তুলসী ছাৰলৈ
দোৰোণ ফুল
মই দেখা নাই তেনে ছাঁয়া
যি কেৱল ওখ নহয় বিস্তৃতও
মই গিলিছোঁ শব্দ,শব্দৰ লগত অৰ্থ আৰু গূঢ়তত্ব
এই অৰ্থ যে অভিনৱ
এতিয়া শোকাৰ্ত হৈ আছোঁ
দহি বাটিব পৰা নাই
বাটিলেও উঘাৰ শলা নুঘূৰে নানাচে
সানি পুতুকি খাব পৰা নাই এসাঁজ
চিতা জুই চুৰি কৰি কবি হোৱা
কবিৰ শূণ্যতাই ৰেপি ৰেপি চেপি চেপি উলিয়াব বিচাৰে খালী ঘৰৰ তালিকা
আকৌ এবাৰ ভাবিছোঁ কি এৰি থৈ আহিলো
কত কি শব্দ পিহিলো
গাঁথিব বিচাৰিছিলোঁ শব্দৰ এখনি চিনাকি ঘৰ
তধা লাগি দোৰোণ ফুলখিনিৰ কাষতে খিলখিলাই ৰ'লো
মই এতিয়া উভতিব নোৱাৰোঁ
য'ৰ পৰা এবাৰ আহিছিলোঁ
এতিয়া উভতিছোঁ য'ত আছিলোঁ
সিদিনা ফিকাচাহকাপৰ চুমুকে চুমুকে পুৱাৰ ৰঙীণ মুখখন উজলাই তুলিছিলে
এতিয়া মোৰ কোনো অনুভূতিৰ লগত মিতিৰালি নাই নে
তথাপি আকাশী গংগা নাই নালাগে
নালাগে পালতৰা নাৱৰীয়াৰ ৰং
বগে ঢকেঢকি বালিচ'ৰাত বহি বুটলি ল'ম ৰং
একোবত চাই ৰ'ম
বালিমাহীৰ খং
( তুলসী ছাৰলৈ)
Comments
Post a Comment