Curious

 




আপুনি মই আজি কিমান কিউৰিয়াছ, 

এতিয়া প্ৰকৃতিৰ শান্ত সমাহিত গতিৰ পৰাও গতি

,এই সোণৰ দলিচা সদৃশ শেতেলী বনত তনমন থৈ জিও জিও কৈ জুৰায় ল'ব পাৰি 

 ইহঁতে স্পেছ নাজানো,নাজানো গাফিলতিৰ অংক

 মাথোঁ ৰিবৰিবিকৈ বলি থাকিব জানে,

সেউজ সংকেত হৈ, 

আৰু এপল দুপলকৈ প্ৰতিপলে অনুপলে নদীৰ গতি চলমান হৈ থাকিব খোজে,ফৰফৰীয়া আকাশে-বতাহে ,হাউলি পৰিব ধৰা গছৰ শিপাই খামোচ মাৰি হ'লেও সংগ দিব তৰু-তৰুণ

 তোমাক মোক আপোনাক,নাইবা আন কাৰোবাক,মানে বাটৰুৱাক,ঘাটৰুৱাক,নাৱৰীয়াক,খোজনীয়াক...


(শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক ৰত্না ভৰালী তালুকদাৰ বাইদেউলৈ)

Comments

Popular posts from this blog

গ্ৰাহক

ভাষা