বিশ্ব গ্ৰন্থ দিৱস,২০২৬

 গ্ৰন্থৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগে, যাৰ জৰিয়তে মনৰ পৰিধি বৃদ্ধি কৰিব পাৰি। গ্ৰন্থ ভাল নোপোৱা জাতি পৃথিৱীৰ নিশকতীয়া জাতি।

বিশ্ব গ্ৰন্থ দিৱস যৎকিঞ্চিৎ।গ্ৰন্থৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগে, যাৰ জৰিয়তে মনৰ পৰিধি বৃদ্ধি কৰিব পাৰি। গ্ৰন্থ ভাল নোপোৱা জাতি পৃথিৱীৰ নিশকতীয়া জাতি। গ্ৰন্থই মানুহৰ প্ৰিয় বন্ধু। গ্ৰন্থই পৃথিৱীৰ ইতিহাসত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। একপ্ৰকাৰে ক'বলৈ গ'লে ৰাজত্ব কৰি আছে। মানুহে যুগ যুগান্তৰ গ্ৰন্থৰ পৰা জ্ঞান, জিজ্ঞাসা আৰু সমস্যা সমাধানৰ পথ উলিয়াব পাৰিছে। ভাল বন্ধু আৰু ভাল গ্ৰন্থ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভাল গ্ৰন্থই জাতিক প্ৰাণ দিয়ে। ভাল বন্ধুৱে সমাজ সুন্দৰ কৰে। গ্ৰন্থ আৰু বন্ধু যদিওবা দুয়োটা একেটা সূঁতাৰে বান্ধিব পাৰিব লাগে। কিন্তু গ্ৰন্থই প্ৰাচীনতম সভ্যতাৰো বাহক। বন্ধু বাহক নহ'বও পাৰে। ই ৰক্ষকৰ ঠাইত ভক্ষকো হ'ব পাৰে। সমাজ-ব্যৱস্থাত কিয়দাংশ এনে পৰিস্থিতিৰ উদাহৰণ ওলাব। যি কি নহওক গ্ৰন্থই মানৱৰ পৰিচয়, ইতিহাসোত্তৰ পৰিধি বৃদ্ধি কৰি আহিছে। গতিকে গ্ৰন্থৰ প্ৰতিপালনো মানুহে কৰিব লাগিব।সেয়া পদপথত গঢ়ি উঠা পুথিভঁৰালৰ গ্ৰন্থ নাইবা আগশাৰীৰ শিক্ষানুষ্ঠানৰ পুথিভঁৰালত মজুত থকা বেদ-বেদান্ত, ৰামায়ণ, মহাভাৰত, পুৰাণাদিৰ গ্ৰন্থই হওক। ভিন্ন ভিন্ন ভাষাৰ গ্ৰন্থ অধ্যয়নে মনৰ দিগন্ত প্ৰসাৰিত কৰিব লাগিব। মানৱৰ পৃথিৱীৰ হাজাৰ হাজাৰ ভাষাৰ গ্ৰন্থ উপলব্ধ। এতেকে হাজাৰ হাজাৰ সভ্যতাকো প্ৰতিফলিত কৰোৱাই প্ৰতিনিধিত্বও কৰি আহিছে। বৈদ্যুতিক মাধ্যমতো বহু গ্ৰন্থ উপলব্ধ। কিন্তু হাতৰ মুঠিত গ্ৰন্থ একোখন লৈ পঢ়াৰ আমেজ সদায় সুকীয়া। বিশ্বৰ প্ৰখ্যাত পুথিভঁৰালত উপচি থকা গ্ৰন্থসমূহৰ পৰা জ্ঞান আহৰণ কৰিব পাৰিলে জীৱন ধন্য হ'ব। অৱশ্যে এয়া অসম্ভৱ যদিও বৈদ্যুতিন মাধ্যমে সহায় কৰি ই-জোনাকী যুগৰো সূচনা নকৰা নহয়। পৃথিৱীৰ সকলো গ্ৰন্থপ্ৰেমী বিদ্বানলৈ বিশ্ব গ্ৰন্থ দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ। ৰাজেন দাস। চলভাষ-৯১০১২২১৪৩৬।


বিশ্ব গ্ৰন্থ দিৱস সম্পৰ্কত যৎঞ্চিৎ।


গ্ৰন্থৰ সৈতে বন্ধুত্ব স্থাপন কৰিব লাগে, যাৰ জৰিয়তে মনৰ পৰিধি বৃদ্ধি কৰিব পাৰি। গ্ৰন্থ ভাল নোপোৱা জাতি পৃথিৱীৰ নিশকতীয়া জাতি। গ্ৰন্থই মানুহৰ প্ৰিয় বন্ধু। গ্ৰন্থই পৃথিৱীৰ ইতিহাসত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। একপ্ৰকাৰে ক'বলৈ গ'লে ৰাজত্ব কৰি আছে। মানুহে যুগ যুগান্তৰ গ্ৰন্থৰ পৰা জ্ঞান, জিজ্ঞাসা আৰু সমস্যা সমাধানৰ পথ উলিয়াব পাৰিছে। ভাল বন্ধু আৰু ভাল গ্ৰন্থ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভাল গ্ৰন্থই জাতিক প্ৰাণ দিয়ে। ভাল বন্ধুৱে সমাজ সুন্দৰ কৰে। গ্ৰন্থ আৰু বন্ধু যদিওবা দুয়োটা একেটা সূঁতাৰে বান্ধিব পাৰিব লাগে। কিন্তু গ্ৰন্থই প্ৰাচীনতম সভ্যতাৰো বাহক। বন্ধু বাহক নহ'বও পাৰে। ই ৰক্ষকৰ ঠাইত ভক্ষকো হ'ব পাৰে। সমাজ-ব্যৱস্থাত কিয়দাংশ এনে পৰিস্থিতিৰ উদাহৰণ ওলাব। যি কি নহওক গ্ৰন্থই মানৱৰ পৰিচয়, ইতিহাসোত্তৰ পৰিধি বৃদ্ধি কৰি আহিছে। গতিকে গ্ৰন্থৰ প্ৰতিপালনো মানুহে কৰিব লাগিব।সেয়া পদপথত গঢ়ি উঠা পুথিভঁৰালৰ গ্ৰন্থ নাইবা আগশাৰীৰ শিক্ষানুষ্ঠানৰ পুথিভঁৰালত মজুত থকা বেদ-বেদান্ত, ৰামায়ণ, মহাভাৰত, পুৰাণাদিৰ গ্ৰন্থই হওক। ভিন্ন ভিন্ন ভাষাৰ গ্ৰন্থ অধ্যয়নে মনৰ দিগন্ত প্ৰসাৰিত কৰিব লাগিব। মানৱৰ পৃথিৱীৰ হাজাৰ হাজাৰ ভাষাৰ গ্ৰন্থ উপলব্ধ। এতেকে হাজাৰ হাজাৰ সভ্যতাকো প্ৰতিফলিত কৰোৱাই প্ৰতিনিধিত্বও কৰি আহিছে। বৈদ্যুতিক মাধ্যমতো বহু গ্ৰন্থ উপলব্ধ। কিন্তু হাতৰ মুঠিত গ্ৰন্থ একোখন লৈ পঢ়াৰ আমেজ সদায় সুকীয়া। বিশ্বৰ প্ৰখ্যাত পুথিভঁৰালত উপচি থকা গ্ৰন্থসমূহৰ পৰা জ্ঞান আহৰণ কৰিব পাৰিলে জীৱন ধন্য হ'ব। অৱশ্যে এয়া অসম্ভৱ যদিও বৈদ্যুতিন মাধ্যমে সহায় কৰি ই-জোনাকী যুগৰো সূচনা নকৰা নহয়। ঠিক একেদৰে উৎকৃষ্ট গ্ৰন্থই বিশ্বসাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে ইতিহাসতো সোণালী আখৰেৰে জিলিকাই ৰাখিব জাতি একোটাক। শেষত পৃথিৱীৰ সকলো গ্ৰন্থপ্ৰেমী বিদ্বানলৈ বিশ্ব গ্ৰন্থ দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ। 

ৰাজেন দাস। চলভাষ-৯১০১২২১৪৩৬।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা