গ্ৰাহক
তেওঁ আহিছে। লংপেণ্ট আৰু সেউজীয়া টি চাৰ্ট পিন্ধি আহিছে। সদায় মানুহ অনা-নিয়া কৰে। পুৱাই কিবা এটা খায়েই যাত্ৰা আৰম্ভ কৰে। পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব আছে। গা-পা ধুই আজৰি হৈ আহিছে। মুখত সৌন্দৰ্য। এমোকোৰা হাঁহি। মই লক্ষ্য কৰিছোঁ মানুহে কিমান কষ্টকৰ দিন পাৰ কৰে। তথাপি মনত আনন্দ। বৰ কষ্টসাধ্য কাম কৰিলেও মুখৰ পৰা বিলুপ্ত হোৱা নাই -
আমি যামেই যাম মামৰ গাঁৱলৈ
....
আমি যামেই যাম মামৰ গাঁৱলৈ...
আজি অলপ দিন গৈছে। মই সেইখন অ'টত উঠিয়েই বৰ্ণমালালৈ যাওঁ।
মই -দাদা,আপোনাৰ চালকৰ কাম কিমান দিন হৈছে।
দাদা -ভালেকিবছৰ হৈছে।
মই -পঢ়া-শুনা?
দাদা-কি ক'বা অলপ কৰিলোঁ। এতিয়া লাজেই লাগে
সংসাৰৰ মায়া-মোহ,জালা -যন্ত্ৰণাৰ পৰা আৰু বন্দি জীৱন
মই -অ
দাদা-কিন্তু সুখী আমি।
আজি আকৌ গগৈ দাদা হোটেলত তেওঁক লগ পালোঁ। আঁতৰৰ পৰাই মাত দিলে -
দাদা -ভাইটি কি খবৰ
মই -ভাল, ভাল
দাদা -সিদিনা প্ৰশ্ন ধেৰ শুনিছিলা।
মই -হা হা,অ
দাদা -পিছে মনত ৰ'ল নে নাই।
মই -অলপ অচৰপ
দাদাই ৰুটি ভাজি ,কিমা খাবলৈ আহিছে। দাম কিমান মিলাই-৪৫ টকা
দাদা -খুৰী, পুৰি দিয়ক
খুৰী-অ,বহাচোন,দি আছোঁ।
দাদাই বহি ল'লে
মই ভাবি আছোঁ। পুৰি দিয়ক
অৰ্থাৎ পুৰি দিবলৈ কোৱা নাই। ইয়াত সেই পৰিৱেশৰ সৈতে সাঙোৰ খোৱা খোৱাৰ খাদ্যৰ কথাহে কৈছে।
এসময়ত তেওঁ খাই গ'লগৈ।
দাদা আকৌ লগ পাম। কথা পাতিম।
ঠিক আছে ভাইটি। কথা পাতিম ।
খুৰী আৰু খুৰা মনৰ মিলৰ মানুহ। মোক পইচা নাথাকিলেও ভাত,ৰুটি-ভাজি খাবলৈ দিয়ে। বাকীকে আৰু। মোৰ বাবে বিশ্বাস ৰাখিছে। এইটো ভাল লাগে।
মোৰ আকৌ এটা কথা বেয়া লাগে । কি? মানে বিশ্ববিদ্যালয়ৰ ল'ৰা-ছোৱালীখিনি আহে। মানে খাদ্য খাবলৈ আহে। কোনোবাই অৰ্ডাৰ দি আনি খাই। দাদাই সেইখিনি চম্ভালি লয়। কৰ্মচাৰী আৰু অন্যান্য মানুহো আহে হোটেলখনলৈ। কিন্তু যেতিয়া মানুহ নাথাকে বা ছেমিষ্টাৰ ব্ৰেক হয় মানুহবোৰ নাথাকে। মানুহ নাথাকিলে বিক্ৰী কম হয়। বিক্ৰী কম হ'লে ঘৰ চলাব কেনেকৈ। সমস্যা আহি যায়। শেষত এনেকুৱা হৈ পৰে যে হোটেল বন্ধ কৰিবলগীয়া হৈ যায়। হোটেলৰ বাবেই দুটা পৰিয়ালৰ ভৰণ পোষণৰ কাম চলি আছে। সমস্যাই লগ নেৰা হৈ যায়। যেতিয়া ল'ৰা-ছোৱালীবোৰ আহে আকৌ বজাৰ ভাল হয়। যেন নতুন বিৰিখে কুঁহিপাত মেলে। এক নতুন প্ৰভাত হয়। চৌদিশে যেন পোহৰ। এই পোহৰ সকলোকে দৰকাৰ। সকলোৱে এক পোহৰৰ অপেক্ষা কৰি থাকে। কত সংগ্ৰাম কৰি থাকে। আন্ধাৰ নাশি পোহৰ আমাৰ সকলোৰে প্ৰিয়।
Comments
Post a Comment