অৱসৰী
বৰ্তমান সময়ত বিজেপি শাসনাধীন চৰকাৰে কাৰ্যনিৰ্বাহ কৰি আছে। বিভিন্ন সময়ত তেওঁলোকৰ কাৰ্য-ক্ৰমণিকা সন্দৰ্ভত সামাজিক মাধ্যম, চৰকাৰী মাধ্যমসমূহত বিজ্ঞাপন প্ৰকাশ কৰি আহিছে। সম্প্ৰতি অসমৰ বহু মহাবিদ্যালয়ত স্বায়ত্বশাসিতলৈ পৰিবৰ্তন হৈছে আৰু গৱেষণাৰো কাম আৰম্ভ হ'বলৈ ধৰিছে। বিষয় আৰু ক্ষেত্ৰ অনুযায়ী একোখন বিশ্ববিদ্যালয়ত বহু ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰি থাকে। জীৱনৰ বহুমূলীয়া সময় খৰছ কৰি তেওঁবিলাকে নিৰ্দিষ্ট একোটা বিষয়ত গৱেষণা কৰি থাকে। এই সময়ছোৱাত তথ্য সংগ্ৰহ, অৰ্থনৈতিক সংকটকে আদি কৰি বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হয়।কোনোবাই নেট/শ্লেট/জেআৰএফ উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা পাঁচবছৰীয়া জলপানি লাভ কৰে। উক্ত সময়তে গৱেষণাৰ তত্বাৱধায়ক আৰু বিভাগৰ অন্যান্য অধ্যাপকৰ সৈতে আলোচনাত মিলিত হৈ অপ্ৰকাশিত বিষয় এটি বিচাৰি গৱেষণা কৰ্ম আৰম্ভ কৰে। এসময়ত বিষয়টিৰ পঞ্জীয়ন হয় আৰু পৰৱৰ্তীকালত গৱেষণাৰ অগ্ৰগতি হ'বলৈ আৰম্ভ কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত গৱেষকে গৱেষণাৰ তত্বাৱধায়কৰ দিহা-পৰামৰ্শ আৰু পুথিভঁৰালৰ গ্ৰন্থ অধ্যয়ন, ক্ষেত্ৰ বন্ধু আৰু নিৰ্বাচিত বিষয়ত গৱেষণাৰ তথ্য আহৰণ কৰি উক্ত গৱেষণা কাৰ্য সম্পন্ন কৰিবলৈ চেষ্টা কৰে। গৱেষণা কৰ্মৰ স্বীকৃতিস্বৰূপে বিশ্ববিদ্যালয়খনে চূড়ান্ত মৌখিক সাক্ষাৎকাৰৰ পিছতেই ডক্টৰেট বুলি ঘোষণা কৰে। তেতিয়াৰ পৰা বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত খালী হোৱা পদৰ বাবে সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাব লাগে। ইমানখিনি প্ৰক্ৰিয়া সমাপ্ত কৰি যদি সেই সহকাৰী অধ্যাপক পদৰ বাবে মুকলি হোৱা বিজ্ঞাপনৰ পদখিনি অৱসৰীসকলক আকৌ নিযুক্তিৰ বাবে ব্যৱস্থা লয় তেতিয়া সেই ছাত্ৰ-ছাত্ৰীখিনিৰ ভৱিষ্যত কি হ'ব। এবাৰ ভাবিছেনে?অভিজ্ঞতা এদিন দুদিনতে অহা কথা নহয়। ইয়াৰ বাবে বহু অপেক্ষা কৰিব লাগিব। নতুনক বাট মুকলি কৰক। তেওঁবিলাকেও এদিন অভিজ্ঞতাৰে সমৃদ্ধিশালী হ'ব। চৰকাৰলৈ এয়া মোৰ বিনম্ৰ অনুৰোধ যে অৱসৰী শিক্ষকক নিযুক্তি দিবলৈ বিচৰা হঠকাৰী সিদ্ধান্ত বাটিল কৰিব লাগে। আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনিৰ মূল্য দিবলৈ ব্যৱস্থা গ্ৰহণ কৰক। এই সন্ধিক্ষণত
অসমৰ সন্মানীয় অৱসৰী অধ্যাপকসকলেও যদি নতুনক বাট এটি মুকলি কৰি দিয়ে তেওঁলোকেও এক দৃষ্টান্ত হিচাপে ৰৈ যাব পাৰে।
শেষত আশা কৰিম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ অনুৰোধ ৰক্ষা কৰি এক সু-ব্যৱস্থা হাতত ল'ব। ধন্যবাদ।
ৰাজেন দাস
গৱেষক
অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
চলভাষ-৯১০১২২১৪৩৬
Asom Aditya ePaper : 28-07-2025 | দেশ-জাতিৰ অতন্দ্ৰ প্ৰহৰী Page: 10 - Asom Aditya https://share.google/DKTinBfaBTwEq4kkh
Comments
Post a Comment