প্ৰকাশ আলোচনীলৈ
অনুশোচনা
দেখা নাই হাহাকাৰ
বান্ধিছোঁ দুনয়ন
এতিয়া সেই নয়নেই
দেখিও নেদেখোঁ
দুকাণে উনায়ো নুশুনো
অপৈণত মগজুৱে বুজিও নুবুজোঁ
এনে কিয় হয়
ময়ো নাজানো
আপোনাৰো হয় নেকি
নহ'বও পাৰে
হ'বও পাৰে
মই যেন শিকলিৰে বান্ধ খাই থাকোঁ
প্ৰয়োজনে অপ্ৰয়োজনে
এনেকৈ বহুবছৰ পাৰ হয়
গতানুগতিক
নাই কোনো নতুনত্ব
বোপা ককাৰ কথা
নুশুনি
নুবুজি
নল'লো গম
ন শিকাৰুলৈ ক'তে বা কি থৈ যাম
বুকুত হাত থৈ কিদৰেনো ক'ম
Comments
Post a Comment