অভিশপ্ত ৰাতি
অভিশপ্ত ৰাতি
কোনোবাটো কোঠাৰ পৰা মৃত্যুৰ অদ্ভূত কিৰিলি-উস! কেনেকৈ এবেহি দুবেহিকৈ উশাহ-নিশাহ লওঁ
কোনোটোৰ পৰা চিলিঙি পাংখাৰ অহৰহ হো-হো-ৱ-নী,মেস্কৌৰ মলমলাই থকা গোন্ধ আস ! অল্পায়ু ম'হৰ পৰা কেনেকৈনো শুই চাঁও
মই গোটেই ৰাতিটো শুব পৰা নাই মাজে মাজে নাম একোটা ধৰি আইচিইউৰ পৰা ৰোগীৰ নাম ধৰি বিচাৰি ফুৰে ; হয় বৰ একোটা স্পষ্ট মাত, ৰাতিয়েই যে হাতীটোৰো বাট
কেনেকৈনো ৰোগী মৰে -হজে হজক বুলি থৈ শুই শুই নাক ঘৰ্ঘৰাই শুইয়েই পৰোঁ
ইফালে- সিফালে ৰোগীৰ চোৱা-চিতা কৰিবলৈ অহা মানুহবোৰ টোপনি ৰাজ্যত ঢলি পৰিছে ; চিকিৎসকৰ চিকিৎসা কৃপণালিশূণ্য, পিপিইকিটো সষ্টম কৃষ্ণ ! পৃথিৱী কোনফালে গৈ আছে ! বাতৰিবোৰটো একো ভাল খবৰ অহাই নাই, আহিবনে? ছেগাচোৰাগাকৈ (এণ্ড্ৰয়টো বাজি উঠে-আহে বা নাহে ঘুমটি আহিবা ৰাতি, সপোনকে লৈ... )
আপাক মোৰ সংগ্ৰাম কাহিনী সত্তৰ শতাংশ শুনালোঁ ; হে প্ৰভূ দয়াময় আজি মুখ বিষালেও কৈ পাতল লাগিল বাকীখিনি ছপালৈ...
এই অভিশপ্ত ৰাতি মেলিনা ৰোগী বৰতাৰ চোৱা-চিতা কৰা ঘৰুৱা সকলোটি শুই পৰিল ;মোৰ শিশুমনটিয়ে ৰসিক বৰতাই শুনোৱা বুঢ়ীআইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, পেহমৰ কথাত মজি পৰিলোঁ আৰু ক্ৰমশঃবিলীন হৈ পৰিছোঁ শিশু চৰিত্ৰ মইনাৰ দৰেই হাত ভৰি লোকোৱা ভয়ত পেঁপোৱা লগা মাকক গছৰ শিপাই মাটি সাৱতাদি...
মই এবাৰ পকাতে অকাই পকাই ৰমচনত জুনিয়ৰছ ইণ্ডিয়া লিখা ডাঠ কাগজ, দহোটীয়া চুৰিয়াখনত ইকাটি সিকাটি হৈ পৰো, আকৌ উঠি আহোঁ এনেকৈ থাকোঁতেই চকুটিপ মাৰিবলৈ থাকিল
নোদোকা চিকাটি এবাৰ ইটো তম্বুসদৃশ বগা ৰচিৰে তলটো গা-টো নীলাচলীয়া আঁঠুৱাৰ কাষৰলৈ লৱৰি ঢাপৰি ফুৰিছে মইয়ো মোলৈ থোৱা বগা ঢকে ঢক ঢকি চুৰিয়া কাপোৰ সাজ দ্বীপৰাজৰ গা লৈ বঢ়াই বঢ়াই ভাগৰিছোঁ-
এবাৰ আকৌ সিখন পকী উৱালৰ কাষতেই মূৰে-গাৰে কাপোৰ লৈ নাকত শব্দকল্পদ্ৰুম
যেন কুৱাৰ পৰা পানী তুলিবলৈ পত্নীৰ জয়দেউ কাকূতিৰ ৰাজস্থানীৰ বোধিদ্ৰুম
ভাঁহি অহা আঞ্চলিক ভাষাৰ কথা-বাৰ্তাই আকৌ চিকাটিৰ দৌৰ তীব্ৰ কৰি পেলায়
অনুৰূপ ঘটনাবোৰেই পৃথিৱী কিমাননো তোলপাৰ নলগায়
এসময়ত মোৰো ভয় ভয় লগা ভয়াৰ্ত ভাৱটো আৰু তীব্ৰতৰ হৈ পৰিল, জঘন্যকাণ্ডবোৰ দেখি-শুনি! (দুভাৰ্গ্য আৰু সৌভাগ্য নিজেইনে ভেঙুচালি, ম'ৰাৰ চালি! ) সেই মই গোটেই ৰাতি অতীত বিচাৰি ঘূৰ্মুতিয়াই থাকিলোঁ...
(কোৱা শুনো-অতীতক নাযাবা পাহৰি...)
ৰাজেন দাস
গৱেষক ছাত্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
বিভাগ-অসমীয়া
ভ্ৰাম্যভাষ-৯১০১২২১৪৩৬
ইমেইল-rajendas3687@gmail.com
Comments
Post a Comment