ৰাজনৈতিক কথা

 নতুন প্ৰজন্ম আৰু বৰ্তমান ৰাজনৈতিক কুচকাৱাজ সকলোৱে পৰিৱৰ্তন বিচাৰে। ই স্বাভাৱিক। কিন্তু কিমান সংখ্যকে পৰিৱৰ্তন বিচাৰে? আৰু কিমান সংখ্যকে পৰিৱৰ্তন নিবিচাৰে। অৰ্থাৎ গতানুগতিকভাৱেই ভালপায়। কিন্তু পৰিৱৰ্তনো এক প্ৰকৃতিৰ নিয়ম। ই জগত চৰাচৰৰো নিয়ম। ৰাজনৈতিক বতাহে এইকেইদিন আকাশ,পাতাল হিলাই আছে। হিলাই থাকিব। নিৰ্বাচনৰ ৰণডংকা কিমান নুশুনিম। আমি ৰণডংকাত প্ৰকৃত পৰিৱৰ্তন পাইছোঁনে। অৱশ্যে ক'ৰবাত ক'ৰবাত ব্যতিক্ৰমী নোহোৱা নহয়। নাইবা একেবাৰে পৰিৱৰ্তন লৈ আনিবও কোনো নোৱাৰে। পাৰিব নেকি। ৰাজনৈতিক বতাহে শাসনাধীন চৰকাৰী পক্ষ আৰু বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। সমষ্টিয়ে সমষ্টিয়ে নেতাৰ ভিৰ। কিন্তু সমষ্টিবোৰত সমস্যাত তেনেকৈ ভিৰ কৰেহিনে? আমি যুৱ প্ৰজন্মৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাত ভাল লাগিছে। তেওঁলোকৰ সবল আৰু উচ্চস্তৰীয় চিন্তাই অসমখনক আকৌ এবাৰ উন্নতিৰ শিখৰলৈ লৈ যাব বুলি আশাবাদী। লংকালৈ যিয়ে যায় মাত্ৰ ৰাৱণেই হয় বুলি ধাৰণাক নস্যাৎ কৰিবৰ হ'ল। আমাক শিক্ষা, স্বাস্থ্য, বিজ্ঞান,ৰাস্তা-ঘাট, গৱেষণা, উচ্চস্তৰীয় পুথিভঁৰাল, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰিব পৰাকৈ শিক্ষা লাগে। উন্নত মানদণ্ডৰ সামগ্ৰী লাগে। আছেও তথাপিও আৰু দৰকাৰ। সকলো প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰিব পৰাকৈ নৌসেনা, বায়ুসেনা ইত্যাদিও লাগে।

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা