূহত থকা সামাজিক অৱস্থিতিৰ আভাস ধৰিছে৷ প্ৰবন্ধকাৰে লেখিকাগৰাকীৰ উপন্যাস সমূহত যে পুৰুষতকৈ সমাজত নাৰী স্থান নিম্নখাপৰ সেই দিশটো উদাহৰণসহ প্ৰতিপন্ন কৰিছে৷
‘মামণি ৰয়ছম গোস্বামীৰ মামৰে ধৰা তৰোৱাল ’ আৰু মহাশ্বেতা দেৱীৰ অৰণ্যেৰ অধিকাৰ উপন্যাসত নিম্নবগ¹য় সমাজ জীৱনৰ চিত্ৰ’ শীৰ্ষক প্ৰবন্ধত আৰম্ভণিতে ‘’ তত্ত্বৰ পৰিচয় দি শীৰ্ষকত উল্লেখ কৰা দুয়োখন উপন্যাসত কিদৰে সেইদিশ পৰিস্ফুট হৈছে তাৰ আলোচনা দাঙি ধৰি এনেধৰণৰ বিষয়বস্তুৰ উপন্যাসত থাকিবলগীয়া বৈশিষ্ট্যও উল্লেখ কৰিছে৷ দুয়োখন উপন্যাসত প্ৰতিফলিত সমাজ জীৱনৰ চিত্ৰ শীৰ্ষকত শ্ৰমিক [বেহতা, ছোটনাগপুৰৰ অৰণ্যাচল] ৰ লঘু-লাঞ্জনাৰ পৰা পেটৰ তাড়নাত কিমান তললৈ নামি যাব পাৰে, ঔপন্যাসিকে বাস্তৱিকতে নিজে দেখা শ্ৰমিক েশ্ৰণীৰ দিশটো উন্মোচন কৰা মামৰে ধৰা তৰোৱাল’ৰ পৰা দুআষাৰ, উপন্যাসত থকা শ্ৰমিক শ্ৰেণীৰ জীৱনচিত্ৰণ স্পষ্ট কৰা কথনশৈলী, আধুনিক চিকিৎসা পদ্ধতিক ভেঙুচালি কৰা উপন্যাসৰ পৰা তুলি দিয়া উদাহৰণ আৰু আনখন উপন্যাস অৰণ্যেৰ অধিকাৰত মহাজন আৰু বৃটিছৰ কু কৰ্মৰ বাবে বীৰচাৰ প্ৰবল প্ৰতিবাদী সত্ত্বা, ইয়াৰ সৈতে সংযোগ কৰা উল্লিখিত উপন্যাসৰ উদাহৰণ আৰু আলোচনাৰ পৰা পোৱা সিদ্ধান্ত সমূহ স্পষ্ট কৰি নিছে৷
‘আঞ্চলিক উপন্যাস হিচাপে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা ঃ এটি আলোচনা’ নামৰ প্ৰবন্ধটোত লেখিকাই যে উপন্যাসখন দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰৰ পটভূমিত ৰচিত হৈছে সেই দিশটো সম্পৰ্কে কোৱা ঔপন্যাসিকৰ কথাখিনি-‘‘ উঁয়ে খোৱা হাওদা’ নামৰ উপন্যাসখন লিখি এক ধৰণৰ আনন্দ উপভোগ কৰিছিলোঁ৷ ব্ৰক্ষ্মপুত্ৰ দক্ষিণ পাৰত থকা আমাৰ পূৰ্বৰপুৰুষসকলৰ সত্ৰ এখনৰ অনুপ্ৰেৰণাত মই এই উপন্যাস লিখিছিলোঁ৷ শৈশৱতে এই সত্ৰখন মোৰ প্ৰাণকেন্দ্ৰস্বৰূপ আছিল....উপন্যাসখনৰ কাহিনী ভাগত অৱশ্যে কল্পনাৰ ৰহন সনা হৈছিল৷’’ [মামণি ৰয়ছম গোস্বামীৰ উপন্যাস বিচাৰ আৰু বিশ্লেষণ, পৃ- ১৩১] উল্লেখ কৰি বাস্তৱিক দিশটো স্পষ্ট কৰি তুলিছে৷ সত্ৰৰ ঐতিহাসিক পৰিক্ৰমা, পৰম্পৰা, ধম¹য় বিশ্বাস, সমাজ, সমাজৰ লাঞ্চিত-পীড়িত দিশ উপস্থাপিত হোৱা বিষয়বোৰে আঞ্চলিক উপন্যাস হোৱাত সাৰ-পানী যোগোৱা, গোবিন্দ প্ৰসাদ শমাৰ্, সত্যেন্দ্ৰনাথ শমাৰ্ৰ আঞ্চলিক উপন্যাস সম্পৰ্কে মতামত উদাহৰণসহ আলোচনা কৰি সিদ্ধান্ত দিছে যে দঁতাল হাতীৰ উঁয়ে হাওদা ’ যথাৰ্থ আঞ্চলিকতাবাদী উপন্যাস৷
‘মামণি ৰয়ছম গোস্বামী উপন্যাস ঃ এটি পযাৰ্লোচনা’ গ্ৰন্থখনৰ এটি মূল্যৱান প্ৰবন্ধ৷ প্ৰবন্ধকাৰে মামণি ৰয়ছম গোস্বামী-আধুনিক, মননশীল, বাস্তৱবাদী ঔপন্যাসিক বুলি অভিহিত কৰি লেখিকাৰ ন ন দৃষ্টিভঙ্গীৰ দিশটো উল্লেখ কৰিছে৷ বিষয়বস্তুৰ বৈশিষ্ট্য উপন্যাসৰ শ্ৰেণীবিভাজন, পটভূমি আদি দিশ আলোনাটিত সামৰিছে৷ বিষয়বস্তুৰ বৈশিষ্ট্যত-চেনাবৰ সোঁত, অহিৰণ, মামৰে ধৰা তৰোৱাল, ভিক্ষাৰ পাত্ৰ ভাঙি, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, উদয়ভানু চৰিত্ৰ, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দেৱীপীঠৰ তেজ, জখমী যাত্ৰী, ছিন্নমস্তাৰ মানুহটো, বুদ্ধসাগৰ ধূসৰ গাইসা আৰু মহম্মদ মূছা, দাশৰথিৰ খোজ, থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল আদিৰ বিষয়বস্তুৰ চমু আভাস দাঙি ধৰিছে৷ উপন্যাসৰ শ্ৰেণীবিভাজনত মামণি ৰয়ছম গোস্বামীৰ উপন্যাস আধাৰত শ্ৰমিক জীৱন ভিত্তিক উপন্যাস, ভ্ৰমণকেন্দ্ৰিক উপন্যাস, ৰাজনৈতিক উপন্যাস,গৱেষণামূলক বা আলোচনাত্মক উপন্যাস, আঞ্চলিক উপন্যাস, ধম¹য় সমাজভিত্তিক উপন্যাস, জীৱনভিত্তিক উপন্যাস, নাৰীভাৱনামূলক উপন্যাস আদিত ভাগ কৰিছে৷ পটভূমিত প্ৰবন্ধকাৰে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসক তিনিটা ভাগত যেনে- অসমৰ স্থানীয় বা আঞ্চলিক পটভূমি, অসমৰ বাহিৰৰ ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পটভূমি, আন্তঃ ৰাষ্ট্ৰীয় পটভূমিত ভাগ কৰি লেখিকাৰ সেই ভাগত পৰা উপন্যাসৰ নাম সন্নিবিষ্ট কৰিছে৷
‘মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ আংগিক, কলা-কৌশল ’ শীৰ্ষক প্ৰবন্ধটো গ্ৰন্থখনৰ অন্তিমটো প্ৰবন্ধ৷ প্ৰবন্ধকাৰে লেখিকাৰ কলা-কৌশলগত দিশৰ আলোচনা আগবঢ়াইছে৷ লেখিকাৰ উপন্যাসৰ নাম, উপন্যাসৰ চৰিত্ৰ, কথনশৈলী, ভাষাৰীতি, উপমা, ৰূপক আদি অলংকাৰৰ প্ৰয়োগেৰে কবিত্বময় ভাষাৰ দিশত ডেনিছ ছৰাটৰ মন্তব্য উল্লেখেৰে উপন্যাসৰ কবিতা কবিতা লগা কেইবাটাও পংক্তি, প্ৰতীক, চিত্ৰকল্পৰ উদাহৰণ দাঙি ধৰি শেষত লেখিকাৰ নাৰীবাদী দৃষ্টিকোণ এটাৰেই উকমুকনি তুলি ধৰি সেই নাৰীবাদী দিশসমূহ ওচৰৰ পৰা জুমি চোৱাৰ সুযোগ লাভ কৰা প্ৰবন্ধকাৰে সিদ্ধান্ত দিছে যে মামণি ৰয়ছম গোস্বামীৰ শক্তিশালী, সাৱলীল, বলিষ্ঠ সংবেদনশীল ভাষিক শৈলীৰে তেওঁৰ উপন্যাস ঋদ্ধ৷ গ্ৰন্থখনত ড নাথে অতিৰিক্ত সংযোজন ৰূপে ‘জীৱনযুদ্ধত অপৰাজিতা মামণি’ [আধা লেখা দস্তাবেজৰ আধাৰত], আধালেখা দস্তাবেজ আৰু ইয়াৰ সাহিত্যিক সৌন্দৰ্য’, ‘মামণি ৰয়ছম গোস্বামীৰ চমু পৰিচিতি’ অন্তৰ্ভূক্ত কৰিছে৷ মামণি ৰয়ছম গোস্বামীৰ জন্মৰ পৰা মৃত্যুলৈকে সাহিত্যিক প্ৰতিভা, জীৱন-জীৱিকা, সংঘাত, বৈবাহিক জীৱন, সাহিত্যিক জীৱনৰ নানান অভিজ্ঞতা. আধালেখা দস্তাবেজৰ সাহিত্যিক দৃষ্টিকোণ, বিভিন্ন বঁটা-বাহন, সন্মান ইত্যাদি দিশ অন্তভূুৰ্ক্ত কৰিছে৷
মুঠ কথাত প্ৰবন্ধকাৰে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ ওপৰত কৰা গভীৰ অধ্যয়নৰ ফলশ্ৰতি এই গ্ৰন্থ৷ অন্তৰ্ভেদি অধ্যয়ন, সূক্ষ্ম পৰ্যবেক্ষণ, সাৱলীল বিশ্লেষণে গ্ৰন্থখনক অনন্য মাত্ৰা প্ৰদা ন কৰিছে৷ প্ৰবন্ধকাৰে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ আগেয়ে আনে আলোচনা নকৰা ন ন দিশ আলোচনাৰ আওতালৈ আনিছে৷ এই আলোচনাই মামণি ৰয়ছম গোস্বামীৰ উফন্যাসৰ মূল্যায়নত তাৎপৰ্য ভূমিকা বহন কৰিব পাৰে৷ এই প্ৰবন্ধ সংকলন ভৱিষ্যতে ন ন গৱেষকৰ হাতপুথি ৰূপে পৰিগণিত হ’ব বুলিব পাৰি৷ প্ৰবন্ধকাৰৰ অধ্যয়নশীলতা তথা পৰিশ্ৰম গ্ৰন্থখনৰ প্ৰতিটো প্ৰবন্ধত সুন্দৰকৈ পৰিস্ফুট হৈছে৷ গ্ৰন্থখন নিশ্চয় পাঠকে আদৰি ল’ব৷ পূবাৰ্য়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ মূল্য ১৯০ টকা৷
ৰাজেন দাস
ফোন নং -৯১০১২২১৪৩৬

Comments
Post a Comment