স্বপমৰ লেখা
'তেজীমলাৰ সাধু'ৰ নতুন পাঠ 'তেজীমলাৰ মাকৰ সাধু'
স্বপ্নমজ্যোতি কলিতা
'তেজীমলা' অনাখৰী লোক পৰম্পৰাৰে সৃষ্ট চৰিত্ৰ। তেজীমলাৰ মাহীআইজনীও সেই সাঁচতে ঢলা। মাহী আইৰ প্ৰতি আমাৰ অনুকম্পা নাই; আছে আজলী তেজীমলাৰ প্ৰতিহে। এনে ধাৰণাক আধাৰ কৰিয়েই লোক-সমাজৰ মাজত তেজীমলাৰ সাধুটো আজিকোপতি চলতি হৈ আছে। সতীয়া সন্তানৰ প্ৰতি মাহীআইৰ হৃদয়হীনতাৰ স্বৰূপে আমাক এনেকৈ আছন্ন কৰি ৰাখিছে যে, সেই গতানুগতিক পৰম্পৰাগত ধাৰণাক নস্যাৎ কৰি মাহীআইক মানৱীয় দৃষ্টিৰে প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। লোক পৰম্পৰাই 'তুলা আৰু তেজা'ৰ সাধুটোতো মাহীআইক একেই ধৰণে উপস্থাপিত কৰি ৰাখিছে। কিন্তু এনে পৰম্পৰাৰ পৰা আঁতৰি মাহীআইকো জানো তেজ-মঙহৰ নাৰী হিচাপে চাব নোৱাৰি? মাহীআইৰো পঞ্জীভূত শোকগাঁথা আছে। শতিকাজুৰি ব্যাখ্যা কৰি অহা অসমীয়া লোককথাৰ পৰম্পৰাগত নাৰীচৰিত্ৰ 'মাহীআইক' মৃদুল শৰ্মা(১৯৭৫—)ই নতুন ধৰণে বিশ্লেষণ কৰিছে। মাহীআইজনীক গঢ় দিয়াত ক্ৰিয়া কৰা সমকালীন পৰিৱেশ-পৰিস্থিতিক, মাহীআইৰ মানসিক দ্বন্দ্ব, সহজাত ৰূপত ব্যাখ্যা কৰি অহা মাহীআইৰ হৃদয়হীনতাৰ বিপৰীতে সতীয়া সন্তান(সতিনীৰ সন্তান যেন বোধ নোহোৱাকৈ)ৰ প্ৰতি থকা আন্তৰিক অনুভূতি, স্নেহ-মমতা-আকুলতাক ব্যাখ্যায়িত কৰিছে 'তেজীমলাৰ মাকৰ সাধু'(২০১১) উপন্যাসখনৰ জড়িয়তে।
লক্ষ্মীনাথ বেজবৰুৱাই সংকলন কৰা 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত অসমীয়া চহা লোকসমাজত চলিত 'তেজীমলাৰ সাধু'টোক মূল আধাৰ হিচাপে উপন্যাসখনে গ্ৰহণ কৰিছে। কিন্তু সাধুকথাটোৰ দৰে উপন্যাসখনে তেজীমলাক লক্ষ্য হিচাপে লোৱাৰ বিপৰীতে তেজীমলাৰ মাহীআই আৰু সদাগৰ দেউতাকহে লক্ষ্য হিচাপে লৈছে। সেইপিনৰ পৰা উপন্যাসখনৰ এই দুটা চৰিত্ৰহে তেজীমলাতকৈ উজ্বল।
যুগ যুগ ধৰি তেজীমলাৰ মাহীআইজনী কাঠচিতীয়া, সতিনীৰ সন্তানৰ প্ৰতি ঈৰ্ষাপৰায়ণা(যি তেজীমলাৰ দৰে পাট-গাভৰুক অমানুষিক অত্যাচাৰেৰে হত্যাৰ দোষেৰে দোষী) নাৰী। ফলশ্ৰুতিত আমাৰ সমাজত তেজ-মঙহৰ নাৰী মাহীমাক সকলকো আমাক সন্দেহৰ চকুৰে চাবলৈ এই কাহিনীবোৰে আমাৰ অৱচেতনত ক্ৰিয়া কৰি থাকে। এই মাহীআইজনীকে মৃদুল শৰ্মাই উপন্যাসখনৰ পুনৰ নিৰ্মিত কাহিনীত নতুন দৃষ্টিভংগীৰে মানৱীয় মমতাৰে সিক্ত কৰি সহানুভূতিশীল ৰূপত উপস্থাপন কৰিছে। উপন্যাসখনে সাধুটোৰ চলতি পূৰ্ব ধাৰণাক ভংগ কৰি লোক পৰম্পৰাত প্ৰোথিত হৈ থকা ধাৰণা এটাক ভিন্ন দৃষ্টিৰে বিশ্লেষণ কৰি দেখুৱাইছে। জাহ্নৱী দেৱীয়ে যথোচিতভাৱেই মন্তব্য কৰিছে যে, "উপন্যাসখনত লোককথাৰ পৰম্পৰাগত 'তেজীমলাৰ সাধু'ৰ কাহিনীৰ ওলোটা ফালৰ ঘটনাক্ৰমৰ সম্ভাৱনীয়তাক প্ৰচলিত পাঠৰ বিপৰীতে উপস্থাপন কৰি নতুন পাঠৰ নিৰ্মাণ কৰা হৈছে।"(দেৱী, পৃ. ৫৭৫)
নাৰীবাদৰ পোহৰেৰেও উপন্যাসখন সমুজ্বল। পুৰুষতান্ত্ৰিক সমাজ এখনে ঘৃণাৰ পাত্ৰ কৰা মাহীআইজনীক "পুৰণি সাধু এটাৰ নাৰীবাদী সূত্ৰৰে পুৰ্নলিখন"(গোহাঁই, পৃ. ৩) বুলি হীৰেন গোহাঁয়ে উচিত সিদ্ধান্তই দিছে। "লোকতত্ত্বৰ সমালোচকসকলৰ মতে সাধুকথাৰ মাজেৰে লোকসমাজক সামগ্ৰিকভাৱে উপলব্ধি কৰিব পৰা যায়।"(শৰ্মা, পৃ.৮১) সাধুকথাৰ এই নাৰীগৰাকীৰ জীৱনৰ চকুত নপৰা আন্ধাৰ ফালটোৰ বুজ ল'বলৈ গৈ ঔপন্যাসিকে সমকালীন সমাজ-ব্যৱস্থা, গ্ৰামীণ জীৱনত লোকচক্ষুৰ অলক্ষিতে চলি থকা গোপন অভিসাৰৰ ওপৰতো দৃষ্টি পেলাইছে। "এই দৃষ্টিৰে সাধুকথাৰ মাহীমাকসকল অমানৱীয় অত্যাচাৰ, শোষণ-নিপীড়নকাৰী শ্ৰেণীসমাজৰ প্ৰতীক। তেজীমলাহঁতে এই শোষণক প্ৰতিহত কৰি জীয়াই থাকে মহাপ্ৰকৃতি স্বৰূপ লোকসমাজৰ মৰম-চেনেহ সাহসত। তেজীমলাৰ পিতৃ সাউদ শ্ৰেণীসমাজৰ লোকসমাজৰ সন্মিলিত শক্তিৰ অন্য ৰূপ।"(শৰ্মা, পৃ.৮১)
তেজীমলাৰ সাধুটোত ৰূপকধৰ্মীতা আছে। 'তেজীমলাৰ মাকৰ সাধু'ও এখন ৰূপকধৰ্মী উপন্যাস। হৰেকৃষ্ণ ডেকাই যথোচিতভাৱেই কৈছে যে, "সাধুকথাৰ যাদুকৰী কল্প কাহিনীৰ মাজৰ পৰা উপন্যাসখনৰ বিষয়বস্তুক বাস্তৱ সমাজৰ পটভূমিলৈ নমাই আনোতে লেখকৰ সাহিত্য-কৌশলত প্রশংসনীয় দক্ষতা ফুটি উঠিছে। গ্রাম্যসমাজত অসমীয়া থলুৱা ভাষাৰ যি এক সৰস ৰূপ জতুৱা ঠাঁচৰ মাজেৰে ফুটি উঠে, সেই ৰূপ সাহিত্যৰ পোছাকী ভাষাত নাথাকে। পটভূমি আৰু পৰিৱেশক সজীৱ কৰিবলৈ আৰু সাধুকথাৰ খোলটোৰ লগত সংযোগ ৰাখিবলৈ লেখকে বর্ণনা আৰু কথোপকথনত ব্যৱহাৰ কৰিছে তেনে এক জতুৱা ঠাঁচযুক্ত পাগ উঠা ভাষা— য'ত মাজে মাজে ফকৰা-যোজনাৰ ইংগিতপূৰ্ণ মিশ্রণ মজি গৈ ভাষা ব্যঞ্জনাৱহ হৈছে।"(ডেকা, পৃ.৩) সমান্তৰালকৈ সাধুকথাৰ উপদেশ তথা নীতিকথামূলক অংশটোৰো স্বৰূপ উপন্যাসখনত ব্যাখ্যা কৰি দেখুৱাব পাৰি। যাৰবাবে মাহীআইৰূপী "মাতৃগৰাকীৰ আশংকা হৈছে জীয়াৰীৰ ভৱিষ্যতৰ মুক্ত জীৱনৰ নিৰাপত্তাক লৈ। জীৱনত সফলতাৰ সোপান বগাবলৈ আধুনিক যুগত খাপ খোৱা উচ্চশিক্ষা গ্ৰহণৰ বাবে জীয়েকে দূৰৈৰ মহানগৰীত থাকি পঢ়া-শুনা কৰি শেষত চাকৰি কৰিবলৈ বিদেশলৈ যাবলৈ ওলাইছে। সকলো জানিও মাকৰ চিন্তা জীয়েকৰ জীৱন-যৌৱনক লৈ কোনো পুৰুষে হেতালি খেলে বুলি। সেয়ে সকীয়নী ৰূপে সাধুকথাৰ চলেৰে উপদেশ দিব খুজিছে।" (দেৱী, পৃ. ৫৭৬)
পুনৰ নিৰ্মিত কাহিনীটোক আমি দুটা বৃহৎ অংশত ভগাই ল'ব পাৰোঁ। ইয়াৰে প্ৰথম অংশটোত তেজীমলাৰ মাহীমাক সুমিত্ৰাতকৈ দেউতাক সদাগৰ ভোগেশ্বৰৰ চৰিত্ৰটোৱে অত্যধিক গুৰুত্ব পাইছে; দ্বিতীয় অংশত মাহীমাকৰ চৰিত্ৰৰ জটিল মনস্তাত্বিক চিত্ৰণ কৰা হৈছে। 'তেজীমলাৰ সাধু'ৰ পুৰুষতান্ত্ৰিক সমাজখনত মাহীআইৰ জীৱনটোক জুমি চাবলৈ কাৰো আহৰি নাই। বিপৰীতে ঔপন্যাসিক মৃদুল শৰ্মা মাহীআয়ে মানসিক ভাৰসাম্য হেৰুৱাই অস্বাভাৱিক আচাৰ-আচৰণ কৰাৰ মূলতে পুৰুষতন্ত্ৰৰ ওচৰ চাপিছে। ইয়াৰ বাবে দায়ী মিলনৰ প্ৰথম নিশাই ন-কন্যা সুমিত্ৰাক শোৱাপাটিত এৰি পৰস্ত্ৰী গমন কৰা তেওঁৰ স্বামী ভোগেশ্বৰ আৰু একাংশ নাৰীৰ কপট আচৰণ, সুযোগ সন্ধানী চৰিত্ৰ আৰু কুৎচিত ঘৃণনীয় কৰ্ম-কাণ্ড। কিন্তু এইবোৰৰ মূলতো হাত আছে প্ৰতিপত্তিশালী ভোগেশ্বৰৰে।
কাহিনী অনুসৰি ভোগেশ্বৰে ডেকা কালৰে পৰা 'সুযোগ বুজি তিৰোতাৰ মঙহ খোৱা' বিশৃংখলপূৰ্ণ জীৱন এটা যাপন কৰিছে। এনেকি সমাজ স্বীকৃত প্ৰথম পত্নী স্বামীভক্তিপৰায়ণা সাদৰী প্ৰসৱ বেদনাত চট্ফটাই থকা অৱস্থাতো বেৰখনৰ সিটো পাৰেই বতাহীৰ লগত অবৈধ সম্পৰ্কত লিপ্ত হৈছে। কথাবোৰ গম পোৱাৰ পিছত সাদৰী খং-অভিমানত জৰ্জৰ হৈ পৰিলেও সদ্যোজাত শিশুটিৰ দায়িত্ব বতাহীৰ হাততে দি সাদৰীৰ মৃত্যু হয়। সাদৰীৰ মৃত্যুৰ দুখো ভোগেশ্বৰৰ বাবে সাময়িক। 'সাপো মৰিল লাঠিও নাভাগিল'ৰ দৰে বতাহীৰ তত্বাৱধানতে তেজীমলা বাঢ়িবলৈ ধৰিলে আৰু ভোগেশ্বৰৰে গোপন সম্পৰ্কও চলি থাকিল। বতাহী গৰ্ভৱতী হ'ল আৰু শাওনীৰ গা-যোৱা দৰৱ খাই পোৱালি পেলালে। কিন্তু শাওনীও সুযোগ সন্ধানী তিৰোতা। পুৰুষত্বহীন অকামিলা গিৰিয়েকৰ পৰা আগন্তুক উন্নতিৰ উপায় নেদেখি পুতেক বগীৰামলৈ তেজীমলাক বিয়া কৰাই অকন্টকা সুখ ভোগৰ আশাৰে ভোগেশ্বৰৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হ'ল। কিন্তু সেই বগীৰামো আছিল ভোগেশ্বৰৰে সন্তান; যি কথা শাওনীয়ে প্ৰথম অৱস্থাত গম পোৱা নাছিল। ভোগেশ্বৰৰ সখীয়েক মনবৰৰ এৰাব নোৱাৰা অনুৰোধৰ বাবে সামাজিকভাৱে ভোগেশ্বৰে দ্বিতীয় পত্নীৰূপে সুমিত্ৰাক গ্ৰহণ কৰে। কিন্তু বিয়াৰ প্ৰথম নিশাই ভোগেশ্বৰৰ কু-কৰ্মৰ উমান পোৱা সুমিত্ৰাই ভোগেশ্বৰৰ পৰা দুৰত্বহে অৱলম্বন কৰিলে। তেজীমলাকে নিজৰ জী বুলি সামৰি লৈ জীৱন নিয়াবলৈ ধৰিলে। বয়স বঢ়াৰ লগে লগে ভোগেশ্বৰেও বতাহী আৰু শাওনীৰ পৰা আতঁৰি আহিবলৈ চেষ্টা কৰিলে। ফলশ্ৰুতিত হাতৰ মাণিক হাততে হেৰায় বুলি সুমিত্ৰাকেই লক্ষ্য হিচাপে লৈ সন্তানহীনতাৰ তীৰ্যক অপমান, ককায়েক সম্বন্ধীয় মনবৰৰে সৈতে গোপন সম্পৰ্ক, জীয়ৰী কালতে গা-ঘেলোৱাৰ বাবে বন্ধ্যা হ'বলগীয়া ইত্যাদি নানান কুৎস্যা-ৰটনা ৰটিবলৈ ধৰিলে। আনকি তেজীমলাকো লক্ষ্য কৰি মাউৰা লʼৰা পানীৰামৰ সৈতে তেজীমলাৰ জাগি উঠা পৱিত্ৰ প্ৰেমকো শাওনীয়ে কলুষ-কালিমাৰে ওপচাই পেলালে। সুমিত্ৰা বিচলিত হৈ পৰিল। এইগৰাকী মাহীআই তেজীমলা প্ৰতি 'চকুৰ কুটা দাঁতৰ শাল' সদৃশ সাধুকথাৰ মাহীআই নহয় এইগৰাকী মাহীআইৰ বাবে তেজীমলা 'চকুৰ মণি আচলৰ ধন'। সেয়েহে দেউতাক বণিজলৈ যোৱা অৱস্থাত সৃষ্ট অনাকাংক্ষিত অৱস্থাৰ পৰা জীয়েকক বচাই ৰাখিবৰ বাবে মোমায়েকৰ ঘৰলৈ পঠিয়াই দিছে। হ'লেও সুমিত্ৰা মানসিকভাৱে ভাঙি পৰিল। এনে অৱস্থাত শাওনী আৰু বতাহীয়েই ষড়যন্ত্ৰ কৰি সুমিত্ৰাৰ মগজু তেজীমলাৰ বিপক্ষে কটু-কথাৰে ওপচাই পেলালে। সুমিত্ৰাই দিক্-বিদিক্ হেৰুৱাই তেজীমলাই ব্যৱহাৰ কৰা বয়-বস্তু, পেৰা আদি ঢেকীথোৰাৰে ভাঙি নৈত উটুৱাই দিয়ে। সমস্ত দোষৰ বাবে নিজকে দোষী সজাই মানসিক ভাৰসাম্য হেৰুওৱাৰ উপক্ৰম হয়। এনে পৰিস্থিতিৰ মাজতে এদিন মঙলাই তেজীমলাক মোমায়েকৰ ঘৰৰ পৰা লৈ আহেগৈ। তেজীমলাক তেনেদৰে দেখি মাহীমাক সুমিত্ৰা অধিক কাতৰ হৈ পৰে পৰে পাছত বণিজৰ পৰা ঘূৰি অহা ভোগেশ্বৰৰ আগতো "হে'ৰি, মই মহা পাতকিনী। মোক শাস্তি দিয়ক। তাইক মাৰি লৈ মই এদিনো ভালকৈ শুব পৰা নাই জানেনে? মোৰ বুকুখন তাই তেনেই উদং কৰি থৈ গুচি গ'ল।"— এইবুলি সৈ কাঢ়ে। ক্ৰমশঃ মানসিক ভাৰসাম্য হেৰুৱাই সুমিত্ৰা ক্ৰমে ক্ৰমে 'কাঠৰ মূঢ়া'লৈ পৰিণত হয়।
দৰাচলতে বতাহী আৰু শাওনীৰ মানসিক অৱস্থা তথা তেওঁলোকৰ কাম-কাজকো আমি সমকালীন সামাজিক-সাংস্কৃতিক পৰিৱেশৰ পৰা নিলগাই চাব নোৱাৰোঁ। নিৰাপত্তাহীনতাত ভোগা সম্বলহীন নাৰীৰ দুগৰাকীৰ বাবে উচিত বুলি ভাবিব পৰাকৈ বেলেগ পথ এটা নাই। সেইবাবে দুয়োজনীয়ে একেলগে ভোগেশ্বৰৰ ভোগৰ সামগ্ৰী হ'বলৈ কুণ্ঠাবোধ কৰা নাই। এই চেতনা সিহঁতৰ পুতৌজনক অৱস্থাটোৰ পৰাই উদ্ভূত। কিন্তু শাওনীৰ সপোন পূৰণ নহ'ল। কিয়নো বগীৰামে নিজৰ দেউতাকৰ পৰিচয় বিচাৰি শেষত গৈ বতাহীতে চাপিলগৈ।
উপন্যাসখনত কেৱল পুৰুষেই নাৰীক শোষণ কৰা নাই। নাৰীৰ প্ৰতি নাৰীৰ হিংসা-ঈৰ্ষাৰ ছবি এখনো ফুটি উঠিছে। স্বাৰ্থ সিদ্ধিৰ বাবে বতাহী আৰু শাওনীয়েই নিজৰ দৰে এগৰাকী নাৰী সুমিত্ৰাৰ কুৎস্যা-ৰটনা কৰিব পাৰিছে। পুৰুষৰ দ্বাৰা নাৰীৰ নিৰ্যাতনৰ ছবিখনৰ স্বৰূপো উপন্যাসখনত সুকীয়া। সমকালীন সমাজৰ পৰা নিলগাই ইয়াক বিচাৰ কৰিব নোৱাৰি। ক্ষমতাৰ বাবেই অৱস্থাসম্পন্ন ভোগেশ্বৰে বতাহীৰ মাক-দেউতাকক হাত কৰি গাভৰু কালতে তাইক নষ্ট কৰিছে। ধনী শ্ৰেণীৰ হাতত সৰ্বহাৰাৰ সকলো পিনৰ পৰা শোষণ-নিষ্পেষণৰ এনে দৃষ্টান্তই সাম্যবাদী দৃষ্টিৰেও উপন্যাসখন বিশ্লেষণ কৰাৰ অৱকাশ দিয়ে। মঙলা, হাতীৰ মাউত ৰাতিয়া, পমী, সুভদ্ৰাৰ দৰে চৰিত্ৰসমূহ সৰ্বহাৰা শ্ৰেণীৰ প্ৰতীক। সদাগৰৰ ঘৰত গা-নাখাটিলে সিহঁতৰ পেট নভৰে। শাওনীৰ চাৰিত্ৰিক স্খলনো এই দৃষ্টিৰে গ্ৰহণযোগ্য।
ভোগেশ্বৰ ভাত খাই কাঁহীৰ দাঁতিত এমুঠি এৰি থৈ নাহিলৈ লঘোণে থকা সাদৰীয়ে নিজৰ স্বামী ভোগেশ্বৰৰ চাৰিত্ৰিক স্খলন চকুৰ সমুখতে দেখিও প্ৰতিবাদ কৰিব পৰা নাই। সুমিত্ৰাও সেই একে সাঁচতে ঢলা। ইয়েই যুগ যুগ ধৰি পুৰুষতন্ত্ৰৰ ওচৰত শোষিত হৈ অহা নাৰী-নিৰ্যাতনৰ চৰম ৰূপটোক ফুটাই তোলে। বতাহী আৰু শাওনীও শোষিত। শাওনীৰ মঙহৰ জুতি ল'বলৈ খেপ লৈ আছিল ভোগেশ্বৰেই। স্বয়ং শাওনীৰ গিৰিয়েকে ঠগীৰামেই শাওনীক 'বলিৰ পঠা' সজাই ভোগেশ্বৰক শাওনীৰ সতীত্ব হৰণ কৰি লোকচক্ষুৰ সমুখত ঠগীৰামৰ পুৰুষত্ব ৰক্ষা কৰিবলৈ খাটনি ধৰিছিল। অৱশ্যে ইয়াৰ আগতেই প্ৰকাৰান্তৰে এই কথা ভোগেশ্বৰে নিজেই শাওনীক কৈছিল। কিন্তু পতিব্ৰতা শাওনীয়ে তাক সজোৰে প্ৰত্যাখ্যান কৰিছিল। শাওনীয়ে পানী নিবলৈ আহোতে ভোগেশ্বৰে নৈৰ কানলৈ মুখ ঢাকি আহি বলেৰেহে সম্পৰ্ক স্থাপন কৰিছিল। পাছত শাওনী যদিও ভোগেশ্বৰৰ চাঙত উঠিছে সেয়া অৰ্থনৈতিক নিৰাপত্তাৰ বাবেহে।
'তেজীমলাৰ সাধু'টোত তেজীমলাৰ মাহীমাকক সাধাৰণীকৰণ কৰি কোনো এগৰাকী মাহীমাকৰ নিষ্ঠুৰতাক সকলো মাহীমাকৰ নিষ্ঠুৰতাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছে। কিন্তু ঔপন্যাসিক মৃদুল শৰ্মা যুক্তিবাদী। তেওঁ যুক্তি আৰু মনঃস্তাত্বিক বিশ্লেষণেৰে আধুনিক কালৰ যুক্তিৰ পৃথিৱীখনৰ লগত খাপ খোৱাকৈ মাহীআই চৰিত্ৰটোক উজ্জীৱিত কৰি তুলিছে। ই শতিকা যুৰি সাধাৰণীকৰণ কৰি একে দৃষ্টিৰে চাই অহা মাহীমাক সকলৰ প্ৰতি একপ্ৰকাৰৰ ন্যায়। অৱশ্যে উপন্যাসখনত মাহীমাকৰ তুলনাত ভোগেশ্বৰৰ জীৱনৰ বিচিত্ৰতাইহে সৰহখিনি ঠাই অধিকাৰ কৰিলে। বাৰু যি হওক, সামগ্ৰিক বিচাৰেৰে অসমীয়া লোককথা পৰম্পৰাৰ তেজীমলাৰ মাহীমাকৰ mythটোৰ পুনৰ নিৰ্মাণ অৰ্থাৎ যুগ যুগ ধৰি সমাজে সাধাৰণীকৰণ কৰি মাহী আইগৰাকীৰ জীৱন-যাতনাক উপলব্ধি যোগ্য কৰি তোলা; উপন্যাসখনৰ মাধ্যমেৰে সাধুকথাৰ দৰে নীতিশিক্ষা প্ৰদানৰ দৃষ্টান্ত দাঙি ধৰা আৰু কথনশৈলীৰ পিনৰ পৰা উজনি অসমৰ কথিত লোকভাষাৰ ব্যৱহাৰে উপন্যাসখন মহিমামণ্ডিত কৰি তুলিছে।
শেষত বিদেশত চাকৰি কৰিবলৈ ওলোৱা নাৰী গৰাকীয়ে কʼৰবাত পৰম্পৰাগত অসমীয়া সমাজৰ বেহু ভেদ কৰিব পাৰিছে। ঔপন্যাসিকে কথক হিচাপে তেওঁৰ সন্তানক কৈ থকা এই গোটেই উপন্যাসৰ কাহিনীটোৱে এইখিনিতে প্ৰতীকাত্মক স্থিতি গ্ৰহণ কৰিছে। যেন এই কাহিনীটোও এটা সাধু, যাৰ মাধ্যমেৰে 'শাওনী-বতাহী-ভোগেশ্বৰ-বগীৰামেৰে ভৰি থকা জগৎখন', 'সুমিত্ৰাৰ নিচিনা মনস্তাত্বিক সমস্যাত ভোগা' বিচিত্ৰ মানুহৰ মাজত নিজৰ দায়িত্ব নিজেই লৈ থাকিব পৰাৰ শিক্ষা বক্তাই কৌশলেৰে প্ৰদান কৰিছে। ই যথাৰ্থ। কিয়নো সাধুকথাৰ এটা প্ৰধান লক্ষণেই হৈছে নীতিশিক্ষা প্ৰদান কৰা। সেইবাবেই লোক-কথাবোৰ 'দহৰ জ্ঞান একৰ বাণী'।
প্ৰসংগসূত্ৰঃ
দেৱী, জাহ্নৱীঃ প্ৰচলিত সাধুৰ নতুন পাঠ 'তেজীমলাৰ মাকৰ সাধু'; একবিংশ শতিকাৰ অসমীয়া উপন্যাসঃ দত্ত, জয়ন্ত, শইকীয়া গীতাশ্ৰী (সম্পা.), পৃ. ৫৭৪-৫৮০
শৰ্মা, মৃদুলঃ তেজীমলাৰ মাকৰ সাধু, আঁক-বাকঃ গুৱাহাটী, ৩য় প্ৰকাশ, ২০২৩
শৰ্মা, শশীঃ অসমৰ সাধুকথা, পৃ. ৮১
ঠিকনাঃ
তেজপুৰ বিশ্ববিদ্যালয়
অসমীয়া বিভাগ
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক।
আন্তৰিক ধন্যবাদ জনাইছোঁ।
তোমাৰ লেখাটোৰ প্ৰাপ্তি স্বীকাৰ কৰিছোঁ।
তোমাৰ লেখাই আমাৰ গ্ৰন্থখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি আশা কৰিছোঁ।
আগলৈয়ো সহায় সহযোগিতা আন্তৰিকতাৰে কামনা
কৰিছোঁ। ধন্যবাদ।
Show quoted text
Comments
Post a Comment