সমুদ্ৰ
আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ইংৰাজী আৰু সৃষ্টিশীল লেখাৰ সহযোগী অধ্যাপক আৰু আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লিখন কাৰ্যসূচীৰ সঞ্চালক ড° আৰুণি কাশ্যপ ছাৰক লৈ এখন ছবি পাৰ্থ প্ৰতিম দাস সখাই অংকন কৰিছে। কাশ্যপ ছাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ সৌ সিদিনা (২০-০৬-২০২৫, ইন্দিৰা মিৰি প্ৰেক্ষাগৃহ) ত লগ পাইছিলোঁ। অসমৰ প্ৰেক্ষাপটৰ গৈ বিশ্বৰ বুকুত খোদিত কৰিবলৈ চেষ্টা কৰি থকা আৰুণি কাশ্যপ ছাৰ নি:সন্দেহে নতুনৰ বাবে প্ৰেৰণা। অসম আৰু ভাৰতৰ আৰু বিশ্বৰ বুকুত সাহিত্যৰ তুলনামূলক দৃষ্টিভংগীৰ প্ৰসংগ আৰু বিশেষকৈ সাহিত্য উদ্যোগক বিকাশ ঘটাবলৈ অহৰহ সংবাদ মাধ্যম বা আন আন সাক্ষাৎকাৰত মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। নতুন লেখকক আগুৱাই আহিবলৈ টিপ্পনীও দি থকা দিশটো মোৰ দৰে নতুন শিকাৰুৰ বাবে বা আমাৰ দৰে নতুনসকলৰ বাবে অতি দৰকাৰী।
ছাৰৰ ব্যক্তিত্বৰ আধাৰত এখন ছবি অংকন কৰিবলৈ সখাই প্ৰয়াস কৰিছে। ছবিখনৰ শিল্পী -
প্ৰাৰ্থ প্ৰতিম দাস
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন কেন্দ্ৰ
প্ৰাক্তন ছাত্ৰ
*সমুদ্ৰ*
সমুখৰ পৰা সমুদ্ৰ মোৰ ভাল নালাগে
তাতেই মোৰ দৌৰাদৌৰি বুলি একো নাই
চাই থাকিলেও বুজি নাপাওঁ
সাগৰীয় শিতল চেঁচা বতাহ
ঢৌৱে ঢৌৱে লুণীয়া পানীখিনিৰ লগতো মোৰ মিতিৰালি নাই
নাই
ন
আ
ই
কোনো
এ
ক
আ
এ
ন
আ
ইমান দূৰলৈকে ময়ো চাব বিচাৰোঁ
হাঁহি এটি লৈ
বিশ্বৰ বুকুত খোদিত কৰিব খোজোঁ
মোৰ আইৰ
মানচিত্ৰ
ম
আ
ন
ই
চ
ত
ৰ...
ৰাজেন দাস
গৱেষক ছাত্ৰ
অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
চলভাষ-৯১০১২২১৪৩৬
২৮-০৭-২০২৫
Comments
Post a Comment