অহংকাৰ,৬-১২-২০২৫
অহংকাৰ
মোৰ লক্ষ্যস্থান তুমিও জানা
তোমাৰো লক্ষ্যস্থান ময়ো জানো
ইয়াত লুক-ঢাক কৰিবলৈ একোৱেই নাই
মাথোঁ আছে অহংকাৰ
মাথোঁ আছে স্বাভিমান
মই উদৰ পুৰাই খাওঁ একে উদ্দেশ্যৰেই তুমিও জানা
তুমিও উদৰ পুৰাই খোৱা সেই একেই উদ্দেশ্যৰেই
পাৰ্থক্য মাত্ৰ পৰিমাণৰ
পাৰ্থক্য মাত্ৰ পছন্দ-অপছন্দৰ
মই যি সপোন তিনিপ্ৰহৰে দেখো তুমিও দেখা
তুমি যি সপোন দেখা ময়ো জানো
তফাৎ ৰুচিৰ
তফাৎ অভিৰুচিৰ
ইয়াতো একো সালসলনি নাই
মই য'ত জন্ম লৈছোঁ তুমি জানা
তুমি য'ত জন্ম লৈছা ময়ো জানো
ধৰাতলো একে
জনম কবচো একে
ইয়াতো দেখোন একো বিচাৰি পোৱা নাই
মই যিখিনি ঠাইৰ পৰা আই-বোপাইলৈ ডিঙি মেলি চাই আছোঁ
তুমিও একেই হেপাঁহেৰে সতৃষ্ণ নয়নভৰি চাই আছা জনম মাতৃ-পিতৃক
ইয়াতেই মাত্ৰ এটা অহংকাৰ লুকাই আছে
তুমি তোমাৰ অহংকাৰ এৰিব নোৱাৰি এদিন চিঞৰত গছৰ পাত সৰোৱাই থাকিলা
আৰু মই এতিয়াও শুষ্ক জলবায়ুতে নাঙলৰ ফালে ফলা বসুমতীৰ কান্ধত কান্ধ মিলাই থানুৱা সীতাক বিচাৰিয়েই থাকিলোঁ...
Comments
Post a Comment