ৰুবী বা

 মোৰ মৰমৰ উপন্যাস কাচি-দঁৰীয়াৰ হৈ শ্ৰদ্ধাৰ ৰুবী ফুকন বায়ে বাৰ্তা প্ৰেৰণ কৰিছে। আচলতে বায়ে এসময়ত সাম্প্ৰতিক জনমতত মোৰ এটি কবিতা নাহৰ এটি শব্দ নহয় প্ৰকাশ কৰিছিল। অফুৰন্ত ইচ্ছাশক্তিৰে বায়ে কামখিনি কৰি গৈ আছে। বৰ্তমান শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত হৈ আছে। সাহিত্য চৰ্চাও কৰি আছে।আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

মোৰ উপন্যাসখনৰ পঢ়ুৱৈ আঙুলিৰ মূৰত লেখিব পৰা, তথাপি মোৰ কোনো আক্ষেপ নাই। মাজে-সময়ে দুই এটি বাৰ্তাই প্ৰেৰণা দি আহিছে।



তোমাক কথা এটা ক'বলৈ আছে। তোমাৰ উপন্যাসখন পঢ়ি মই যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ আৰু নিদিওঁ বুলি ভবা exam এটা এইবছৰ জুন মাহত দিলোঁ,,ভাল লগা কথাটো হ'ল যে এইবাৰ মই UGC NET qulify কৰিলোঁ। (আগতে পঢ়ি থকা কালতে এবাৰ দিছিলোঁ)।মোৰ এই সাফল্যত তোমাৰ কিতাপখনৰ অকণমান হ'লেও অৱদান আছে বুলি ভাবোঁ। সেইবাবে তোমাক বহুত ধন্যবাদ ৰাজেন। 


                                ৰুবী বা

৭-১২-২০২৫

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা