বিষ্ণু ৰাভা এতিয়াও সাৰে আছে

 বিষ্ণু ৰাভা এতিয়াও সাৰে আছে

সাৰে আছেই ঐয়াঙে-দৈয়াঙে

লুইতপৰীয়া ডেকা-ডেকেৰী


বিষ্ণুৰাভা এতিয়া সাৰে আছে

জনতাৰকোঁহে কোঁহে 

বুভূক্ষিতৰ পানীকেঁচুৱাৰ

অমিয়া নাচোনে-কান্দোনে


ঐ চেনামুৱা, সোণামুৱা, ৰঙিলী,পমিলী, সোণপাহী... 

গচকত ভাঙি আহ যঁতৰ

নাঙলৰ শিৰলুত পুতি পেলাহি এলান্দুকলীয়া কৰ্কষ হাতোৰাৰ ভুবুৰিকা ভেঁকুৰ 


তেজে তেজে শিৰে শিৰে উতল

একচাহি নেৰিবি মাটি ভেটি জাতি

লাগিলে ডবা ,শংখ বজাই দেখুওৱা

(দ দ দোম দ দ দোম বাজে ডম্বৰু... ) 

আমিও বান্ধি আছোঁ তৰোৱাল নিজৰ



জাপে জপা জাতিকূল

সেকাপতা নেওৰাপতাতে

মৰিলেও মৰিম বেহুফালি

দেখুৱাম লাচিতৰ তেজৰ ফিৰিঙতি


নৈপৰীয়া নৈখনে ব'ব জানে বৈ আছে

উটুৱাই থাকিব শত শত উশাহ-নিশাহ



বিষ্ণু ৰাভা এতিয়াও সাৰে আছে

নৈখনৰ মাজত ঢৌ খেলি খেলি 

চৰৈৱতী । চৰৈৱতী। চৰৈৱতী। 


(কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাৰে) 

ৰাজেন দাস

বেলগুৰি গাঁও


Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা