গৃহবন্দী
গৃহবন্দী-
চাৰিওফালে হুলস্থুল
কোনোবাই কা' ৰ হৈ
কোনোবাই ৰাজনৈতিক পাকচক্রৰ শ্ল'গান লৈ
কোনোৱে আকৌ চ'ছিয়েল মেডিয়াক সাৰথি কৰি
জীৱনৰ ছন্দ বুটলিছে
চা-ৰে-গা-মা-পা-ধা-নী
মানৱ জীৱন স্তব্ধ
লকডাউনৰ গৃহবন্দীয়ে
কোঙা কৰিছে
অৰ্থনৈতিক
ৰাজনৈতিক
সাংস্কৃতিক
... পৰিমণ্ডল
বোপা ককাৰ দিনেই ভাল আছিল
তৰকাৰী ত নাছিল ভেঁজাল
নদন-বদন আছিল চৌপাশ
জাপে জপা জাতিকূলে
এতিয়া দিনে দিনক
গোগ্ৰাসে চপাইছে নিজে নিজৰ ফালে...
ৰাজেন দাস
বেলগুৰি গাঁও
Comments
Post a Comment