জেতুকী
জেতুকী
তুমি যেতিয়া নিজানত থাকিবা
তেতিয়া যুৰীয়া শালিকাই ক'ৰবাত ফুটকলা ফুটকলি কূটা-কুটলি বিচাৰি থাকিব
তেতিয়া আৰু ক্ৰৌচ পখীৰ ৰত্নাকৰৰ বাল্মীকিৰ গাঁথা শুনিবানে নুশুনা আম-আম-আম;ৰাম-ৰাম-ৰাম
বাৰু এতিয়া থোৱা নাকৰ নাকফুটি হাতৰ ঋতুমতী জেতুকী বোলাই আনা তোমাৰ অস্তিত্ব ফাল্গুণী ফপৌফৌৌ
শামূকীয়া নগদ অনা,
বাকীত বাৰঅনা হ'ব
বা ই তই যা মুটনি পৈয়েৰহঁত
এতিয়া বন্ধকী পটা-পহনা
সোপাকে বেছিবি নহয়
খা এতিয়া খুদকণ জহাধানৰ পিটিকা পিটিকি ভাত
নহলে যে তোৰ যাব জাত
কাচিজোনৰো দেখিছোঁ কিমান যে নিমাতী মাত
ৰাজেন দাস
ডিব্ৰুগড়
ভ্ৰাম্যভাষ-৯১০১২২১৪৩৬
Comments
Post a Comment