লাভা
মেঘাচ্ছন্ন ডাৱৰৰ চপৰা ভাঙি
কোনোবা আহিছে
টোপাল টোপালকৈ লাভাৰ দৰে গোটমাৰিও আহিছে
প্ৰকৃতিৰ মনোমোহা বুকু লৈ
তেওঁ মৰমৰ 'বৰষা' হৈ
তোমাৰ আগমনৰ বাতৰিত
প্ৰাণৱন্ত হৈ উঠিছে চৌপাশ
চেতনাহীন খৰাং পৃথিৱীৰ জৰায়ু
আনন্দত বিহ্বল হৈ
সলাইছে ইযোৰৰ পিছত সিযোৰ পোছাক
পিন্ধিছে শ্যামলী বৰণ
মাৰিছে প্ৰাণোচ্ছল হাঁহি ...
'বৰষা'
তুমি প্ৰকৃতিৰ প্ৰাণ
জুৰিৰ কুলু কুলুকৈ নিগৰি নিজৰি বৈ অহা সুৱদিসুৰীয়া গান
তুমিয়েই চোন বৰষুণৰ ওৰণি
সেয়ে হয়তো মৰহিব খোজা
মোৰ ৰক্তজৱা গোলাপৰো এমুঠন প্ৰাণ...
ড°হিৰকজ্যোতি দিহিঙ্গীয়া
ৰাজেন দাস
৯-১০-২০২৫
Comments
Post a Comment