চুমী+ৰাজেনৰ উমৈহতীয়া কবিতা
অপূর্ণ বাসনা
দুৱাৰদলিত নতুনৰ এয়া সুকণ্ঠি বৰষ যদিও
আমাৰ মন যে সুললিত হৰষ
সকলোফালেই আনন্দময়ৰ কল্লোল
তথাপিও যেন আমাৰ মনত পূৰণ হ'বলৈ
আছে বাকী বহু অলিখিত গাঁথা...
জীৱনে যেন পাব আহি আহি ন কুঁহিপাতৰ পৰশ
আজিৰ এই মসৃণ যাত্ৰাৰ
অবাটৰ বাট যে অশেষ
এই অশেষ যাত্ৰাতে হ'ব পাৰে আমাৰ
যাত্ৰাৰো নৱ নৱ বাঞ্চিত অভিশেষ।
কবিৰ দৰে আমিও যেন বিচাৰি পাম অমিয়া জোকাৰৰ এটি এটি ক্ষণ যেন মুকুতাৰ ধন হেন অৱশেষ।
চুমী সোণোৱাল
৩০-১২-২০২৫
Comments
Post a Comment