ব্ৰহ্মপুত্ৰ

ব্ৰহ্মপুত্ৰ 

যোগেন্দ্ৰনাথ শৰ্মা 


ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন পৰিষদে ব্ৰহ্মপুত্ৰ শীৰ্ষক গ্ৰন্থখন২০১৮ চনত প্ৰথম প্ৰকাশ কৰি উলিয়ায়। গ্ৰন্থখনত মুঠ ১২টা অধ্যায় আছে। ব্ৰহ্মপুত্ৰৰ পৰিচয়,গতিপথ,নদী প্ৰণালী, বৈশিষ্ট্য,ভূতত্ত্ব,ভূ-আকৃতি, অৱবাহিকাৰ জলবায়ু,নদৰ প্ৰক্ৰিয়া,জলভূবিজ্ঞান, অৱবাহিকাৰ প্ৰাকৃতিক সম্পদ, প্ৰাকৃতিক দুৰ্যোগ আৰু নদীপথৰ গতি পৰিৱৰ্তন, দুৰ্যোগ প্ৰতিৰোধ ব্যৱস্থা, জলসম্পদৰ ব্যৱহাৰ আৰু কেইটামান প্ৰাসংগিক কথা আদি দিশসমূহ আলোচনা আগবঢ়াইছে।


গ্ৰন্থখনৰ বাচনি আৰু গুৰুত্ব সম্পৰ্কে এঠাইত স্পষ্ট কৰা হৈছে -

"মানৱ -জাতিৰ বিশাল জ্ঞান -ভাণ্ডাৰৰ একো-একোটা সুনিৰ্দিষ্ট বিষয়ত অসমীয়া ভাষাত একো-একোখন স্বয়ংসম্পূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰি অসমত জ্ঞান -চৰ্চাৰ এক গতিশীল পৰিৱেশ গঢ়ি তোলাই এইলানি গ্ৰন্থৰ ঘাই উদ্দেশ্য। মানৱ-সভ্যতাৰ বিকাশ আৰু বিৱৰ্তনত দিক-নিৰ্ণায়ক বুলি বিবেচিত হোৱা বিষয়বোৰৰ মাজৰপৰাই এইলানি গ্ৰন্থৰ বিষয়বোৰ নিৰ্বাচন কৰা হৈছে। লগতে এনে কেইটিমান বিষয়ো বাছি লোৱা হৈছে যিকেইটাৰ অসম আৰু উত্তৰ-পূব ভাৰতৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। বিষয় বাছনিৰ ক্ষেত্ৰত বিষয়ৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ লগতে অসমীয়া ভাষাত তেনে বিষয়ৰ গ্ৰন্থৰ অভাৱৰ দিশতো গুৰুত্ব দিয়া হৈছে।"(ড° অলক কুমাৰ বুঢ়াগোহাঁই, উপাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়)

ব্ৰহ্মপুত্ৰৰ সন্দৰ্ভত গৱেষণা আৰু অধ্যয়ন সন্দৰ্ভত পোৱা গৈছে -

"অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ ওপৰত সৰহভাগ গৱেষণা নদীখনৰ একোটা সৰু অংশতেই সীমাবদ্ধ, অৰ্থাৎ ডুখৰীয়া বিধৰ। পূৰ্বতে এনে এটা ধাৰণা আছিল যে নদীৰ অধ্যয়ন মাত্ৰ ভূগোলবিদসকলৰহে কাম। বিংশ শতিকাৰ আশীৰ দশকত ভূগোলবিদ ড° দুলাল চন্দ্ৰ গোস্বামীয়ে যুক্তৰাষ্ট্ৰত থাকি প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰ নদীখনৰ কিছুমান বিষয়ৰ ওপৰত বিস্তৃত অধ্যয়ন কৰিছিল। কিন্তু এজন ভূতত্ত্ববিদ হোৱা সত্বেও তাৰ আগতেই আমাৰ অনুৰাগী নদী অধ্যয়নৰ ফালে ঢাল খাইছিল। সেয়েহে বিগত শতিকাৰ সত্তৰৰ দশকৰ মাজভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাকৰিত যোগদান কৰাৰ পাছত গতানুগতিক ভূতাত্ত্বিক বিষয়বস্তুৰ লগতে ব্ৰক্ষ্মপুত্ৰ আৰু ইয়াৰ কিছুমান উপনৈৰ গৱেষণাৰ কাম ঢৌতে খৰ মাৰি চলাই থকা হ'ল আৰু বিগত চাৰিটা দশকত কৰি অহা তেনেকুৱা অধ্যয়নৰ ফল বৰ্তমানৰ এই 'ব্ৰহ্মপুত্ৰ' কিতাপখন।"(লেখকৰ একাষাৰ)

নদীখনৰ প্ৰাচীনতা আৰু লিংগৰ দিশত লেখকে উল্লেখ কৰিছে -

"আকাৰৰ ফালৰ পৰা ই বিশ্বৰ দ্বিবিংশতম নদী, কিন্তু অৱবাহিকাৰপৰা জল উৎপাদনৰ ক্ষেত্ৰত ই প্ৰথম। ইফালে ভূতাত্ত্বিক দিশৰ পৰা নদীখন পৃথিৱীৰ সকলোবোৰ ডাঙৰ নদীৰ ভিতৰত অন্যতম নুমলীয়া। হয়তো সেইবাবে ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতাক সমীহ কৰি ইয়াক সুপ্ৰাচীন কালতে পুৰুষবাচক শব্দ 'নদ' বুলি বিবেচনা কৰা হৈছিল আৰু বৰ্তমানে ইয়াক 'প্ৰবাহিত সমুদ্ৰ ' বুলি আখ্যা দিয়া হয়। ভাৰতীয় পৰম্পৰা মতে একমাত্ৰ নৰ্দমাৰ বাহিৰে আনবোৰ পশ্চিমবাহিনী নদী পুংলিংগ, সেয়েহে ব্ৰহ্মপুত্ৰ এখন নদ।"(ব্ৰহ্মপুত্ৰ,পৃ.১৩)


নদীখনৰ সম্পৰ্কত পৌৰাণিক গ্ৰন্থত কিদৰে উল্লেখ কৰা আছে। পৌৰাণিক সাহিত্য যেনে -মহাভাৰত, পুৰাণ,মাৰ্কেণ্ডেয় পুৰাণ,বায়ুপুৰাণ,হস্তাৰ্য়ুবেদ,কালিদাসৰ ৰংঘুবংশম, মনু সংহিতাত নদীখনৰ সন্দৰ্ভত উল্লেখ থকা দিশসমূহৰ বিষয়ে আলোচনা আগবঢ়াইছে। উদাহৰণ স্বৰূপে -

"ড° মুকুন্দ মাধৱ শৰ্মাই লিখা মতে লৌহিত্য নামটো মহাভাৰত কাব্যত পোন প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছে। লৌহিত্যই ম্লেছৰজাৰ বাসভূমিৰ‌ এটা অঞ্চলক বুজাইছে বুলি মহাভাৰতৰ সভাপৰ্বত(৩০,২৬-২৭) পোৱা যায়।" (উল্লিখিত,পৃ.১৪)

গ্ৰন্থখনৰ দ্বিতীয় অধ্যায়ত ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু নদী প্ৰণালী সম্পৰ্কে আলোচনা কৰি হৈছে। ইয়াত উৎসৰ পৰা পিণ্ডজলিঙলৈ, পিণ্ডজলিঙৰপৰা গ্যাৎছা জং,গ্যাৎছা জঙৰপৰা মংকুলৈ,মংকুৰ পৰা পাছিঘাটলৈ, পাছিঘাটৰ পৰা লাইকাঘাটলৈ, লাইকাঘাটৰ পৰা দিহিংমুখ, দিহিংমুখৰ পৰা ধনশিৰিমুখলৈ, ধনশিৰিমুখৰ পৰা পাণ্ডুলৈ, পাণ্ডুৰপৰা ধুবুৰীলৈ, ধুবুৰীৰ পৰা গোৱালণ্ডোলৈ আদি। ব্ৰহ্মপুত্ৰৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত তিব্বত, ভাৰত আৰু বাংলাদেশত কেনেকুৱা সেইসমূহ গ্ৰন্থখনত পৃথক পৃথকৈ আলোচনা কৰিছে। যেনে -অসমৰ ব্ৰহ্মপুত্ৰৰ উপনৈবোৰৰ বৈশিষ্ট্যৰ দিশত গুম্ফিত,সৰল,নৈৰ অৱবাহিকা কঠিন শিলেৰে গঠিত আৰু সৰ্পিল গতিপথ আদি দিশৰ উল্লেখ কৰা হৈছে।

ভূতত্ত্ব আৰু ভূ-আকৃতি শীৰ্ষক চতুৰ্থ অধ্যায়ত 

ভূতত্ত্ব,ভূকম্পনপ্ৰৱণতা, ভূ-আকৃতি, চৰ-চাপৰি, ব্ৰহ্মপুত্ৰৰ পাৰৰ প্লাৱনভূমিৰ ভূ-আকৃতি আৰু ব্ৰহ্মপুত্ৰৰ ৬৪খন ঠাইত জোখা গুম্ফিত সূচকৰ সৰ্বোচ্চ, সৰ্বনিম্ন আৰু গড় মানৰ তালিকা আদি তথ্য সন্নিৱিষ্ট কৰিছে। 

অধ্যায় পঞ্চমটোৰ শিৰোনাম 'ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ জলবায়ু '। ইয়াত জলতৰ বিজ্ঞান, ব্ৰহ্মপুত্ৰৰ নদীৰ অৱবাহিকাৰ জলতৰবিজ্ঞানৰ তাৰতম্যৰ কাৰণসমূহ, এছিয়াৰ জলবায়ু মণ্ডলবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ অৱস্থানক সূচাবলৈ এখন মানচিত্ৰ সন্নিবিষ্ট, জলবায়ুৰ প্ৰকাৰ আৰু তাৰতম্য, পাৰ্বত্য অঞ্চলৰ জলবায়ু, ক্ৰান্তীয় মৌচুমী জলবায়ু, জলবায়ুৰ ঋতু(শীত, গ্ৰীষ্ম,বৰ্ষা,শৰৎ)জনিত জলবায়ু, ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ ভিতৰত উত্তৰ -পূব ভাৰতৰ সমবৃষ্টি ৰেখাচিত্ৰ অংকন, ব্ৰহ্মপুত্ৰত বানপানী সৃষ্টি কৰা প্ৰবল বৰষুণৰ ঘটনাৰ সংখ্যাৰ এখন তালিকা আদি দিশৰ আলোচনা কৰা হৈছে।

অধ্যায় ষষ্ঠ ৰ শিৰোনাম ব্ৰহ্মপুত্ৰ নদৰ প্ৰক্ৰিয়াসমূহৰ ভিতৰত জলৰ প্ৰৱাহ আৰু গেদ প্ৰৱাহৰ বিষয়ে আলোচনা কৰা হৈছে। তিব্বত আৰু ভাৰতৰ কেইটামান কেন্দ্ৰত জোখা ব্ৰহ্মপুত্ৰৰ এটা বছৰৰ জলপ্ৰৱাহৰ পৰিমাণৰ ৰেখাচিত্ৰ, বেচামৰা কেন্দ্ৰত ১৯৭৮ আৰু ১৯৭৯ চনত জোখা ব্ৰহ্মপুত্ৰৰ জলপ্ৰৱাহ আৰু গেদপ্ৰৱাহৰ এক আৰু ততোধিক চূড়াযুক্ত ৰেখাচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে।



গ্ৰন্থখনত অসমৰ চাৰিটা কেন্দ্ৰত জোখা ব্ৰহ্মপুত্ৰৰ মাহিলী জলপ্ৰৱাহৰ পৰিমাণ (শতাংশ হিচাপত)ৰ তালিকা,জলপৃষ্ঠৰ ক্ষেত্ৰত অসমৰ ছটা কেন্দ্ৰত জোখা ব্ৰহ্মপুত্ৰৰ সৰ্বোচ্চ জলপৃষ্ঠ আৰু বিপদ সীমাৰ উচ্চতাৰ তালিকা প্ৰস্তুত কৰা হৈছে। গেদ আৰু গেদ পৰিবহণৰ প্ৰসংগ আৰু ব্ৰহ্মপুত্ৰ নদীয়ে উচ্চ হাৰত গেদ কঢ়িয়াই অনাৰ কাৰণসমূহ উল্লেখ কৰিছে। তাৰে ভিতৰত এটা হৈছে -

ব্ৰহ্মপুত্ৰই নিজে আৰু ইয়াৰ উত্তৰ পাৰৰ উপনৈবোৰ হিমালয় পৰ্বতৰ কোমল গেদীয় শিলৰ মাজেৰে বৈ আহিছে। সেইবাবে তেনে শিলবোৰক বৰষুণে সহজে উটুৱাই নিয়ে। আৰু লগতে নদীবোৰে শিল খান্দি অনা গেদৰ পৰিমাণো যথেষ্ট বেছি হয়।"(উল্লিখিত,পৃ.১০০)


গ্ৰন্থখনত জলভূবিজ্ঞান, ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ প্ৰাকৃতিক সম্পদ, অধ্যায়টোৰ সৈতে জড়িত তালিকা,৯নং অধ্যায়ৰ শিৰোনাম হৈছে 'প্ৰাকৃতিক দুৰ্যোগ আৰু নদীপথৰ পৰিৱৰ্তন '। এই অধ্যায়ত ব্ৰহ্মপুত্ৰৰ বানপানী,বতৰ,ভূ-প্ৰাকৃতিক, মানৱ ক্ৰিয়াজনিত আদি অসমত বানপানীৰ কাৰণৰ আলোচনা কৰা হৈছে। অধ্যায়টোত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ কাৰণ,তালিকাসহ,গৰাখহনীয়া, মাজুলীৰ গৰাখহনীয়া আৰু পৰশুৰাম কুণ্ড আদিৰ আলোচনা কৰা হৈছে।


দুৰ্যোগ প্ৰতিৰোধ ব্যৱস্থা (ব্ৰহ্মপুত্ৰ উপত্যকাক সামৰি)দহ নং অধ্যায়, ব্ৰহ্মপুত্ৰৰ জলসম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সৈতে সম্পৰ্কিত তালিকা আৰু শেষৰ অধ্যায় ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৈতে জড়িত প্ৰাসংগিক কথা সন্নিৱিষ্ট কৰা হৈছে। যেনে -

ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ অতীত আৰু বৰ্তমানৰ সমন্বয় ক্ষেত্ৰত মহাভাৰত,পুৰাণৰ প্ৰসংগ অনা হৈছে। ব্ৰহ্মপুত্ৰৰ নিচেই কাষৰ পবিত্ৰ স্থানসমূহ যেনে -পৰশুৰাম কুণ্ড,ক'লী আইৰ থান, ছেইণ্ট পল গিৰ্জা,ৰামাখাঁ পীঠ, আজান পীৰৰ দৰগাহ, মাজুলীৰ সত্ৰসমূহ, নেঘেৰিটিঙৰ শিৱ দ'ল, কুৰুৱাবাহী সত্ৰ,দুইমুনি শিল, কামাখ্যা দেৱালয়,বিশ্বনাথ ক্ষেত্ৰ,উনাবন বা উমাটুমনি,কালভৈৰৱ, বামুণী পাহাৰ, মহাভৈৰৱ মন্দিৰ,ভৈৰৱী মন্দিৰ,নৰবলি আৰু বান্দৰদেৱা পৰ্বত , গনেশ ঘাট,মানুহকটা পাহাৰ, কন্যাশ্ৰম, ভৈৰৱপদ দেৱালয়,তিঙ্গেশ্বৰ দেৱালয়,শিঙৰি পৰ্বত, গুণেশ্বৰ(গোপেশ্বৰ), নৱগ্ৰহ দেৱালয়, শুক্ৰেশ্বৰ মন্দিৰ,জনাৰ্দন দেৱালয়, বাণেশ্বৰ লিংগ, কামাখ্যা মন্দিৰ, ভূৱনেশ্বৰ মন্দিৰ, উমানন্দ মন্দিৰ,উৰ্বশী কুণ্ড,ছত্ৰাকাৰ দেৱালয়,কৰ্মনাশা, পাণ্ডুনাথ দেৱালয়,মণিকেশ্বৰ শিৱলিংগ, অশ্বক্ৰান্ত মন্দিৰ ইত্যাদিৰ চমু পৰিচয়, অসমীয়া সাহিত্যৰ পাতৰপৰা পুৰণা ব্ৰহ্মপুত্ৰৰ অৱদানৰ কিছু বিৱৰণ তুলি ধৰিছে। উদাহৰণস্বৰূপে -

" হোমেন বৰগোহাঞিয়ে লিখাৰ দৰে আমাৰ হেৰাই যোৱা এটা যুগ আৰু এটা জীৱন-ধাৰাৰ সাক্ষী হৈ এনে ছবিয়ে বহুতৰে মনত কৰুণ নষ্টালজিয়াবোধৰ সঞ্চাৰ কৰিব। সঁচাকৈয়ে ব্ৰহ্মপুত্ৰ এক জীৱনদায়িনী ফল্গুধাৰা, ইয়াৰ অবিহনে পাৰৰ কেউখন দেশ মৰুভূমিত পৰিণত হ'ব।"(উল্লিখিত,পৃ.১৮৭)

 এই জ্ঞান বিচিত্ৰা গ্ৰন্থমালাত সন্নিবিষ্ট শেষ অধ্যায়টোত ব্ৰহ্মপুত্ৰত নিমাতীঘাটৰ পৰা মাজুলীলৈ ফেৰী চলাচল, যোৰহাটৰ ককিলামুখত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, বাংলাদেশৰ ছিৰাজগঞ্জত 'জিওবেগে'ৰে যমুনাৰ গৰা খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস, ঐতিহাসিক শৰাইঘাট ৰণক্ষেত্ৰৰ ভৌগোলিক অৱস্থান(আহোম সেনা, ইটাখুলি পাহাৰ,খাৰঘূলি পাহাৰ, অশ্বক্ৰান্ত, নৌ যুদ্ধৰ স্থান, মোগল সেনা, নীলাচল পাহাৰ, শৰণীয়া পাহাৰ, ফটাশিল আৰু নৰকাসুৰ পাহাৰ) ৰ আলোকচিত্ৰ তুলি ধৰা হৈছে।

(বি.দ্ৰ-গ্ৰন্থখনত দুই এটা অধ্যায়ৰ আলোচনাৰ পৰিসৰ বৃদ্ধি কৰাৰ থল আছিল)

Comments

Popular posts from this blog

গ্ৰাহক

Curious

ভাষা