মৌন, ইত্যাদি

 মৌন, ইত্যাদি

   ৰাজেন দাস, ফোন নং-৯১০১২২১৪৩৬


মূৰ্ত্তিৰ প্ৰাচীনতাতকৈ ইমান মই কিয়

মৌন 

তৰ্জন গৰ্জনৰ মাজতে খিৰিকিত ধৰি ভাবি আছোঁ পেণ্ডুলামলৈ চকু দি

অকল মই মৌনতাকে জিকি থকাৰ তাগিদা বুলি ভাবি লম নেকি

আছাৰকনি আহি মানিমুনি, টেঙেচী, ঢেঁকীয়া সোপাৰ ওপৰত হামখুৰি পৰিছে


ফুল, পানী, উভচৰ, পানীৰ ৰং, ইহঁত কিয় মৌন

  ইমান কোলাহলতকৈ অন্তত ই নিসংগভাৱে দূৰৈত অৱগাহন


মই কেতিয়াও নাহো অগৰং বগৰং ৰং লৈ

মই কেতিয়াও নাহাঁহো বৰ্ণ লৈ 

মই আহিম মাত্ৰ ৰং তুলিকা লৈ বোৱাবলৈ অলকানন্দা

কাৰণ মৌনব্ৰত লৈয়েই চণ্ডালক শেষ কৰি আহিছোঁ


ভাবি কেনেকৈ লৈছা পূৰ্বতে মই মৌন কিয় হ’লো

নাভাবিবাছিলা নে ই মোৰ ৰক্ষাকবচ নহয় ই শ্বচ্চাই কা টাকত


আকাশক প্ৰশ্ন কিয় নকৰা

পাহাৰক

নদীক

জুৰি

ভয় লাগে ন


মৰি থকা মৰাশৰ দূবৰি বন আৰু নিয়ৰকণাই জানো তোমাক সামৰিব


কিয় সুধিলা–

এনেই, মৌনতাপ্ৰিয় অলংকাৰ প্ৰিয় বাবেই

হৈ হাল্লা কৰিও উত্তৰ পাইছে যথোপযুক্ত সময়ে কাকো যাব দিয়া নাই


বিৰিখৰ কঁুহি পাত, পানীৰ যুুৱলিৰ সুগন্ধি যে হেৰাইছে

সেই কথা আমি কেতিয়ালৈ মন কৰিম

চিৰসেউজ মানুহবোৰ হেৰাই নেযাওক তাৰেই প্ৰাৰ্থনা জুৰিম



এইখিনিৰ পৰা আমি কেতিয়া আগবাঢ়িম নে পৰীক্ষা কৰিও চাম

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা